New Update
- সোমবাৰে কৰ্ণাটক বিধানসভাত আস্থা ভোটত অৱতীৰ্ণ হ'ব মুখ্যমন্ত্ৰী বি এছ য়েদেয়ুৰাপ্পা।
- বিজেপি চৰকাৰ গঠনৰ বাবে বিধাসনভাত তেওঁ প্ৰমাণ কৰিব লাগিব বহুমত।
- বহুমত লাভ কৰিবলৈ বিজেপিক প্ৰয়োজন ১০৫ গৰাকী বিধায়কৰ সমৰ্থন।
- মুখ্যমন্ত্ৰী য়েদেয়ুৰাপ্পাই বিজেপিৰ সপক্ষত ১০৬ গৰাকী বিধায়কৰ সমৰ্থন আছে বুলি দাবী কৰিছে।
- উল্লেখ্য যে, কংগ্ৰেছ-জেডিএছ মিত্ৰজোঁটৰ চৰকাৰ ভংগ হোৱাৰ পিছত কৰ্ণাটকত চৰকাৰ গঠন কৰে বিজেপিয়ে।
- বিধানসভাত বহুমত প্ৰমাণ কৰাত ব্যৰ্থ হৈছিল কংগ্ৰেছ-জেডিএছ চৰকাৰৰ মুখ্যমন্ত্ৰী কুমাৰস্বামী।
- আনহাতে বিজেপি চৰকাৰলৈ কেইবাজনো জেডিএছ বিধায়কে সমৰ্থন আগবঢ়োৱা বুলিও চলিছে চৰ্চা।
- অৱশ্যে এই চৰ্চা ভিত্তিহীন আখ্যা দিছে এইছ ডি কুমাৰস্বামীয়ে।
- ইফালে দেওবাৰে ৰাজ্যখনৰ জেডিএছৰ ১৪ গৰাকী পদত্যাগী বিধায়কক অযোগ্য ঘোষণা কৰিছে বিধানসভাৰ অধ্যক্ষই।
- যাৰ পিছতে ৰাজ্যখনত অযোগ্য বিবেচিত হোৱা বিধায়কৰ সংখ্যা হৈছেগৈ ১৭ জন।