New Update
/asomiyapratidin/media/media_files/2025/12/01/366-2025-12-01-21-46-48.jpg)
- পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত ১৫০বনৰীয়া হাতীৰ জাকৰ সন্ত্ৰাস।
- খেৰণিৰ বাগিছাডুবি গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী যুৱতীৰ কৰুণ মৃত্যু।
- সন্ধিয়া ঘৰৰ চোতালত থকা অৱস্থাত হঠাৎ এটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰে খুচবু ৰাজভৰ(২০) নামৰ যুৱতীগৰাকীক।
- ফলত থিতাতে নিহত হয় যুৱতীগৰাকী।
- ইফালে পুৱাৰ ভাগতো একেটা অঞ্চলৰ মানছিং চৌহান নামৰ লোক এজনকো বনৰীয়া হাতীয়ে আক্ৰমণ কৰে।
- সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হয় মানছিং।
- অঞ্চলটোত হাতীৰ জাকটো পিয়াপি দি বিচৰণ কৰি থকাৰ ফলত বৰ্তমান সময়ত ঘটনাস্থলীলৈ যাব পৰা নাই কোনো লোক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us