/asomiyapratidin/media/media_files/2025/10/17/ujjjdd-2025-10-17-23-39-14.jpg)
ডিজিটেল ডেস্কঃ বিশ্ব মানসিক স্বাস্থ্য দিৱস! ১৯৯২ চনৰপৰা 'বিশ্ব মানসিক স্বাস্থ্য সংঘ' (World Federation for Mental Health)-ৰ তত্ত্বাৱধানত সমগ্ৰ বিশ্বতে এই দিনটো পালন কৰি অহা হৈছে। শাৰীৰিক স্বাস্থ্যৰ সমান্তৰালভাৱে আজিৰ বৰ্ধিত সমাজত মানসিক স্বাস্থ্যৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা বৃদ্ধিৰ বাবে তথা সজাগতা অনাৰ বাবে প্ৰতি বছৰে সমগ্ৰ বিশ্বতে অক্টোবৰ মাহত মাহজোৰাকৈ মানসিক স্বাস্থ্যৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হয়।
বিগত ১৫টা বছৰৰ দৰে এই বছৰো গুৱাহাটী বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিজ্ঞান বিভাগে উক্ত দিনটো পালন কৰে। মাহটোৰ লগত সংগতি ৰাখি বিভাগে আজি (১৭ অক্টোবৰ) দিনজোৰা কাৰ্যসূচীৰে 'The Therapeutic Power of Sound and Motion' শীৰ্ষক এখন কৰ্মশালাৰ আয়োজন কৰে।
আৰম্ভণিতে মনোবিজ্ঞান বিভাগৰ জ্যেষ্ঠা অধ্যাপিকা ড° ৰীতা ৰাণী তালুকদাৰে কৰ্মশালাৰ উদ্দেশ্য আৰু মানসিক স্বাস্থ্যৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তদুপৰি ড° ৰাতুল মহন্ত (ডীন, কলা বিভাগ)য়ে শুভেচ্ছা বাৰ্তা আগবঢ়াই সকলোকে আদৰণি জনায়। আঁত ধৰে শিক্ষয়িত্ৰী দেৱাঙ্গনা লহকৰে। প্ৰথম পৰ্যায়ত মনোবিজ্ঞানী আৰু মুভমেণ্ট থেৰাপী বিশেষজ্ঞ হিচাপে শ্ৰীযুতা ধৃতিস্মিতা বৰা উপস্থিত থাকি কৰ্মশালাখন আগবঢ়াই নিয়ে।
তেওঁ বিভিন্ন দৈহিক ক্ৰিয়াকলাপৰ মাজেৰে স্নাতকোত্তৰ মহলাৰ শিক্ষাৰ্থীসকলক থেৰাপী প্ৰদান কৰে। এটা মনোৰঞ্জনমূলক পৰিৱেশৰ মাজেৰে প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী সমাপন কৰা হয়। শিক্ষাৰ্থীসকলৰ প্ৰশ্নোত্তৰ দি এটা অন্তৰংগমূলক আলোচনাৰে এই কাৰ্যসূচী সূচাৰুৰূপে সমাপ্ত হয়। আবেলি ৩ বজাৰপৰা দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী আৰম্ভ হয়। বিষয়বস্তু আছিল : মাইণ্ডফুলনেছ মিউজিক থেৰাপী (Mindfulness Music Therapy)।
এই কাৰ্যসূচী ড° দৰথী ভাণ্ডাৰী ডেকা (মনোবিজ্ঞানী আৰু মিউজিক থেৰাপী বিশেষজ্ঞ) ৰ উদ্যোগত পৰিচালিত হয়। বিভিন্ন আত্ম-বিশ্লেষণনাত্মক (Self-awareness) কামৰ জৰিয়তে শিক্ষাৰ্থীসকলক থেৰাপী প্ৰদানৰ বিভিন্ন কৌশল শিকোৱা হয়। প্ৰায় অৰ্ধশতাধিক শিক্ষাৰ্থীৰ উপস্থিতিয়ে দিনজোৰা অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। সদৌ শেষত সকলো অংশগ্ৰহনকাৰীকে বিভাগৰ তৰফৰ পৰা প্ৰমাণ-পত্ৰ প্ৰদানৰ ব্যৱস্থাও কৰা হয়।
ইয়াৰোপৰি, যোৱা ১০ অক্টোবৰ তাৰিখে মনোবিজ্ঞান বিভাগৰ উদ্যোগত 'গুৱাহাটী বিশ্ববিদ্যালয় মডেল স্কুল'ত এখন সজাগতামূলক সভাৰ আয়োজন কৰা হয়। সভাত মানসিক স্বাস্থ্য আৰু ইয়াৰ গুৰুত্ব সম্বন্ধে অধ্যাপিকাসকলে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগত আলোচনা কৰে।