/asomiyapratidin/media/media_files/2024/11/30/4UxovuCUARszNScsaE5D.jpg)
ডিজিটেল ডেস্ক : চীন দেশৰ মধ্যভাগৰ হুনান প্রদেশব পিংজিয়াং কাউন্টিত আৱিষ্কাৰ হৈছে বিশ্বৰ সর্ববৃহৎ স্বর্ণভাণ্ডাৰ। অতি উচ্চমানৰ প্রায় ১০ লাখ কিলোগ্রাম (১,০০০ মেট্রিক টন) সোণ জমা হৈ আছে এই ভাণ্ডাৰটোত।
প্রদেশখনৰ ভূতাত্ত্বিক জৰীপ বিভাগে প্রকাশ কৰা মতে এই সোণখিনিৰ ভাৰতীয় মূল্য হ'ব প্রায় ৭০.৪১ লাখ কোটি টকা। উন্নতমানৰ ত্রিমাত্রিক ছবি গ্রহণ কৰিব পৰা যন্ত্রৰে চলোৱা জৰীপৰ সময়ত প্রায় ৩ কিলোমিটাৰ গভীৰলৈকে ভাণ্ডাৰটোত প্রায় ৪০ টা স্বর্ণসিৰা থকাটো নিশ্চিত হৈছে।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে ইয়াৰ পূর্বে আটাইতকৈ ডাঙৰ স্বর্ণভাণ্ডাৰটো আৱিষ্কাৰ হৈছিল দক্ষিণ আফ্রিকাৰ ছাউথ দীপৰ খনিত। ইয়াত প্রায় ৯০০ মেট্রিক টন হালধীয়া মূল্যৱান ধাতুবিধ জমা হৈ আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us