/asomiyapratidin/media/media_files/2025/12/19/new-ap-web-2-13-2025-12-19-17-46-28.jpg)
ডিজিটেল সংবাদ, ওৰাংঃ মহিলা সমিতিয়ে ২০ বছৰে দখল কৰি ৰখা ৫ বিঘা মাটি গুপনে বসুন্ধৰা ৩.০ আঁচনিৰ জৰিয়তে ম্যাদীকৰণৰ অভিসন্ধি ৰচনাৰ পিছত এইবাৰ কেইবা গাড়ী মাটি পেলাই গেটত তলা লগালে মন্ত্ৰী পত্নীয়ে।
ইফালে, প্ৰশাসনৰ কাষ চাপিও কোনো সুফল লাভ নকৰাত অৱশেষত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰি মাটিৰ অধিকাৰৰ বাবে দাবী উত্থাপন কৰিলে মহিলা সমিতিয়ে। মন্ত্ৰী অশোক সিংহলৰ এনে নিকৃষ্ট কৰ্মকাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ঢেকীযাজুলিত।
শুকুৰবাৰে ঢেকিয়াজুলিৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত পুনৰ মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে প্ৰতিবাদত নামিল মহিলা সমিতি। শাসনৰ বাঘজৰী হাতত পৰিলেই এতিয়া মন্ত্ৰী আমোলাই পত্নীৰ নামত হকে-বিহকে সম্পত্তিৰ পাহাৰ গঢ়াটো এক প্ৰকাৰ ফেশ্বনত পৰিণত হৈছে বুলি উল্লেখ কৰিলে ৰাইজে।
উল্লেখযোগ্য যে, বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমৰ বাবে ন্যাস গঠন কৰিবলৈ গৈ নিজৰ পত্নীৰ নামত ৫ বিঘা মাটি বসুন্ধৰা ৩.০ ৰ জৰিয়তে কিছুদিনৰ আগতে নামজাৰি কৰিবলৈ আবেদন কৰিছিল মন্ত্ৰী অশোক সিংহলৰ পত্নী শিল্পী সিংহলে।
জানিব পৰা মতে, বৃহত্তৰ ঢেকিয়াজুলি মহিলা সজাগতা সমিটিয়ে বিগত ২০-২২ বছৰে ঢেকিয়াজুলি ৰাজহচক্ৰৰ ১৬৬ দাগৰ ২২ বিঘা মাটি দুষ্ট চক্ৰক দখল কৰিবলৈ নিদি মহিলা সমিতিৰ দখলত সুৰক্ষিত কৰি ৰাখিছিল। পৰৱৰ্তী সময়ত বিধায়ক অশোক সিংহল আৰু প্ৰশাসনৰ অনুৰোধত শ্বহীদ ন্যাস স্থাপনৰ বাবে ১৭ বিঘা মাটি এৰি দিছিল মহিলা সমিতিয়ে। বাকি থাকিছিল ৫ বিঘা মাটি।
পৰৱৰ্তী সময়ত মহিলা সমিতিৰে আলোচনা মৰ্মে ঢেকিয়াজুলিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে মহিলা সমিতিৰ দখলত থকা ৫ বিঘা মাটিত বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰম নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। কিন্তু ৰহস্যজনক ভাবে মহিলা সমিতিয়ে বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰম নিৰ্মাণৰ বাবে দিয়া মাটি বসুন্ধৰা ৩.০ ত আঁচনিত ম্যাদীকৰণৰ বাবে আবেদন কৰিলে মন্ত্ৰী অশোক সিংহলৰ পত্নী শিল্পী সিংহলেহে। যি কথা অন্ধকাৰত ৰাখিছিল মহিলা সমিতিৰ পৰা।
