বিশ্ব বন্যপ্ৰাণী দিৱস পালন কৰাৰ উদ্দেশ্য,তাৎপৰ্য কি?

বৰ্তমান বিজ্ঞান-প্ৰযুক্তিৰ অগ্ৰগতিয়ে মানুহক অৰণ্যৰ পৰা আঁতৰাই আনিছে যদিও অৰণ্য আৰু বন্যপ্ৰাণী অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে । অৰণ্য আৰু বন্যপ্ৰাণীয়ে পৃথিৱীৰ ভাৰসাম্য ৰক্ষাত যথেষ্ট অৰিহণা যোগায় ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-03-03 at 12.59.17 PM

ডিজিটেল ডেস্কঃ আজি বিশ্ব বন্যপ্ৰাণী দিৱস। বৰ্তমান বিজ্ঞান-প্ৰযুক্তিৰ অগ্ৰগতিয়ে মানুহক অৰণ্যৰ পৰা আঁতৰাই আনিছে যদিও অৰণ্য আৰু বন্যপ্ৰাণী অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে । অৰণ্য আৰু বন্যপ্ৰাণীয়ে পৃথিৱীৰ ভাৰসাম্য ৰক্ষাত যথেষ্ট অৰিহণা যোগায় । আমি সকলোৱে পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল । জনসংখ্যা বৃদ্ধি, কৃষি আৰু উদ্যোগক্ষেত্ৰৰ বৃদ্ধি আদি বিভিন্ন কাৰণত অৰণ্য ধ্বংস হৈছে । ফলস্বৰূপে অৰণ্যত বাস কৰা জীৱ-জন্তুসমূহো বিপদাপন্ন হৈ পৰিছে । 

উল্লেখ্য যে,১৯৭৩ চনত ৰাষ্ট্ৰসংঘৰ উদ্যোগত অনুষ্ঠিত Convention on International Trade in Endangered Species of World Fauna and Flora চমুকৈ CITES শীৰ্ষক সন্মীলনৰ চুক্তি হৈছিল। তাৰ পাছতে ২০১৩ চনৰ ২০ ডিচেম্বৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ ৬৮ তম অধিৱেশনত থাইলেণ্ডে আহ্বান কৰা আন্তৰ্জাতিক বিলুপ্তপ্ৰায় বন্য জীৱ আৰু উদ্ভিদৰ বাণিজ্য অভিবৰ্তনৰ বাবে ৩ মাৰ্চক বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে ঘোষণা কৰা হয়। 

 বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপনৰ তাৎপৰ্য হৈছে উদ্বেগৰ বিষয়বোৰৰ ওপৰত জনসাধাৰণক শিক্ষিত কৰা,বন্যপ্ৰাণীৰ সমস্যা সম্পৰ্কীয় গোলকীয় সমস্যা সমাধানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত সফলতা উদযাপন আৰু শক্তিশালী কৰা। লগতে বিশ্বৰ বনজ প্ৰাণী আৰু উদ্ভিদৰ সংৰক্ষণ তথা বন্যপ্ৰাণীৰ বিষয়ে সজাগতা সৃষ্টি কৰাই এই দিৱসৰ মূল লক্ষ্য।

এই বন্যপ্ৰাণী দিৱসৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে xত পোষ্ট কৰিছে। তেওঁ লিখিছে যে-  ভাৰতীয় হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ । কিয়নো ভাৰত বিশ্বৰ কিছুমান আটাইতকৈ অসাধাৰণ বন্যপ্ৰাণীৰ আবাসস্থলী। এশিঙীয়া গঁড়ৰ জনসংখ্যা ভাৰতত সৰ্বাধিক।ভাৰত পৃথিৱীৰ একমাত্ৰ স্থান য'ত এছিয়াটিক সিংহ স্বাভাৱিকভাৱে বাস কৰে। 

WhatsApp Image 2026-03-03 at 12.46.35 PM

বিশ্ব বন্যপ্ৰাণী দিৱস