/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/be562fa4-c409-44ab-b356-ffbc909541c1/8dacd617_8b84_4009_8810_0f3c27568fa4.jpg)
anima gogoi
ডিজিটেল ডেস্কঃ বিশিষ্ট লেখিকা, সমাজকৰ্মী ড০ অনিমা গগৈ আৰু নাই। বৃহস্পতিবাৰে সন্ধিয়া জি এম চি এইছত দেহাৱসান ঘটে বিশিষ্ট লেখিকাগৰাকীৰ।
নাৰীবাদী লেখিকা, সমাজসেৱিকা ড০ অনিমা গগৈ আছিল 'মূলাগাভৰু' নাটৰ স্ৰষ্টা। শাৰীৰিক অসুস্থতাৰে বাবে বৃহস্পতিবাৰে পুৱা জি এম চি এইছত ভৰ্তি কৰোৱা ড০ গগৈয়ে সন্ধিয়াা ৭-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে।
বহু কেইখন গ্ৰেন্থৰ লেখিকা ড০ গগৈক তেওঁৰ সাহিত্য কৰ্মৰ বাবে চলিত বৰ্ষতে টাই আহোম যুৱ পৰিষদে আগবঢ়াইছিল মূলাগাভৰু বঁটা। সাহিত্যিক পেঞ্চনাৰ ড০ অনিমা গগৈয়ে মূলাগাভৰু বঁটাৰ উপৰিও ড০ আম্বেদকাৰ ফেলোশ্বিপ বঁটা, বীৰাঙ্গনা জয়মতী বঁটাকে ধৰি আন বহু কেইটা সন্মান লাভ কৰিছিল।
ড০ গগৈৰ কেইখনমান উল্লেখযোগ্য উপন্যাস তথা গ্ৰন্থ হৈছে বৰ অসম গঢ়োতা চাওলুং চুক্যাফা, লুইতৰ পাৰৰ বিদুষী বীৰংগনা, বৈবাহিক সম্বন্ধৰে অসমীয়া জাতি গঠন, অসমীয়া জাতি গঠনত বীৰ লাচিত আৰু সতী জয়মতীৰ অৱদান, স্মৃতিৰ সুগন্ধি, মহীয়সী বীৰাংগনা মূলাগাভৰু, মহানায়ক ফ্ৰাচেংমুং, ৰুদ্ৰসিংহ আদি।