/asomiyapratidin/media/media_files/2025/05/08/wonpJQgsBgkNS50QCzfM.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : ভাৰতীয় ৰেডক্ৰছ ছ'চাইটিৰ দৰং জিলা শাখাৰ উদ্যোগত দেশৰ আন আন ঠাইৰ লগতে মঙলদৈতো বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে বিশ্ব ৰেডক্ৰছ দিৱস, ২০২৫ পালন কৰে। এই উপলক্ষে আজি ৰাতিপুৱা ৮-৫৫ বজাত ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি দৰং জিলা শাখাৰ কাৰ্যালয় প্ৰাঙ্গণত ভাৰতীয় ৰেডক্ৰছ ছ'চাইটিৰ পতাকা উত্তোলন কৰে অধ্যক্ষ হৰেন কাকতিয়ে।
পতাকা উত্তোলনৰ আগেয়ে সম্পাদক হৰিচন্দ্ৰ শৰ্মাই দিনটোৰ কাৰ্যসূচী সম্পৰ্কে ব্যাখ্যা কৰাৰ লগতে অধ্যক্ষক আদৰণি আৰু সম্ভাষণ জনায় । ১১-০০ বজাৰ পৰা আবেলি ২-০০ বজালৈ মঙলদৈ প্ৰিমিয়াৰ চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ৰ সহযোগত ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি, দৰং জিলা শাখাই বিশ্বৰেড ক্ৰছ দিৱস উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত কৰে।
এই কার্যসূচীত ৰেডক্ৰছ ছ’চাইটিৰ জন্মদাতা জ'ন হেনৰী ডুনান্তৰ প্ৰতিচ্ছবিৰ সন্মূখত বন্তি প্ৰজ্জ্বলন আৰু মাল্যাৰ্পন কৰি সোঁৱৰণ কৰে ৰেড ক্ৰচ ছ'চাইটিৰ আজীৱন সদস্যা ডাঃ দিপ্তী মনি বৰুৱাই। দৰং জিলা ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিৰ অধ্যক্ষ হৰেন কাকতিৰ অধ্যক্ষতাত অনুস্থিত সজাগতা সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি মঙ্গলদৈ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপকদ্বয় ড০ সীমাজ্যোতি আৰু ইছাৰাম নাথে "on the Side of Humility" আৰু "Principles of Redcross" ৰ ওপৰত ভাষণ প্ৰদান কৰে।
সভাত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ভাৰতীয় ৰেডক্ৰছ ছ'চাইটী দৰং জিলা শাখাৰ সম্পাদক হৰিচন্দ্ৰ শৰ্মা, সহ সম্পাদক মহেশ গোস্বামী, কাৰ্যনিৰ্বাহক সদস্য প্ৰমোদ চন্দ্ৰ শৰ্মা, লুটফুৰ জামান, ডঃ লীনা শইকীয়া, জয়ন্ত কাকতি, বিনয় কুমাৰ বৰুৱা, ভূপেন ডেকা, মঙলদৈ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড০ মঞ্জু কলিতা, ভাৰতীয় ৰেডক্ৰছ ছ'চাইটিৰ আজীৱন সদস্য অধিবক্তা আনোৱাৰ হুচেইন, ৰূপেশ্বৰ ভূঞা, স্বেচ্ছাসেৱক প্ৰনৱ হাজৰিকা আৰু ৰমেশ চন্দ্ৰ ডেকাই । উক্ত কাৰ্যসূচীত বিদ্যালয়খনৰ সৰহ সংখ্যক শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ অংশ গ্ৰহণে জীপাল কৰি তোলে।
ছাত্ৰ ছাত্ৰীৰ মাজত বিশ্ব ৰেডক্ৰছ দিৱসৰ লগত সংগতি ৰাখি কৰা প্ৰশ্নোত্তৰৰ সময়ত প্ৰিমিয়াৰ একাডেমী চিনিয়ৰ চেকণ্ডাৰী স্কুলৰ কৌশিক দাস আৰু মৌচুমী বেগম পুৰস্কৃত হয়। সভাৰ শেষত উপস্থিত সকলোকে শলাগৰ শৰাই আগবঢ়াই ৰাজ্যিক কাৰ্য্যনিৰ্বাহক তথা ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি, দৰং জিলা শাখাৰ কোষাধ্যক্ষ জয়ন্ত শৰ্মাই। সজাগতা সভাৰ আৰম্ভণিতে উক্ত বিদ্যালয়ৰ অধ্যক্ষই ৰেডক্ৰছ ছ'চাইটিৰ উপস্থিত বিষয় ববীয়া আৰু সদস্য সকলক আদৰণি আৰু সম্ভাষণ জনায়।
ইয়াৰ পিছতে দৰং জিলা শাখা ৰেডক্ৰছ ছ'চাইটিৰ সম্পাদক প্ৰমুখ্যে বিষয় ববীয়া সকল নিৰিবিলি বৃদ্ধ আৱাসৰ আৱাসিক সকল আৰু পৰিচালক সকলৰ লগত অন্তৰঙ্গ আলাপ কৰে। বৃদ্ধ আৱাসৰ পৰিচালক বিনয় শৰ্মা, আৱাসী তাৰিণী কান্ত কুমাৰ, দিপালী শৰ্মা, আদিয়ে বক্তব্য ৰাখি ভাৰতীয় ৰেডক্ৰছ ছ'চাইটি দৰং জিলা শাখাই তেওঁলোকৰ প্ৰতি দেখুৱাই অহা সহযোগিতাৰ বাবে প্ৰসংশা সূচক বক্তব্য ৰাখে আৰু এনেদৰে মানৱীয় কাম কৰি যাব পৰাকৈ দৰং জিলা শাখা ৰেডক্ৰছ ছ'চাইটিক শক্তিশালী হৈ থকাৰ কামনাৰে ঈশ্বৰৰ ওচৰত ঘোষা গাই প্ৰাৰ্থনা জনায়।