বিশ্ব আলোকচিত্ৰ দিৱস সমাগত : ফটোৰ আঁৰতো লুকাই থাকে সমাজৰ দুখ- দুৰ্দশা

এখন ফটোৱে কৈ যায় নোকোৱাকৈ বহু কথা। এখন ফটোৱে দাঙি ধৰে এখন সমাজৰ আৰ্থিক, ভৌগলিক অৱস্থা তথা পৰিস্থিতিৰ সামগ্ৰীক অৱয়ৱ। 

author-image
Asomiya Pratidin
New Update
119

ডিজিটেল ডেস্ক : এখন ফটোৱে কৈ যায় নোকোৱাকৈ বহু কথা। এখন ফটোৱে দাঙি ধৰে এখন সমাজৰ আৰ্থিক, ভৌগলিক অৱস্থা তথা পৰিস্থিতিৰ সামগ্ৰীক অৱয়ৱ। 

Advertisment

সাধাৰণ মানুহে সন্ধান কৰা পচন্দতকৈ এজন ফটোগ্ৰাফাৰৰ পচন্দ সদায় বেলেগ হৈ ধৰা দি আহিছে একোখন ফটোত। সাধাৰণ মানুহে এখন ফটোত বিচাৰে সুন্দৰতা। কিন্তু এগৰাকী ফটোগ্ৰাফাৰৰ দৃষ্টিত সেই সুন্দৰতাতকৈ এখন ফটোৰ আঁৰত লুকাই থকা এখন সমাজৰ ভংগুৰ ছবিখন কিদৰে কেমেৰাত আৱদ্ধ কৰি তাক ৰাইজৰ মাজলৈ উলিয়াই আনি চিন্তাৰ উন্মেষ ঘটোৱাটেহে মূল লক্ষ্য। 

বিশ্ব আলোকচিত্ৰ দিৱস সমাগত। ১৯ আগষ্টৰ দিনটো পালন কৰি অহা হৈছে বিশ্ব আলোকচিত্ৰ দিৱস হিচাপে। বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ উদ্যোগত সমগ্ৰ বিশ্বজুৰি পালন কৰা হ’ব এই দিৱস। 

বিশ্ব আলোকচিত্ৰ দিৱসৰ এইবাৰৰ তাৎপৰ্য্য হৈছে-  “মোৰ পচন্দৰ ফটো”। এই লক্ষ্য আগত ৰাখি উদযাপন কৰা হ’ব বিশ্ব আলোকচিত্ৰ দিৱস।

এই বিশ্ব আলোকচিত্ৰ দিৱসৰ প্ৰাক মুহূৰ্তত শেহতীয়াকৈ জ্যেষ্ঠ ফটোগ্ৰাফাৰ বাৰ্লিণ শইকীয়াৰ কেমেৰাত বন্দী হৈছে কেইখনমান তত্বগধুৰ ফটো।

অভিশপ্ত শৈশৱ

অভিশপ্ত শৈশৱ
অভিশপ্ত শৈশৱ

যি কেইখন ফটোত আছে পৃথিৱীৰ কদৰ্য পৰিৱেশ, কুন্ধছ অৱসৱ, কৰ্কশ জীৱন – যাপনৰ শোচনীয় ছবি। লুকাই  আছে- শিশু শ্ৰমিক, পঢ়াৰ নামত ৰখা দুখীয়া- দৰিদ্ৰ লৰা- ছোৱালীক কৰা বঞ্চনা। আৰু আছে পোহৰৰ বিপৰীতে আন্ধাৰ খেপিয়াই ফুৰা শিশু বেদনা, অভিশপ্ত শৈশৱ।

শৈশৱৰ ধেমালি

শৈশৱৰ ধেমালি
শৈশৱৰ ধেমালি

অৱশ্যে এই আন্ধাৰৰ মাজতো বাৰ্লিন শইকীয়াৰ কেমেৰাত বন্দী হৈছে শৈশৱৰ ধেমালিৰ কিছু মৰম লগা দৃশ্য। তেওঁৰ এখন ফটোত বন্দী হৈছে- কংক্ৰীটৰ পৃথিৱীত উশাহ ল’ব নোৱাৰা সময়ত গাঁৱৰ কেইটিমান শিশুৱে কিদৰে নঙলামাৰিত ওলমি কটাইছে জীৱনৰ সুন্দৰতম সময়। নাই কোনো চিন্তা, নাই কোনো আক্ষেপ। প্ৰকৃতি আৰু গাঁৱখনে যিকণ দিছে তাকেই আটোমটোকাৰিকৈ স্মৃতিৰ মণিকোঠা সজীৱ কৰি লৈছে।

cgxbc
সাঁকো

তাৰ মাজতে তেওঁৰ আন এখন ছবি হৈছে সাকোঁ। এই সাঁকোখনেও কৈ গৈছে নোকোৱাকৈ বহু কথা। আজিৰ এই উন্নয়নৰ সময়তো কিদৰে এখন বাঁহৰ সাঁকোৰে সাধাৰণ জনতাই কৰিব লগা হৈছে আহ- যাহ। হয়তো এনেদৰে এনেকৈ বহু ফটোই দি যায় সমাজৰ বহু অভাৱ- অভিযোগ, পোৱা-নোপোৱাৰ হিচাপ।

ফটোগ্ৰাফী ফটো