'ষ্ট্ৰ'ক' কিয় আৰু কেনেকৈ...

'ষ্ট্ৰ'ক' কিয় আৰু কেনেকৈ...
'ষ্ট্ৰ'ক' কিয় আৰু কেনেকৈ...
আজি বিশ্ব ষ্ট্ৰ'ক দিৱস। এই মাৰাত্মক ব্যাধিৰ প্ৰতি সাধাৰণ ৰাইজৰ সজাগতাৰ সৃষ্টি হৈছে যদিও সমান্তৰালকৈ বৃদ্ধি পাইছে ষ্ট্ৰ'কত আক্ৰান্তৰ সংখ্যা । এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ জয়দীপ নাৰায়ণ দেবৰ এই বিশেষ প্ৰতিবেদন।

আজি বিশ্ব ষ্ট্ৰ'ক দিৱস। সময়ৰ সৈতেই বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এই মাৰাত্মক ব্যাধিৰ প্ৰতি সাধাৰণ ৰাইজৰ সজাগতা । কিন্তু সমান্তৰালকৈ যেন বৃদ্ধি পাইছে ষ্ট্ৰ'কত আক্ৰান্তৰ সংখ্যাও । বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, প্ৰতিবছৰে প্ৰায় ১৫ নিযুত লোক আক্ৰান্ত হয় ষ্ট্ৰ'কত আৰু এই ১৫ নিযুত ৰোগীৰ মাজত ৫ নিযুত ৰোগীয়ে মৃত্যুক সাৱটি লোৱাৰ লগতে আন ৫ নিযুত ৰোগী হৈ পৰে স্থায়ীভাৱে অক্ষম ।

ইয়াৰ মাজতেই আছে আন এক পৰিসংখ্যা । ষ্ট্ৰ'কত আক্ৰান্ত ৰোগীৰ যিসকল সৌভাগ্যক্ৰমে নিশ্চিত মৃত্যুমুখৰ পৰা উভতি আহে, সেইসকল ৰোগীৰ ৯০ শতাংশই পৰৱৰ্তী ৫ বছৰৰ ভিতৰত মৃত্যুক সাৱটি লয় ।

আনহাতে অন্য ৫ শতাংশও স্থায়ীভাৱে অক্ষম হৈ ৰোৱাৰ সম্ভাৱনা অধিক । অৱশ্যে এই পৰিসংখ্যাটো সকলোৰে বাবে প্ৰযোজ্য নহয়। ৰোগীৰ বয়স, খাদ্যাভাষ আৰু স্বাস্থ্যভেদে সলনি হ'ব পাৰে এই পৰিসংখ্যাৰ ফলাফল ।

কিন্তু দিনক দিনে বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা ষ্ট্ৰ'কৰ প্ৰতি মানুহৰ অৱহেলাই যে এই ৰোগক আৰু ই কৰিব পৰা ক্ষতিৰ পৰিমাণ বৃদ্ধি কৰি আনিছে সেয়া নুই কৰিব নোৱাৰি। সৰ্বাধিক জনসংখ্যাৰ ফালৰ পৰা দ্বিতীয় স্থানত থকা ভাৰতবৰ্ষতো ষ্ট্ৰ'কৰ প্ৰভাৱ অতি ভয়ংকৰ ।

ভাৰতবৰ্ষৰ গ্ৰাম্যাঞ্চলত প্ৰতি ১ লাখ লোকৰ বিপৰীতে ৮৪ ৰ পৰা ২৬২ জন আৰু চহৰাঞ্চলত প্ৰতি ১ লাখ লোকৰ বিপৰিতে ৩৩৪ৰ পৰা ৪২৪ জন লোক প্ৰতি বছৰে আক্ৰান্ত হয় ষ্ট্ৰ'কত। এনে এক ভয়াৱহ পৰিসংখ্যাৰ পৰিপ্ৰেক্ষিতত ভাৰত তথা সমগ্ৰ বিশ্বৰ স্নায়ু বিশেষজ্ঞ চিকিৎসক আৰু গৱেষকসকলে ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা হ্ৰাস কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

এই মাৰাত্মক ষ্ট্ৰ'কৰ মূল কাৰণ হ'ব পাৰে দুটা । গোট মৰা তেজে মগজুৰ ধমনীত ৰক্ত প্ৰৱাহ বন্ধ কৰি দিয়া অথবা অত্যাধিক চাপৰ বাবে মগজুৰ ধমনী ফাটি হোৱা ৰক্তক্ষৰণ । ইয়াৰ উপৰিও মগজুৰ ধমনীত ৰক্ত প্ৰৱাহ সাময়িকভাৱে বন্ধ হৈ পৰাৰ বাবে হ'ব পাৰে 'মিনি-ষ্ট্ৰ'ক', যি মাৰাত্মক নহ'লেও পৰৱৰ্তী সময়ত গুৰুতৰ ক্ষতি সাধন কৰিব পাৰে ৰোগীৰ ।

