/asomiyapratidin/media/media_files/2025/10/08/ds6uysder4-2025-10-08-12-08-48.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষৰ লগতে শোধনাগাৰৰ ঠিকাদাৰ প্ৰতিষ্ঠানৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে গৰজি উঠিল শ্ৰমিক সংগঠন। চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত শ্ৰমিক সংগঠনৰ সদস্যসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ফলস্বৰূপে, বঙাইগাঁও শোধনাগাৰৰ ভিতৰচৰাত চলি থকা বিভিন্ন নিৰ্মাণকাৰ্য্য সম্পূৰ্ণ ৰূপে স্তব্ধ হৈ পৰিছে।
বঙাইগাঁও শোধনাগাৰৰ ভিতৰচৰাত নিৰ্মাণকাৰ্য্যত জড়িত ঠিকাদাৰ গোষ্ঠীয়ে অস্থায়ী শ্ৰমিক সকলক কামৰ পৰা চাটাই কৰা, শ্ৰমিক সকলৰ প্ৰাপ্য মজুৰী সময়মতে আদায় নিদিয়া আদি কৰি ঠিকাদাৰ সকলৰ শ্ৰমিক বিৰোধী কাৰ্য্যকলাপৰ প্ৰতি বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই একপ্ৰকাৰ সমৰ্থন কৰাৰ অভিযোগ উত্থাপন কৰি আজি বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত অৱস্থান কৰি অস্থায়ী শ্ৰমিক সন্থাৰ পাঁচ শতাধিক শ্ৰমিকে চাৰিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
বঙাইগাঁও শোধনাগাৰত ঠিকাদাৰ প্ৰতিষ্ঠানৰ অধীনত কৰ্মৰত অস্থায়ী শ্ৰমিক সকলৰ সমস্যা সমাধান কৰিবলৈ শ্ৰমিক সংগঠনৰ সৈতে বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষৰ সৈতে ইয়াৰ পূৰ্বে কেইবালানি আলোচনা অনুষ্ঠিত হৈছে। অস্থায়ী শ্ৰমিক সকলৰ সৈতে ঠিকাদাৰ প্ৰতিষ্ঠান সমূহৰ চলি থকা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বঙাইগাঁও শোধনাগাৰ কতৃপক্ষই যেনে ধৰণৰ কাম কৰিব লাগিছিল তেনেদৰে নকৰি তেওঁলোকে সদায় শ্ৰমিক বিৰোধী কাম কৰা ঠিকাদাৰ ছহিদুল ইছলামৰ পক্ষ লোৱা পৰিলক্ষিত হৈছে বুলি বঙাইগাঁও শোধনাগাৰ অস্থায়ী শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক দিলীপ ৰায়ে অভিযোগ উত্থাপন কৰে।
উল্লেযোগ্য যে, পূৰ্বেও আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ পিছত বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই সমস্যা সমাধান কৰাৰ নামত বৈঠক অনুষ্ঠিত কৰে যদিও বৈঠকত যি সমূহ প্ৰতিশ্ৰুতি শ্ৰমিক সংগঠনৰ নেতৃত্ববৰ্গক দিয়া পৰবৰ্তী সময়ত কাৰ্য্যত সেয়া তেওঁলোকে নকৰে। যাৰবাবে বঞ্চিত শোষিত অস্থায়ী শ্ৰমিক সকলে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ বিচাৰি অনিচ্ছাসত্বেও এইদৰে আন্দোলন কৰিব লগা হৈছে । এইবাৰো যদি শ্ৰমিক সকলৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বঙাইগাঁও শোধনাগাৰ কতৃপক্ষই যোগাত্মক ভূমিকা গ্ৰহণ নকৰে তেনেহলে অহা ১০ অক্টোবৰ তাৰিখে ১২ ঘন্টীয়া প্ৰতিকী অনশন কাৰ্য্যসূচী ৰূপায়ন কৰা হব বুলি শ্ৰমিক নেতা দিলীপ ৰায়ে হুংকাৰ প্ৰদান কৰে ।