/asomiyapratidin/media/media_files/2026/01/20/662-2026-01-20-23-24-44.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰ : বৃটিছৰ আমোলত কলিয়াবৰত স্থাপন কৰা কলিয়াবৰ চাহ বাগিচাত এতিয়া অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে। কলিয়াবৰ চাহ বাগিচাৰ সোণাৰি চাহবাগিচা নামৰ এটা শাখা বাগিচা আছে।
এসময়ত উৎপাদন আৰু ব্যৱসায়ত কৃতিত্ব অৰ্জন কৰা এই বাগিচাৰ অৱস্থা এতিয়া শোচনীয়। বৰ্তমানৰ বাগিচাখনৰ স্বত্বাধিকাৰী চাবিৰ আহমেদৰ মইমতালিৰ বাবে বাগিচাখনত অচলাৱস্থাৰ সৃষ্টি হৈছে।
দীৰ্ঘদিন ধৰি বাগিচাখনৰ শ্ৰমিক সকল বিভিন্ন সা - সুবিধাৰ পৰা বঞ্চিত হৈ আছে। বিভিন্ন সময়ত মালিক পক্ষই শ্ৰমিকৰ প্ৰাপ্য আদায় দিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ভঙ্গ কৰাত শ্ৰমিক সকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।
মঙলবাৰে ইয়াৰেই বহিঃপ্ৰকাশ ঘটিল বাগিচাখনত। আজি নগাঁও জিলা চাহ মজদুৰ সংঘৰ লগতে স্থানীয় শাখাৰ উদ্যোগত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে শ্ৰমিকসকলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/20/whatsapp-image-2026-01-20-23-27-39.jpeg)
বিশেষকৈ বাগিচাখনৰ শ্ৰমিক সকল বাগিচাখনৰ স্বত্বাধিকাৰী চাবিৰ আহমেদৰ বিৰুদ্ধে সৰৱ হৈ পৰে আৰু আহমেদক শীঘ্ৰে অপসাৰণৰ কৰাৰ দাবী উত্থাপন কৰে। মালিক চাবিৰ আহমেদক আমাক নালাগে ,চাবিৰ আহমেদ মুৰ্দাবাদ ,বৃটিছৰ শাসন বন্ধ কৰক ,চাহ মজদুৰ সংঘ জিন্দাবাদ আদি বিভিন্ন ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে।
শ্ৰমিকসকলৰ দৰমহা ,ৰেচন ,চিকিৎসা আদি নোপোৱাৰ বাবে শ্ৰমিক সকল ক্ষোভিত হৈ পৰে। প্ৰায় ১৩ কোটিৰো অধিক টকা শ্ৰমিক সকলক আদায় দিবলৈ আছে মালিক পক্ষই।
পিছত কলিয়াবৰ সমজিলাৰ আয়ুক্ত ৰাজবৰুৱা উপস্থিত হোৱাৰ পিছত পৰিস্থিতিৰ শাম কাটে। উল্লেখ্য যে ১৮ জানুৱাৰীত চাহ মজদুৰ সংঘই কলিয়াবৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা শ্ৰম মন্ত্ৰী ৰূপেশ গুৱালাক সাক্ষাৎ কৰি বিষয়টোৰ সন্দৰ্ভত চাহ মজদুৰ সংঘই অবগত কৰাত মন্ত্ৰীগৰাকীয়ে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল।
সেই মৰ্মে শ্ৰমিক সকলে প্ৰতিবাদী কাৰ্যসূচী চলাই থকাৰ সময়তে অসম চৰকাৰৰ ভবিষ্যত নিধি কৰ্তৃপক্ষৰ এটা দল বাগিচাখনত উপস্থিত হৈ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us