আজি বিশ্ব পৰিৱেশ দিৱসঃ এইবাৰৰ শ্লোগান- Only One Earth…

আজি বিশ্ব পৰিৱেশ দিৱসঃ এইবাৰৰ শ্লোগান- Only One Earth…

author-image
asomiyapratidin
New Update
আজি বিশ্ব পৰিৱেশ দিৱসঃ  এইবাৰৰ শ্লোগান-  Only One Earth…

ডিজিটেল ডেস্কঃ আজি বিশ্ব পৰিৱেশ দিৱস। ৫ জুন তাৰিখে প্রতি বছৰে সমগ্ৰ বিশ্বত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। ইয়াৰ মূল লক্ষ্য হৈছে বিশ্ববাসীক পৰিৱেশৰ প্রতি সজাগ কৰি তোলা, যাতে সকলো মানুহে পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীক সুস্থিৰ কৰি ৰাখে।

Advertisment

এই দিৱস পোন প্রথমে পালন কৰা হৈছিল ১৯৭৩ চনৰ ৫ জুন তাৰিখে আৰু ইয়াৰ পিছত গোটেই বিশ্বত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। প্ৰতি বছৰে এই দিৱসটি বেলেগ বেলেগ চহৰত, বেলেগ বেলেগ বিষয় লৈ পালন হয়। উত্তৰ গোলাৰ্ধত দিবসটি বসন্তত আৰু দক্ষিণ গোলাৰ্ধত এই দিৱসটি শৰত কালত পালন কৰা হয়। ২০২২বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল শ্লগান হৈছে, 'Only One Earth' 

জানি আচৰিত হব যে, পৰিৱেশ ভাৰসাম্য নোহোৱাৰ বাবে বিশ্বত প্রতি বছৰে ১৫ নিযুত লোকৰ খাদ্যৰ অভাৱত মৰে। বিশ্বৰ ১০৮ কোটি মানুহৰ বায়ু প্রদূষণৰ ফলত মৃত্যু ঘটে। বিশ্বৰ ১.২ বিলিয়ন মানুহে পৰিষ্কাৰ পানী খাবলৈ নেপাই আৰু মৃত্যুবৰণ কৰে। গোটেই বিশ্বৰে অকল ৫ জুন তাৰিখেহে মনত পৰে নেকি পৰিৱেশৰ প্রতি প্রেম। বিশ্ব পৰিৱেশ দিৱস হিচাপে প্রতি বছৰে বিশ্ব আন্ত-জাতিক ৰাষ্ট্রীয় সংগঠনে এটা বিষয় প্রসঙ্গ ৰাখে আৰু এই বিষয় প্রসঙ্গ ওপৰত ভিত্তি কৰি আমি বিভিন্ন ধৰনৰ অনুষ্ঠান পতা হয়।

এই দিৱস প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিয়ে(UNED) ১৯৭২ চনৰ ৫-১৬ জুনলৈকে অনুষ্ঠিত মানৱ পৰিৱেশ(Human Environment) সন্মিলনত আৰম্ভ কৰিছিল। পিছৰ বছৰত 'Only one Earth' মূল বিষয়বস্তুৰে এই দিৱস উদযাপন কৰা হয়। তাৰ পৰৱৰ্তী বছৰৰ পৰা অৰ্থাৎ ১৯৪৭ চনৰ পৰা বিশ্বৰ বিভিন্ন দেশৰ মহানগৰবোৰত এই পৰিৱেশ দিৱস উদযাপন কৰিবলৈ লোৱা হয়।

মানুহৰ একমাত্ৰ বাসভূমি এই পৃথিৱীত ক্ৰমে ক্ৰমে প্ৰবলতৰ হৈ উঠা পৰিৱেশজনিত সমস্যা, খাদ্যবস্তুৰ অপচয় আৰু লোকচান, নিৰ্বনিকৰণ, গোলকীয় উষ্ণতা বৃদ্ধি আদি সমস্যাবোৰ সমাধানক এই দিৱসৰ লক্ষ্য কৰি লোৱা হৈছে।

সেই উদ্দেশ্যে প্ৰতি বছৰে এটা বিষয়বস্তু আৰু শ্লোগান সমগ্ৰ বিশ্বতে প্ৰচাৰৰ আঁচনি কৰা হয়। কাৰ্বনমুক্ত পৰিৱেশ আহৰণত সফলতা লাভৰ বাবে বননিকৰণ, সেউজ গৃহৰ পাৰ্শ্বক্ৰিয়া হ্ৰাসকৰণ, জৈৱ-ইন্ধন উৎপাদনত উদগনি, বিদ্যুৎ উৎপাদনত জলবিদ্যুৎ প্ৰকল্পৰ ব্যৱহাৰ, ছ'লাৰ ৱাটাৰ হিটাৰ ব্যৱহাৰত সাধাৰণ মানুহক উৎসাহিত কৰা, সৌৰ উৎসৰ পৰা শক্তি উৎপাদন, নতুন জলনিষ্কাশন ব্যৱস্থাৰ বিকাশ, প্ৰবাল-চৰ আৰু মেংগ্ৰোভৰ প্ৰতিষ্ঠা বা পুনঃপ্ৰতিষ্ঠাত সহায় কৰা, যাতে বান আৰু খহনীয়াৰ কবলৰ পৰা দ' ঠাইবিলাক ৰক্ষা কৰিব পাৰি- ইত্যাদি বিষয়বোৰক মানুহৰ মাজত জনপ্ৰিয় কৰাৰ উদ্দেশ্য আগত ৰাখি এই দিৱস উদযাপন কৰা হয়।