/asomiyapratidin/media/media_files/2026/02/28/irannnn-2026-02-28-12-26-16.jpg)
ডিজিটেল ডেস্কঃ বিশ্বত যিকোনো সময়তে দুখন দেশৰ মাজত আৰম্ভ হ’ব পাৰে যুদ্ধ। ইজৰাইল আৰু ইৰানৰ মাজত সংঘটিত বিস্ফোৰণৰ ঘটনাবোৰে যেন তাৰেই ইংগিত বহন কৰিছে। ইৰানৰ ৰাজধানী চহৰ তেহৰাণত এতিয়া বিস্ফোৰণ আৰু ধ্বংসলীলা দেখিবলৈ পোৱা গৈছে। ইজৰাইলৰ ৰোষত পৰা ইৰানত ৰাজধানী চহৰখনত ইতিমধ্যে কেইবাটাও বিস্ফোৰণ সংঘটিত হোৱাৰ খবৰ আহিছে।
দৰাচলতে, ইজৰাইলে ইৰানৰ বিৰুদ্ধে প্ৰিভেন্টিভ এটেক অৰ্থাৎ সতৰ্কতামূলক সামৰিক ব্যৱস্থা গ্ৰহণ কৰিছে। ইছৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে শনিবাৰে পুৱা এই অপাৰেশ্যনৰ কথা সদৰী কৰে। লগতে ইজৰাইল সেনা বাহিনীয়ে নিজৰ সেনা বাহিনীৰ বাবে জাৰি কৰিছে এলাৰ্ট জাৰি কৰি সমগ্ৰ দেশতেই ছাইৰেন বজাইছে। যাতে ইৰানৰ তৰফৰ পৰা যদি আক্ৰমণ কৰা হয় তেন্তে ইজৰাইলৰ নাগৰিক যাতে সুৰক্ষিত হৈ থাকে।
ইয়াৰ মাজতে ইৰানৰ ৰাজধানী তেহৰাণত বহু কেইটা বিস্ফোৰণ সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত। ৰাজধানী চহৰখনৰ মধ্যভাগত কমেও তিনিটাকৈ বিস্ফোৰণ সংঘটিত হৈছে। অৱশ্যে ইৰানৰ তৰফৰ পৰা এই সন্দৰ্ভত কোনো স্পষ্টীকৰণ দিয়া হোৱা নাই।
লক্ষণীয় যে, এই ঘটনা এনে সময়ত সংঘটিত হৈছে, যি সময়ত ইৰান আৰু আমেৰিকা পৰমাণৱিক কাৰ্যসূচীক লৈ আলোচনাত মিলিত হৈছে। বৃহস্পতিবাৰে জেনেভাত দুয়োখন দেশৰ মাজত এই সন্দৰ্ভত এক বৈঠকতো অনুষ্ঠিত হৈছিল। এই আলোচনাৰ মুখ্য উদ্দেশ্য আছিল ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ দশক দশক ধৰি চলি অহা অচলাৱস্থা দূৰ কৰা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us