নিচাযুক্ত সামগ্ৰীৰ প্ৰচলন আৰু সৰবৰাহ বন্ধৰ দাবীত মুখ্যমন্ত্ৰীলৈ যুৱ -ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ

নিচাযুক্ত সামগ্ৰীৰ প্ৰচলনে অসমৰ নৱপ্ৰজন্মক অন্ধকাৰ ভৱিষ্যতৰ দিশলৈ লৈ গৈছে। ড্ৰাগছৰ কবলত পৰি ইতিমধ্যে বহু লোকৰ মৃত্যু হৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,নগাঁওঃ   অসমৰ পৰা বৰবিহ সদৃশ নিচাযুক্ত সামগ্ৰী সমুলঞ্চে নিৰ্মূল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে। আজি পৰিষদৰ নগাঁও জিলা সমিতিয়ে নগাঁও জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত এই আহ্বান জনাইছে পৰিষদে।

Advertisment

স্মাৰক পত্ৰত উল্লেখ কৰা হৈছে যে ড্ৰাগছৰ প্ৰচলনে অসমৰ নৱপ্ৰজন্মক অন্ধকাৰ ভৱিষ্যতৰ দিশলৈ লৈ গৈছে। ড্ৰাগছৰ কবলত পৰি ইতিমধ্যে বহু লোকৰ মৃত্যু হৈছে। তদুপৰি ড্ৰাগছৰ বাবে মাৰাত্মক এইচ আই ভিৰ সংক্ৰমণ বৃদ্ধি হৈছে।

চৰকাৰৰ ড্ৰাগছ মুক্ত অসমৰ ঘোষণা অসাৰ প্ৰতিপন্ন হৈছে বুলি স্মাৰক পত্ৰত পৰিষদৰ নগাঁও জিলা সমিতিয়ে উল্লেখ কৰে যে ড্ৰাগছৰ বাবে অসমত অপৰাধ জনিত ঘটনা সংঘটিত হৈ আহিছে। নিষিদ্ধ ড্ৰাগছৰ প্ৰচলন,সৰবৰাহ, ব্যৱসায় আদি ৰোধ কৰাত প্ৰশাসন ব্যৰ্থ হৈছে।

স্মাৰক পত্ৰত উল্লেখ  কৰে যে ড্ৰাগছৰ বেহা বন্ধ নকৰিলে ড্ৰাগছে নতুন প্ৰজন্মক প্ৰভাৱিত কৰিব। পৰিষদৰ  নগাঁও জিলা সমিতিৰ সভাপতি প্ৰৱাল শৰ্মা আৰু সাধাৰণ সম্পাদক হেমন্ত দাস স্বাক্ষৰিত স্মাৰক পত্ৰত অসমৰ মুখ্যমন্ত্ৰীক শীঘ্ৰে ড্ৰাগছৰ প্ৰচলন আৰু সৰবৰাহ বন্ধ কৰিবলৈ দাবী।জনাইছে।

নগাঁও জিলা