এই 'মিনি ষ্ট্ৰ'ক' আকৌ হ'ব পাৰে ভৱিষ্যতে হ'বলগীয়া মূল ষ্ট্ৰ'কৰ লক্ষণ। তেনে স্থলত ৰোগীয়ে সমানেই গুৰুত্ব প্ৰদান কৰিব লাগিব 'মিনি ষ্ট্ৰ'ক' অথবা মূল ষ্ট্ৰ'কত। ষ্ট্ৰ'কৰো আছে আকৌ বহু কেইটা কাৰণ।

উচ্চ ৰক্তচাপ, হৃদযন্ত্ৰৰ ৰোগ, অত্যাধিক লৱণ গ্ৰহণ, কলেষ্ট'ৰেল অথবা মাত্ৰাধিক মানসিক চাপ। এই কেইটা কাৰণৰ যিকোনো এটাৰ বাবেই ভৱিষ্যতে হ'ব পাৰে ষ্ট্ৰ'ক ।

বিশ্বৰ বিভিন্ন স্বাস্থ্য সংগঠন তথা চিকিৎসালয়সমূহে ষ্ট্ৰ'কৰ বিষয়ে জনসাধাৰণক সচেতন কৰিবলৈ হাতত লৈ আহিছে বহু পদক্ষেপ। ইয়াৰ ভিতৰত অন্যতম হৈছে ষ্ট্ৰ'কৰ লক্ষণসমূহৰ অধ্যয়ন। ষ্ট্ৰ'কৰ লক্ষণ সমূহক ইংৰাজীত চমুকৈ 'ফাষ্ট' (F.A.S.T) বুলি কোৱা হয় ।

ইয়াৰ অৰ্থ হৈছে মুখখন এফালে বেকা হৈ যোৱা (Face Drooping), বাহু দুর্বল হোৱা (Arm Weakness), কথা লাগি ধৰা (Speech Slurred), আৰু এম্বুলেঞ্চ মতাৰ সময় (Time to call an Ambulance) ।

এই লক্ষণসমূহৰ নামেই বহন কৰে ইয়াৰ তাৎপৰ্য্য । ষ্ট্ৰ'কত আক্ৰান্ত ৰোগী এগৰাকী ক্ষেত্ৰত প্ৰথমেই লক্ষ্য কৰা হয় ৰোগী গৰাকীৰ মুখমণ্ডল । মুখৰ এটা ফাল, বিশেষকৈ বাওঁফালটো অকামিলা হৈ বেকা হৈ পৰে ষ্ট্ৰ'কৰ বাবে ।

ইয়াৰ কাৰণ হৈছে মগজুৱে ৰক্ত প্ৰৱাহৰ সৈতে লাভ কৰা অক্সিজেনৰ অভাৱত অকামিলা হৈ পৰে মগজুৰ এটা অংশ, যাৰ প্ৰভাৱ পৰা দেখা যায় মুখমণ্ডলতো । অৱশ্যে কেৱল মুখমণ্ডলেই নহয় বৰং সম্পূৰ্ণ বাওঁফালটোও অকামিলা হৈ পৰাৰ সম্ভাৱনাও অধিক ।

বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা ষ্ট্ৰ'কৰ সজাগতাৰ বাবে সমগ্ৰ বিশ্বতেই ২৯ অক্টোবৰৰ দিনটো পালন কৰা হয় বিশ্ব ষ্ট্ৰ'ক দিৱস হিচাপে । বছৰটোৰ এটা দিন এই ৰোগৰ সৈতে যুঁজিবলৈ আৰু ইয়াৰ প্ৰতি সজাগতা বৃদ্ধি কৰিবলৈ পালন কৰা হয় এই দিনটো ।

সময়ৰ সৈতেই বৃদ্ধি হৈ অহা মানুহৰ উশৃংখল আৰু অসুস্থ জীৱন শৈলীৰ বাবে বৃদ্ধি হৈ আহিছে ষ্ট্ৰ'কৰ পৰিসংখ্যা। অৱশ্যে খাদ্যাভাষৰ পৰিৱৰ্তন, নিয়মীয়া ব্যায়াম আৰু অত্যাধিক চাপমুক্ত জীৱনে আঁতৰাই ৰাখিব পাৰে ব্যক্তি এগৰাকীক ষ্ট্ৰ'কৰ পৰা ।

কিন্তু ইয়াৰ সৈতে সমানেই প্ৰয়োজন ষ্ট্ৰ'কত আক্ৰান্ত ব্যক্তি এগৰাকীক সময়ত সঠিক চিকিৎসা প্ৰদানৰ প্ৰতি থকা সজাগতা । সততেই ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত হে পৰিলক্ষিত হয় ষ্ট্ৰ'কৰ সঠিক পৰিচৰ্যা ।

তেনেস্থলত গ্ৰাম্যাঞ্চলৰ চৰকাৰী চিকিৎসালয় সমূহতো অনাগত দিনসমূহত ষ্ট্ৰ'কৰ সঠিক চিকিৎসা সঠিক সময়ত উপলব্ধ হ'লে ৰক্ষা হ'ব বহু ৰোগীৰ প্ৰাণ ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in