/asomiyapratidin/media/media_files/2026/03/01/cadsdsd-2026-03-01-14-32-02.jpg)
ডিজিটেল সংবাদ, গহপুৰঃ আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি গহপুৰৰ স্বেচ্ছাসেৱী সংগঠন ' চাও চেং 'ৰ উদ্যোগত অহা ৮ মাৰ্চত গহপুৰ পৌৰসভাৰ সভাৰ প্ৰেক্ষাগৃহত কেইবাগৰাকীও প্ৰতিভাৱান মহিলাক সম্বৰ্ধনা জনোৱাৰ লগতে এগৰাকী আদৰ্শ মহিলাক 'জীৱন জোৰা সাধনা বঁটা ' প্ৰদান কৰা হ'ব।
নাৰীৰ সৰ্বাংগীন উত্তৰণৰ বাবে আয়োজিত উক্ত অনুষ্ঠানত সুলেখিকা, নিৱন্ধকাৰ কাবেৰী গোস্বামী, লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যাপিকা তথা কবি কৰিস্মা হাজৰিকা, অতিৰিক্ত আয়ুক্ত সীমা গগৈ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী দিপালী পূজাৰী শইকীয়া, হেলেম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নমিতা বৰা, বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰী সুনীতা তাঁতী, গহপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া পূজা কুমাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট মহিলাই অংশগ্ৰহণ কৰিব।
নাৰী দিৱসৰ লগত সংগতি ৰাখি মহিলাৰ মাজত এখনি অনলাইন ৰচনা প্ৰতিযোগিতাও আয়োজন কৰা হৈছে। ইচ্ছুক প্ৰতিযোগী সকলক অহা পাঁচ মাৰ্চৰ ভিতৰত 9854666430, 8638980209, 8638953278 নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে।
ৰচনাৰ বিষয়:-
১/সকলো নাৰীৰ বাবে : অধিকাৰ,সমতা আৰু সৱলীকৰণ।
২/নাৰীৰ বাবে অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, শৈক্ষিক আৰু মানসিক সৱলীকৰণ।
৩/লিংগ বৈষম্য আৰু ইয়াৰ দূৰীকৰণৰ উপায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us