কেৱল বিখ্যাত হ’লেই ব্যৱসায় নচলে! এগৰাকী ব্যক্তি যিকোনো প্ৰকাৰে বিখ্যাত হৈ কোনো এটা ব্যৱসায় আৰম্ভ কৰি দিলেই সফলতা পাব বুলি ভৱাটো মূৰ্খামিৰ বাদে একো নহয়। অৱশ্যে এইটোও ঠিক, যিকোনো ব্যৱসায় প্ৰসাৰৰ বাবে প্ৰচাৰো লাগে, কিন্তু কেৱল প্ৰচাৰৰ ওপৰত ভিত্তি কৰিয়েই এটা ব্যৱসায় নচলে।
ব্যৱসায়ৰ ক্ষেত্ৰত অসম এতিয়াও কেঁচা বুলি ক’লেও হয়তো ভুল কোৱা নহ’ব। অসমীয়া মানুহে ব্যৱসায় কৰিব নাজানে বুলি এনেও এটা বদনাম আগৰে পৰাই আছে। অৱশ্যে মুষ্টিমেয় একাংশ অসমীয়াই এই বদনামক ভুল প্ৰতিপন্ন কৰিছে। কিন্তু তাৰ মাজতো সৰহসংখ্যক অসমীয়াই এতিয়াও ব্যৱসায় কৰিবলৈ গৈ নানান ভুলে কৰে আৰু লোকচানৰ মুখে দেখে।
অসমীয়াই বিশেষকৈ ব্যৱসায়ত নতুনত্বৰ চিন্তা নকৰে। উদাহৰণস্বৰূপে আপুনি যদি গ্ৰামাঞ্চলত কোনো এগৰাকীয়ে হাৰ্ডৱেৰৰ দোকান নাইবা অন্য দোকান দি লাভ হোৱা দেখে, তেন্তে দেখিব কেইদিনমানৰ পাছতে কাষতে একেই দুই-তিনিখন দোকান গঢ় লৈ উঠে।এনে কৰাৰ ফলত আটাইকেইগৰাকী ব্যৱসায়ীৰে বিক্ৰীৰ ক্ষেত্ৰত যে যথেষ্ট লোকচানৰ সন্মুখীন হয়, সেয়া বহু পলমকৈহে উপলদ্ধি কৰে তেওঁলোকে।
ব্যৱসায়ৰ ক্ষেত্ৰত অসমীয়াই কৰা খুটিঁ-নাটিবোৰক লৈ সময়ে সময়ে বহু আলোচনা হয়। ব্যৱসায়ত জড়িত একাংশই ন অসমীয়া ব্যৱসায়ীয়ে নিজকে অধিক ধনী দেখাবলৈ জীৱন বিলাসত উপাৰ্জনকৈ অধিক টকা ব্যয় কৰে। আমাৰ সমাজতে এনে বহু উদাহৰণ আপুনিও বিচাৰিলে পাব। এনে কৰাসকলে শেষ পৰ্যায়ত অধিক লোকচানৰ সন্মুখীন হৈ ব্যৱসায় বন্ধ কৰি ঘৰতে বহি থাকিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হয়।
ব্যৱসায়ৰ ক্ষেত্ৰত সৰহ সংখ্যক অসমীয়াই কৰা এনে সৰু-বৰ বহু ভুল আছে। সেইবোৰ পুংখানুপুংখভাৱে আলোচনা কৰিবলৈ হ’লে লেখনিটো বহু দীঘলীয়া হব। লেখনিৰ প্ৰথমতেই আমি উল্লেখ কৰিছো যে, ব্যৱসায়ৰ ক্ষেত্ৰত শেহতীয়াকৈ কামতকৈ অধিক প্ৰচাৰত মনোনিৱেশ কৰা এটা টেণ্ড অসমত আৰম্ভ হৈছে। যাৰ ফলত এটা সৰু ব্যৱসায় আৰম্ভ কৰিও সেই ব্যৱসায় ২-৩বছৰতে লোকচানৰ সন্মুখীন হৈ সামৰিলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হয়।
শেহতীয়াকৈ চলা এক সমীক্ষা অনুসৰি, অসমৰ ব্যৱসায়িক ক্ষেত্ৰখনত এতিয়া ৰাজত্ব কৰি আছে মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে। অসমৰ খাদ্য, বস্ত্ৰ আৰু অন্যান্য ভিন্ন আনুসংগিক সামগ্ৰীৰ বজাৰখনত অসমীয়াৰ প্ৰভূত্ব মাত্ৰ ১২-১৮শতাংশ আছে বুলিহে এক সমীক্ষাত প্ৰকাশ পাইছে।
মাৰোৱাৰীসকলে ব্যৱসায়ত ইমান সফলতা কেনেকৈ লাভ কৰে? সেই কথা আমাৰ মাজত প্ৰায়ে আলোচনা হয় যদিও মাৰোৱাৰীৰ ব্যৱসায়ৰ টিপছ অসমীয়া ব্যৱসায়ীসকলে অনুসৰণ কৰিব নোৱাৰে। ব্যৱসায়ত স্থিৰতাৰ উপৰিও উপাৰ্জনৰ তুলনাত অতি সাধাৰণ জীৱন যাপন কৰে মাৰোৱাৰীসকলে। এই ক্ষেত্ৰত সৰহসংখ্যক অসমীয়াই এই টিপছ অনুসৰণ নকৰে।