যেতিয়াই একেই দাগ নম্বৰৰ মাটিৰ বিপৰীতে মহিলা সমিতিয়ে বসুন্ধৰাত আবেদন কৰিলে আৰু যেতিয়াই স্থানীয় লাট মণ্ডলে জিঅ' টেক কৰিবলৈ যোৱাৰ মূহুৰ্তত পোহৰলৈ আহিল সমষ্ট ঘটনাৰ আঁৰৰ সত্য। RTPS/SLIJE/2025/84539 ঢেকিয়াজুলি গাওঁ শিল্পী আনন্দ সিংহলে নিৰ্মাণৰত বৃদ্ধাশ্ৰমৰ মাটি ম্যাদীৰ বাবে আবেদন কৰিছে। লগে লগে জাঙুৰ খাই উঠিল মহিলা সমিতি।
উপায়ন্তৰ হৈ মহিলা সকলে সাংবাদিক, নাগৰিক, দল-সংগঠনক কথাবোৰ অবগত কৰিবলৈ আহ্বান কৰিছিল সভা। সভা আহ্বানৰ খবৰ পায় সভা নাপাতিবলৈ বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰিলে মন্ত্ৰী সিংহলে। পিছত মহিলা সমিতিৰ ওচৰত সেওঁ মানি তথা নিজৰ ভুল স্বীকাৰ কৰি মাটিখিনি মহিলা সমিতিক ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল মন্ত্ৰী অশোক সিংহলে।
আচৰ্য্যজনকভাৱে, মহিলা সমিতিৰ দখলত থকা ৫ বিঘা মাটিৰ লোভ সামৰিব নোৱাৰি পুনৰ আন এক কৌশল ৰচনা কৰে মন্ত্ৰী অশোক সিংহলে। যোৱা অক্টোবৰ মাহত মহিলা সমিতিৰ দখলিকৃত ভূমিত এইবাৰ ১৫/১৬ গাড়ী মাটি পেলাই ভূমিখিনি পুনৰ নিজৰ দখললৈ অনাৰ চেষ্টা কৰে মন্ত্ৰী গৰাকীয়ে। এই কথা মহিলা সমিতিয়ে জানিব পাৰি গেটত তলা লগাই দিয়ে যদিও মন্ত্ৰী পত্নীয়ে পুনৰ শিকলি লগাই মহিলা সমিতিয়ে লগোৱা তলাৰ ওপৰত আন এটা তলা লগাই দিয়ে।
ইয়াৰ পিছত মহিলা সমিতিয়ে প্ৰশাসনৰ কাষ চাপে যদিও কোনো সুফল নোপোৱাত আজি ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত পুনৰ নিজৰ দখলীকৃত ভূমিৰ অধিকাৰ বিচাৰি এক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে। শিল্পী আনন্দ সিংহলৰ আবেদন নাকচ কৰক, অশোক সিংহল গ বেক, শোষণ আৰু নিৰ্যাতন বন্ধ কৰক শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বৃহত্তৰ ঢেকীয়াজুলি মহিলা সমিতিয়ে।
এতিয়া প্ৰশ্ন হয়, ঢেকিয়াজুলিৰ বায়ু পানীৰ সৈতে সংযোগ নথকা, মহিলা সমিতিৰ সৈতে সংযোগ নথকা মন্ত্ৰী সিংহলৰ পত্নী শিল্পী আনন্দ সিংহলৰ নামত কিয় আৰু কেনেকৈ বসুন্ধৰাত আবেদন কৰা হৈছিল। ন্যাস যদি খোলা হৈছে, তেন্তে মহিলা সমিতিক কিয় লগত লৈ আগবাঢ়ি যোৱা নাছিল মন্ত্ৰী সিংহল? স্থানীয় মহিলা সকলক অন্ধকাৰত ৰখাৰ আঁৰৰ ৰহস্য কি? নে পৰিয়ালৰ মাজতেই ন্যাস খুলি বৃদ্ধ আৰু অনাথৰ আশীৰ্বাদ শিৰত লৈ ধন ঘটাৰ কৌশল ৰচনা কৰিছিল জনতাৰ সেৱকে? প্ৰশ্ন এতিয়া সৰ্ব সাধাৰণৰ মনত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us