/asomiyapratidin/media/media_files/2025/06/05/ZLLEvzxxqUN8q4t17w3T.jpg)
ডিজিটেল সংবাদ, চানডুবিঃ আজি দক্ষিণ কামৰূপ অঞ্চলৰ উল্লেখযোগ্য আৰ্দ্ৰভূমি দৰাবিলৰ পাৰত ‘দৰাবিল গো-চৰণীয়া পথাৰ সুৰক্ষা সমিতি’ৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে গছপুলি ৰোপন কৰে ক্ৰমে দৰাবিল গো-চৰণীয়া পথাৰ সুৰক্ষা সমিতিৰ সভাপতি অশ্বিনী মজুমদাৰ, প্ৰাক্তন শিক্ষক মহেশ্বৰ ঠাকুৰীয়া আৰু দক্ষিণ কামৰূপ কুমাৰ সন্মিলনৰ সভাপতি যোগেন্দ্ৰ কুমাৰে।
অনুষ্ঠানত উপস্থিত থকা দৰাবিলৰ চাৰিওফালৰ গাওঁসমূহৰ ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে দৰাবিল গো-চৰণীয়া পথাৰ সুৰক্ষা সমিতিৰ সভাপতি অশ্বিনী মজুমদাৰ, সম্পাদক কনক চন্দ্ৰ দাস, নিজামুদ্দিন আহমেদ আৰু দক্ষিণ কামৰূপ কুমাৰ সন্মিলনৰ সভাপতি যোগেন্দ্ৰ কুমাৰে।
উল্লেখ্য যে বক্তাসকলে তেওঁলোকৰ ভাষণৰ জৰিয়তে উপস্থিত ৰাইজক পৰিৱেশ দিৱসৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ লগতে দক্ষিণ কামৰূপ অঞ্চলৰ জৈৱ–বৈচিত্ৰ আৰু খিলঞ্জীয়া ভূমিপুত্ৰ গো-পালক, কৃষক, মৎসজীৱী ৰাইজ, মৃতশিল্পী ৰাইজ তথা সৰ্বসাধাৰণ ৰাইজৰ সুস্থ ভৱিষ্যতৰ স্বাৰ্থত দৰাবিল আৰু ইয়াৰ সংলগ্ন গো-চৰণীয়া পথাৰ প্ৰাকৃতিকভাৱে জীয়াই ৰাখিব লাগিব বুলি কয়।
উক্ত সভাৰ বক্তাসকলে চৰকাৰ প্ৰশাসনে দৰাবিল আৰ্দ্ৰভূমিৰ এক গুৰুত্বপূৰ্ণ অংশ গো-চৰণীয়াপথাৰৰ ১৫০ বিঘা ভূমি সংৰক্ষণ মুক্ত কৰি এ আই দি চি লিমিটেডৰ দ্বাৰা মেচাৰ্চ নিউ কলকাতা ইণ্টাৰনেশ্বনেল ডেভল’পমেণ্ট প্ৰাইভেট লিমিটেডক ল’জিষ্টিক পার্ক নিৰ্মাণৰ বাবে দিব বিচৰা প্ৰস্তুতিক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।
উপস্থিত সচেতন ৰাইজেও কোনোপধ্যেই বিলৰ পথাৰত উদ্যোগ স্থাপন হ’বলৈ দিয়া নহ’ব আৰু প্ৰয়োজনত সকলো ধৰণৰ প্ৰচেষ্টাৰে ৰাইজে ইয়াৰ প্ৰতিৰোধৰ বাবে আগবাঢ়িব বুলি মন্তব্য প্ৰকাশ কৰে। অনুষ্ঠানৰ শেষত উপস্থিত ৰাইজে হাতে হাতে প্লে’কাৰ্ড লৈ দৰাবিল ৰক্ষা কৰক, গো-চৰণীয়া পথাৰ ৰক্ষা কৰক, শিহুৰ বাসস্থান ৰক্ষা কৰক, শগুণৰ বাসস্থান ৰক্ষা কৰক, দৰাবিলৰ জৈৱ–বৈচিত্ৰ ৰক্ষা কৰক, গো-পালক ৰাইজক ৰক্ষা কৰক, মৎসজীৱী ৰাইজৰ জীৱিকা ৰক্ষা কৰক, মৃতশিল্পী ৰাইজৰ জীৱিকা ৰক্ষা কৰক, কৃষক ৰাইজক ৰক্ষা কৰক, দৰাবিল, গো-চৰণীয়া পথাৰ সুৰক্ষা সমিতি জিন্দাবাদ আদি শ্ল’গান দিয়ে।
উল্লেখ্য যে দৰাবিল গো-চৰণীয়া পথাৰ সুৰক্ষা সমিতিৰ তৰফৰ পৰা দৰাবিলৰ চাৰিওফালে বাস কৰা প্ৰতিজন নাগৰিক তথা সচেতন ৰাইজে প্ৰকৃতি আৰু মানুহৰ সেউজ ভৱিষ্যতৰ স্বাৰ্থত দল, মত, ব্যক্তি স্বাৰ্থ পাহৰি একতাৰে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।