ফকিৰাগ্ৰামত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

ফকিৰাগ্ৰামত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
লাহৰীঘাটত ৫ টাকৈ ঘৰ ভস্মীভূতঃ ফায়াৰ বিগ্ৰেডলৈ শিল নিক্ষেপ...

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত প্ৰতাপখাতাৰ বাহাদুৰপাৰাত সোমবাৰে এজন যুৱক নামাজ আদায় কৰিবলৈ যাওঁতে কৰুণ মৃত্যুক সাৱটি লয়।বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ আহি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি লোৱা যুৱকজন ছফিউল ইছলামৰ পুত্ৰ আমিনুল ইছলাম(২৫) বুলি চিনাক্ত কৰা হৈছে।

Advertisment

প্ৰাপ্ত তথ্য মতে, আজি পুৱতি নিশা আমিনুল ইছলামে লগৰীয়াৰ সৈতে নামাজ আদায় কৰিবলৈ গৈছিল। নিশাৰ প্ৰচণ্ড ধুমুহা-বৰষুণৰ ফলত বাহাদুৰপাৰা গাঁৱৰ বোকাময় পথত বৈদ্যুতিক তাঁৰ ছিঙি আছিল যদিও তেওঁলোকে প্ৰত্যক্ষ কৰা নাছিল। দুৰ্ভাগ্যজনকভাৱে আমিনুৰ ইছলাম বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ আহে আৰু বিদ্যুৎস্পৃষ্ট হয়।

পিছত ঘটনাৰ খবৰ লাভ কৰি কন্ট্ৰোল ৰুমে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰে। লগে লগে যুৱকজনক উদ্ধাৰ কৰি কোকৰাঝাৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে আমিনুল ইছলামক মৃত বুলি ঘোষণা কৰে।যুৱকজনৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

Also Read: বেয়া খবৰঃ অহা ৫ দিনত ৰাজ্যৰ প্ৰতিখন জিলাতে আহিব বৰষুণ !

Fakiragram