/asomiyapratidin/media/media_files/2025/08/27/new-ap-web-4-15-2025-08-27-19-05-40.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ ৰিজাৰ্ভ বেংকৰ পৰা নুনমাটিলৈ নিৰ্মাণ হৈ থকা উৰণ সেতুখনৰ নিৰ্মাণত জড়িত থকা আন এজন শ্ৰমিকে আজি প্ৰাণ হেৰুৱালে। উৰণ সেতুখনৰ শিলপুখুৰীৰ নিৰ্মাণস্থলীত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় শ্ৰমিক জনৰ।
জানিব পৰা মতে উৰণ সেতুখনৰ শিলপুখুৰী অঞ্চলৰ অংশত নিৰ্মাণৰ কামত নিয়োজিত হৈ থকা দুজন শ্ৰমিক বিদ্যুৎস্পৃষ্ট হয়। ফলত ঘটনাস্থলীতে এজন শ্ৰমিকে প্ৰাণ হেৰুওৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।
মন কৰিবলগীয়া যে, ধাৰাবাহিকভাৱে এই উৰণ সেতুখন নিৰ্মাণৰ সময়ত নিৰ্মাণৰ কামত জড়িত থকা শ্ৰমিক থকা সাধাৰণ নাগৰিক জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই বহু কেইটা দুৰ্ঘটনাৰ সংঘটিত হৈ আহিছে। ইয়াৰ পূৰ্বে এই উৰণ সেতুখনৰ চানমাৰিৰ কাষত নিৰ্মাণৰ অংশত বিদ্যুৎস্পৃষ্ট হৈছিল এগৰাকী মহিলা।
তাৰো উপৰি উৰণ সেতু নিৰ্মাণৰ বাবে পথৰ মাজৰ অংশত দমাই থোৱা ৰদেসমূহেও পথাচাৰীক ক্ষতিগ্ৰস্ত কৰিছে। বামুণীমৈদাম, চানমাৰি আদি অঞ্চলত কেইবাখনো বাহন এনে ৰদৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে।
আজিৰ এই ঘটনাৰ সন্দৰ্ভত প্ৰত্যক্ষ দৰ্শীয়ে জনোৱা অনুসৰি নিৰ্মাণ কাৰ্যত নিয়োজিত শ্ৰমিকৰ সুৰক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে গাফিলতি কৰা হৈছে। উৰণ সেতুখনৰ নিৰ্মাণত জড়িত শ্ৰমিকসকলৰ সুৰক্ষাৰ বাবে হেলমেট, হেণ্ড গ্ল’ভছকে ধৰি যিসমূহ সুৰক্ষাসমূলক ব্যৱস্থা থাকিব লাগে সেই ব্যৱস্থা লোৱা হোৱা নাই।
ইফালে আজিৰ এই ঘটনাৰ পিছতে স্থানীয় লোকে ১০৮ এম্বুলেঞ্চ সেৱা আৰু স্থানীয় চানমাৰি আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিল যদিও ঘটনাস্থলীত তেওঁলোক পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। যিগৰাকী শ্ৰমিকৰ মৃত্যু হৈছে তেওঁ সঠিক সময়ত চিকিৎসা লাভ নকৰাৰ বাবেই মৃত্যুক আকোৱালি ল’বলগীয়া হ’ল বুলি অভিযোগ উঠিছে।
স্মৰ্তব্য য, এই উৰণ সেতুখনৰ নিৰ্মাণৰ বাবে দীঘলীপুখুৰী অঞ্চলৰ পৰা গুৱাহাটী কলেজলৈকে গোটেই পথছোৱা সম্পূৰ্ণৰূপে ধ্বংস হৈ আছে। ইয়াৰে চানমাৰিৰ পৰা দীঘলীপুখুৰী দিশৰ পথত শিল, বালি পেলাই প্ৰকাণ্ড প্ৰকাণ্ড গাতসমূহ পুতি পেলোৱাৰ ব্যৱস্থা কৰিলে যদিও বালিৰ লগত থকা প্ৰকাণ্ড প্ৰকাণ্ড শিলসূমহৰ বাবে কেইবাটাও সৰু সৰু দুৰ্ঘটনা সংঘটিত হৈছে।
আজিৰ দিনটোতে শিলপুখুৰীৰ উক্ত স্থানত অতি কমেও তিনিটা দুৰ্ঘটনা সংঘটিত হ’ল। আনহাতে গুৱাহাটী ক্লাৱৰ পৰা চানমাৰিলৈ অহা পথচোৱাত পথ বুলিবলৈ একোৱাই বাকী ৰোৱা নাই।
পথৰ নামত ইয়াত আছে প্ৰকাণ্ড প্ৰকাণ্ড গাত। যাৰ বাবে এই পথৰে যাতায়ত কৰা লোকসকলে হাতৰ মুঠিত জীৱন লৈ যাত্ৰা কৰিবলগীয়া এক পৰিস্থিতিৰ দৰে অৱস্থাৰ সূচনা হৈছে।