অসম চৰকাৰক অস্ত্ৰ অনুজ্ঞাপত্ৰ নীতি প্ৰত্যাহাৰৰ আহ্বান নাৰী নাগাৰিক মঞ্চৰ

বিভাজনকাৰী ৰাজনীতিত শিপাই থকা এক বিপজ্জনক পদক্ষেপ” বুলি গৰিহণা দিয়ে। লগতে মঞ্চখনে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাতো সাধাৰণ নাগৰিকৰ নহয়, ৰাষ্ট্ৰৰ কৰ্তব্য....

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ  সমগ্ৰ অসমতে মহিলাৰ কণ্ঠক একত্ৰিত কৰা নাৰী নাগৰিক মঞ্চই ৰাজ্য চৰকাৰক “স্পৰ্শকাতৰ অঞ্চলৰ খিলঞ্জীয়াক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ সিদ্ধান্ত তৎকালীনভাৱে বাতিল কৰিবলৈ আহ্বান জনাইছে। এই পদক্ষেপে দশক দশক ধৰি চলি অহা শান্তি প্ৰক্ৰিয়াক বিঘ্নিত কৰাৰ লগতে ৰাজ্যখনত উত্তেজনা বৃদ্ধি কৰিব বুলি সকীয়াই দিয়ে সংগঠনটোৱে।

শনিবাৰে গুৱাহাটীত অনুষ্ঠিত এক বৈঠকত প্ৰায় ৩০ গৰাকী মহিলা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। তেওঁলোকে সৰ্বসন্মতিক্ৰমে শীৰ্ষ সাংবিধানিক কৰ্তৃপক্ষক ইয়াৰ বিৰুদ্ধে এখন স্মাৰক পত্ৰ দাখিলৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে ৰাজ্য চৰকাৰে ২৮ মে’ৰ কেবিনেটত লোৱা অস্ত্ৰৰ অনুজ্ঞা পত্ৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সামাজিক মাধ্যমত জনমত গঠন কৰিবলৈ সিদ্ধান্ত লয়।

অংশগ্ৰহণকাৰীসকলে চৰকাৰক সতৰ্ক কৰি কয় যে- বন্দুক সংস্কৃতিৰ বিৰুদ্ধে তেওঁলোকে ৰাজ্যখনত সৰব হৈ আহিছে। এনে পদক্ষেপে অসমত অস্ত্ৰ প্ৰচলনৰ হ্ৰাস কৰাত বাধা হৈ থিয় দিব আৰু লিংগভিত্তিক হিংসা, গৃহযুদ্ধৰ দৰে” পৰিস্থিতিৰ সূচনা কৰাৰ আশংকাৰ সৃষ্টি কৰিব।

চৰকাৰক নাৰী নাগৰিক মঞ্চই আইন প্ৰয়োগকাৰী সংস্থাক শক্তিশালী কৰাত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়।

মণিপুৰ, কাৰ্বি আংলং আৰু ডিমা হাছাওত লাভ কৰা অভিজ্ঞতাৰ প্ৰতিও সকিয়াই দিয়ে এই সংস্থাটোৱে। মাইনী মহন্তই এই বৈঠকত ভাগ লৈ গভীৰ উদ্বেগ ব্যক্ত কৰি কয়, সাধাৰণ নাগৰিকক যদি অস্ত্ৰ-শস্ত্ৰ অৰ্পন কৰা হয় ইয়াৰ প্ৰভাৱ শিশু আৰু নাৰীৰ ওপৰতে অধিক পৰিব।

তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰাতো চৰকাৰৰ দায়িত্ব বুলিও উল্লেখ কৰে নাৰী নাগৰিক মঞ্চই। প্ৰাক্তন আৰক্ষী বিষয়া ভায়োলেট বৰুৱাই এই সন্দৰ্ভত কয়,অধিক অস্ত্ৰ বৈধকৰণ জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি ভাবুকি হ’ব।

তাৰোপৰি মহিলা অধিকাৰ কৰ্মী ইন্দ্ৰাণী দত্তই এই সিদ্ধান্তক “বিভাজনকাৰী ৰাজনীতিত শিপাই থকা এক বিপজ্জনক পদক্ষেপ” বুলি গৰিহণা দিয়ে। লগতে মঞ্চখনে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাতো সাধাৰণ নাগৰিকৰ নহয়, ৰাষ্ট্ৰৰ কৰ্তব্য বুলি সামূহিকভাৱে গুৰুত্ব আৰোপ কৰে।

অসম চৰকাৰ