/asomiyapratidin/media/media_files/2025/09/02/new-ap-web-1-2025-09-02-17-28-36.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ আজি বিশ্ব নাৰিকল দিৱস। নাৰিকলৰ গুণাগুণ আৰু মানৱ শৰীৰৰ বাবে ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে প্ৰতি বছৰে ২ ছেপ্টেম্বৰ তাৰিখে এই দিৱসটি উদযাপন কৰা হয়। এইবাৰৰ বিশ্ব নাৰিকল দিৱস কাৰ্যসূচীৰ বিষয়বস্তু হ'ল নাৰিকলৰ অন্তৰ্নিহিত শক্তি উদ্ঘাটন কৰা।
এই বিশ্ব নাৰিকল দিৱসৰ লগত সংগতি ৰাখি মঙলবাৰে কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত তথা উদ্যান শস্য গৱেষণা কেন্দ্ৰ, কাঁহিকুঁচিৰ সহযোগত কামৰূপ জিলাৰ বকো অঞ্চলৰ জাকোৱাপাৰা গাঁৱত এখন সজাগতা সভা আৰু বৃক্ষৰোপণ কাৰ্যসূচীৰ আয়োজন কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/02/whatsapp-image-2025-09-02-17-29-28.jpeg)
উদ্যান শস্য গৱেষণা কেন্দ্ৰ, কাঁহিকুঁচিৰ বিশিষ্ট বিজ্ঞানী মূখ্য বিজ্ঞানী প্ৰদীপ মহন্ত, বিশিষ্ট বিজ্ঞানীদ্বয় ক্ৰমে ধীৰেণ চৌধুৰী আৰু সমীৰণ পাঠক, কনিষ্ঠ বিজ্ঞানী অঞ্জন বৰা, ভাৰপ্ৰাপ্ত মহকুমা কৃষি বিষয়া গৌতম ৰয়চৌধুৰী, মিডিয়া বিশেষজ্ঞ অক্ষমালা মহন্ত তথা কৃষি বিভাগৰ অন্যান্য বিষয়ববীয়াৰ লগতে স্থানীয় কৃষকসকল উপস্থিত থাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/02/whats-2025-09-02-17-29-45.jpeg)
এই অনুষ্ঠানত ভাষণ প্ৰসংগত মূখ্য বিজ্ঞানী প্ৰদীপ মহন্তই কৃষকসকলক উৎসাহ জগাই কয় সদৰি কৰে যে, "এই জাকোৱাপাৰা অঞ্চলটো নাৰিকল খেতিৰ বাবে উপযোগী। সেয়েহে প্ৰতিগৰাকী কৃষকে নিজৰ বাৰীত নাৰিকল পুলি ৰোপণ কৰাতো অত্যন্ত আৱশ্যক। সেই লক্ষ্য আগত ৰাখিয়েই উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ তৰফৰ পৰা এই অঞ্চলত প্ৰদৰ্শনীমূলকভাৱে এক বিঘা মাটিত নাৰিকল খেতিৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।"
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/02/whatsapp-im-2025-09-02-17-30-05.jpeg)
তেখেতে লগতে উল্লেখ কৰে যে, "এই মাটিডৰাত নাৰিকলৰ লগতে অন্যান্য ৫ বিধ শস্যৰ খেতিও কৰা হ'ব আৰু প্ৰতিজোপা শস্যৰ পুলি, সাৰ আৰু ইয়াৰ প্ৰতিপালনৰ বাবে প্ৰয়োজনীয় সকলোধৰণৰ সা-সুবিধা উদ্যান শস্য গৱেষণা কেন্দ্ৰই প্ৰদান কৰিব।" সভাৰ অন্তত নাৰিকল খেতিৰ প্ৰস্তাৱিত মাটিডৰাত নাৰিকলৰ পুলিও ৰোপণ কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us