পৰাপক্ষত মাৰোৱাৰীসকলে ব্যৱসায়ৰ ক্ষেত্ৰত নিজক প্ৰচাৰৰ পৰা সদায়েই দূৰত ৰাখে। কিন্তু অসমীয়াৰ ক্ষেত্ৰত দেখা যায় যে, এটা ব্যৱসায়ত হাত দিয়া ৬মাহ-এবছৰ হোৱাৰ পাছতে নিজক লৈ অত্যাধিক প্ৰচাৰ আৰম্ভ কৰে। শেহতীয়াকৈ কেইটামান বছৰৰ পৰা এই প্ৰৱণতা অধিক বৃদ্ধি পাইছে।
এইখিনিতে এই বিষয়টোৰ সৈতে আন এক প্ৰসংগ টানি আনিব বিচাৰিছো। কিছুদিনৰ পূৰ্বে এগৰাকী বিশিষ্ট ব্যক্তিয়ে হুকুৰ আলীক লৈ এক মন্তব্য কৰিছিল। তেওঁ কৈছিল- হুকুৰ আলীক আমি সকলোৱে হাঁহো যদিও, সমাজত সৰহ সংখ্যক ব্যক্তিৰ মাজতেই হুকুৰ আলী সোমাই আছে।
অসমীয়াৰ ব্যৱসায়ৰ প্ৰসংগটোত হুকুৰ আলীৰ কথাটোৰ কি লিংক আছে, সেয়া আপুনিও ভাৱিছে ছাগে? তেন্তে শুনক। হুকুৰ আলীয়ে দিছপুৰ লাষ্টগেটত এখন চাহৰ দোকান আৰম্ভ কৰিছিল। হুকুৰৰ এই কাম আৰম্ভ কৰাৰ লগে লগে অসমৰ সামাজিক মাধ্যমত এই কথাটো ট্ৰেণ্ডিং হৈ পৰিছিল। সৰহসংখ্যক সংবাদ মাধ্যমেও হুকুৰৰ এই ব্যৱসায়ৰ কথা সবিস্তাৰে প্ৰচাৰ কৰিছিল।
প্ৰচাৰ হৈ এনে পৰ্যায় পাইছিল যে, কোনো কোনোনে ভিডিঅত ওলাবলৈকে একাপ চাহৰ বাবে ৫০০টকা পৰ্যন্ত হুকুৰৰ হাতত গুজিঁ দিছিল। খবৰ ওলাইছিল মাত্ৰ তিনিটা দিনতে হুকুৰে বেচিছিল ৬৯হাজাৰ টকাৰ চাহ। এয়া কম কথা নহয়।
সময় বাগৰিল! হুকুৰৰ দোকানত এতিয়া মানুহ কমিল। যোৱা ৯জানুৱাৰী, ২০২৫ৰ দিনটোত দিনৰ ভাগত দেখা হল যে, হুকুৰৰ দোকানলৈ এতিয়া আহে অতি কম সংখ্যক গ্ৰাহক। ব্যৱসায়ৰ এই ৰূপ দেখি এতিয়া হুকুৰো নাথাকে দোকানত। থাকে অইন দুজন যুৱকহে।
হুকুৰে যি কৰিলে, ব্যৱসায়ৰ ক্ষেত্ৰত সৰহ সংখ্যক অসমীয়াই তাকেই কৰে। ধুমধামেৰে আৰম্ভণি কৰা এটা ব্যৱসায়ত যেতিয়া কিছু বেয়া সময় আহে, তেতিয়া গুৰুত্ব কমাই দিয়ে আৰু শেষত সেই ব্যৱসায়ত তলা লাগে।
বিখ্যাত হ’লে আঁচলতে এটা ব্যৱসায় ধুমধামেৰে আৰম্ভ কৰিব পাৰি, কিন্তু চলাব নোৱাৰি। অসমত বহু বিখ্যাত অভিনেতা-অভিনেত্ৰীয়ে ব্যৱসায় আৰম্ভ কৰিও এই কাৰনতেই হয়তো সফলতা লাভ কৰিব পৰা নাই।
যদিও শেহতীয়াকৈ ব্যৱসায়ত প্ৰচাৰৰ প্ৰকোপ অধিক বৃদ্ধি পাইছে। অসমৰ ব্যৱসায়িক ইতিহাসত বহুকেইগৰাকী অসমীয়াৰ নাম সদায়েই উজ্বলি থাকিব। ওপৰা ওপৰিকৈ ব্যৱসায়ত নামি অত্যাধিক প্ৰচাৰত ব্যস্ত একাংশ ন ব্যৱসায়ীতকৈ আমি ভোলানাথ বৰুৱাৰ অসমীয়া ব্যৱসায়ীক উদাহৰণ হিচাপে লব নোৱাৰোনে! যিগৰাকী ব্যৱসায়ীয়ে ১৯০৮-১০ চনতে ১৪ লাখ টকা লোকচানৰ সন্মুখীন হৈও ন উদ্যমেৰে ব্যৱসায়িক ক্ষেত্ৰখনত নামি একপ্ৰকাৰৰ ৰাজত্ব কৰিছিল।
অসমত অৱশ্যে ব্যৱসায়িক দিশত সফলতা লাভ কৰা অনেকগৰাকী অসমীয়া আছে। কিন্তু সেই সংখ্যা এপাঁচি শাকত এটা জালুকৰ দৰে। নৱ প্ৰজন্মৰ মাজতো শেহতীয়াকৈ ব্যৱসায়িক মনোবৃত্তিয়ে গা কৰি উঠা দেখা গৈছে। কিন্তু দুখৰ কথাটো হ’ল এই সকলেও এতিয়া ব্যৱসায়ত কামতকৈ অধিক গুৰুত্ব দিয়ে প্ৰচাৰতহে...