গুদামঘাট কছাৰী গাঁৱত যুৱতী নিৰুদ্দেশ

শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী  থানাৰ অন্তৰ্গত গুদামঘাট কছাৰী গাঁৱৰ পৰা এগৰাকী যুৱতী নিৰুদ্দেশ হৈ থকাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
678

ডিজিটেল সংবাদ, জামুগুৰিহাট : শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী  থানাৰ অন্তৰ্গত গুদামঘাট কছাৰী গাঁৱৰ পৰা এগৰাকী যুৱতী নিৰুদ্দেশ হৈ থকাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰিয়ালৰ লোকে জনোৱা  মতে গুদামঘাট কছাৰী গাঁৱৰ মকবুল হুছেইন আৰু ৰহিমা খাটুনৰ জীয়ৰী দিলৰুবা খাটুন বুধবাৰে ঘৰৰ পৰা ওলাই যোৱাৰ পিচৰে পৰা বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে।

পৰিয়ালৰ লোকে বিভিন্ন ঠাইৰ আত্মীয়ৰ ঘৰত বিচাৰ খোচাৰ কৰিও কোনো সন্ধান উলিয়াব নোৱাৰিলে যুৱতীগৰাকীৰ ৷ অৱশেষত উপায়হীন হৈ পৰিয়ালৰ লোকে চাৰিদুৱাৰ আৰক্ষী থানাত দাখিল কৰা নিৰূদ্দেশ সম্পৰ্কীয় এখন এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নিৰুদ্দিষ্টৰ সন্ধানত অভিযান অব্যহত ৰাখিছে যদিও কোনো শুংসূত্ৰ বিচাৰি পোৱা নাই ৷

যুৱতীগৰাকী দুষ্টচক্ৰৰ কৱলত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকসকলে ৷ কোনো সদাশয় লোকে যুৱতীগৰাকীৰ সন্ধান লাভ কৰিলে  9365035292/6003387541 নম্বৰ ফোনৰ জৰিয়তে যোগাযোগ কৰিবলৈ আহৱান জনাইছে পিতৃ- মাতৃয়ে ৷ 

অসম আৰক্ষী নিৰুদ্দেশ