তৃতীয় বিশ্বযুদ্ধৰ ইংগিতঃ আমেৰিকাৰ সৈতে ফ্ৰান্স-জাৰ্মানী

ইৰাকত আমেৰিকা আৰু ইজৰাইলে প্ৰথম আক্ৰমণ চলাই যি তৃতীয় বিশ্বযুদ্ধৰ সদৃশ পৰিস্থিতি সৃষ্টি কৰিলে তাক লৈ উদ্ধিগ্ন বিশ্বৰ বহু দেশ। আনহাতে ৰাছিয়াই এই আক্ৰমণৰ বাবে আমেৰিকাক কঠোৰ ভাষাৰে গৰিহণা দিছে ইতিমধ্যে।

author-image
Asomiya Pratidin
New Update
new ap web 11-1g

ডিজিটেল ডেস্কঃ  ইৰাকত আমেৰিকা আৰু ইজৰাইলে প্ৰথম আক্ৰমণ চলাই যি তৃতীয় বিশ্বযুদ্ধৰ সদৃশ পৰিস্থিতি সৃষ্টি কৰিলে তাক লৈ উদ্ধিগ্ন বিশ্বৰ বহু দেশ। আনহাতে ৰাছিয়াই এই আক্ৰমণৰ বাবে আমেৰিকাক কঠোৰ ভাষাৰে গৰিহণা দিছে ইতিমধ্যে। সেই সময়তে ইউৰোপৰ দুখন শক্তিধৰ দেশে আমেৰিকাক সমৰ্থন কৰি প্ৰকাশ কৰিছে বিবৃতি। ফ্ৰান্স,জাৰ্মানীয়ে এই বিবৃতিত উল্লেখ কৰিছে যে- তেওঁলোকে উপসাগৰীয় অঞ্চলত নিজৰ স্বাৰ্থ আৰু মিত্ৰ দেশসমূহৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ সাজু হৈছে।

ইফালে ইৰানৰ কাষত থিয় দিছে ৰাছিয়া আৰু চীনে। এনেকৈ ইৰাক আক্ৰমণক কেন্দ্ৰ কৰি দুটা শিবিৰত বিভক্ত হৈ পৰিছে । আনহাতে আমেৰিকাৰ আক্ৰমণত  ইৰানৰ  সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেইনীকে ধৰি বহু সংখ্যক লোকৰ মৃত্যুৰ পাছত অধিক আক্ৰমণ চলোৱাৰ হুংকাৰ প্ৰদান কৰিছে ইৰানে। এতিয়া মধ্যপ্ৰাচ্যত  বিৰাজ কৰিছে তৃতীয় বিশ্বযুদ্ধ সদৃশ পৰিৱেশ। আমেৰিকাকে ধৰি ইউৰোপো দুই শক্তিশালী দেশ  ফ্ৰান্স আৰু জাৰ্মানীয়ে যৌথ বিবৃতিৰ জৰিয়তে ইৰানক হুংকাৰ প্ৰদান কৰাৰ পাছত ইৰানৰ পক্ষত থকা দেশসমূহে গ্ৰহণ কৰা স্থিতি আনাগত সময়ত লক্ষণীয় হৈ পৰিব। 

আমেৰিকাৰ সৈতে ফ্ৰান্স-জাৰ্মানী