/asomiyapratidin/media/media_files/2025/09/30/new-ap-web-2-25-2025-09-30-09-35-55.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আজি আই চি চি মহিলা বিশ্বকাপ ২০২৫ উদ্বোধনী খেলখন অনুষ্ঠিত হ’ব। আজিৰ খেলখনত ভাৰতৰ সৈতে মুখামুখি হ'ব শ্ৰীলংকা। ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে ভাৰত আৰু শ্রীলংকাৰ দুয়োটা দল।
উল্লেখযোগ্য যে, আজিৰ উদ্ধোধনী সমাৰোহ প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হ’ব।খেল অনুষ্ঠিত হোৱাৰ ৪০ মিনিট সময় পূৰ্বে জনপ্ৰিয় সংগীত শিল্পী শ্ৰেয়া ঘোষালে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিব বুলি বি চি চি আইয়ে সদৰি কৰিছে।
শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ পাছতে ৩ বজাৰ পৰা আৰম্ভ হ’ব খেলখন। লক্ষ্যণীয় যে, আজি পোন প্রথমবাৰলৈ অসমত মহিলা বিশ্বকাপ ক্রিকেটৰ খেল অনুষ্ঠিত হব। ইয়াকে লৈ উৎসাহী হৈ পৰিছে ক্ৰিকেট প্ৰেমী সকল।