সকলোৰে প্ৰেৰণা হওক, অসমৰ এই সকল নাৰী…

সকলোৰে প্ৰেৰণা হওক, অসমৰ এই সকল নাৰী…

author-image
asomiyapratidin
New Update
সকলোৰে প্ৰেৰণা হওক, অসমৰ এই সকল নাৰী…

ডিম্পুল বৰগোহাঁই

Advertisment

সময়ৰ অগ্ৰগতিৰ লগে লগে দেশ তথা সমাজৰ পৰিৱৰ্তন হৈছে। এই পৰিৱৰ্তনৰ সৈতে ফেৰ মাৰিয়েই একবিংশ শতিকাৰ নাৰীয়ে নিজ প্ৰয়াসেৰে সাম্প্ৰতিক সময়ৰ বৌদ্ধিক, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ক্ৰীড়া আদি সকলো দিশতে নিজকে আগুৱাই নিবলৈ যৎপৰনাস্তি
প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু সফলো হৈছে। সাম্প্ৰতিক সময়ত এনে কোনো দিশ নাই য'ত নাৰীয়ে পাৰদৰ্শিত দেখুৱাব পৰা নাই। সন্তানৰ চৰিত্ৰ গঠনৰ পৰা আদি কৰি জাতি, সমাজ গঠনৰ প্ৰক্ৰিয়াতো নাৰীৰ আছে অভূতপূৰ্ব ভূমিকা।

সমাজ এখন সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিকভাৱে আগবাঢ়ি যাবলৈ হ'লে নাৰী-পুৰুষ নিৰ্বিশেষে সকলো সমানে আগবাঢ়ি যোৱাটো অপৰিহাৰ্য যদিও মানৱ সভ্যতাৰ বিকাশৰ ইতিহাসত এই ধাৰাবাহিকতা ৰক্ষা কৰা দেখা নাযায়। নাৰীৰ অনগ্ৰসৰতাই সমাজক পশ্চাদমুখী কৰাটো ইতিহাসে প্ৰতীয়মান কৰিছে। নাৰীৰ স্বাধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ ইতিহাসত ৮ মাৰ্চ তাৰিখটো এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি।

কৃষিভিত্তিক সমাজ ব্যৱস্থাৰ পৰা মধ্যযুগৰ সাম্ৰাজ্যবাদৰ উত্থান, সামন্ত প্ৰথাৰ প্ৰসাৰ, শিল্প উদ্যোগৰ মাজেদি আজিৰ একবিংশ শতিকাৰ তথ্য-প্ৰযুক্তিৰ বিস্ফোৰণৰ যুগলৈকে সমাজত নাৰী-পুৰুষৰ লিংগভিত্তিক বিভাজনে নাৰীৰ মৰ্যাদাৰ ক্ষেত্ৰত যথেষ্ট উত্থান-পতন আৰু পৰিৱৰ্তন আনিছে। সমগ্ৰ পৃথিৱীত যোৱা এক শতিকাৰো অধিককাল এই দিনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হৈ আহিছে।

১৯১০ চনত আৰম্ভ হোৱা আন্তৰ্জাতিক নাৰী দিৱস ৮ মাৰ্চৰ তাৎপৰ্য জানিবলৈ আমি উভতি যাব নাগিব নাৰী আন্দোলনৰ এই সুদীৰ্ঘ পৰিক্ৰমালৈ।১৮৫৭ চনত মজুৰি বৈষম্য, কৰ্মঘণ্টা নিৰ্দিষ্ট কৰা, কামৰ অমানৱিক পৰিৱেশৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউইয়ৰ্কৰ সুতা কাৰখানাৰ নাৰী শ্ৰমিক সকলে আন্দোলন কৰিছিল। সেই আন্দোলন চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল।

১৯০৮ চনত নিউইয়ৰ্কৰ সামাজিক গণতান্ত্ৰিক নাৰী সংগঠনে আয়োজিত কৰা নাৰী সমাবেশত জাৰ্মান সমাজতান্ত্ৰীক নেত্ৰী ক্লাৰা জেটকিনৰ নেতৃত্বত সৰ্বপ্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত হৈছিল। ক্লাৰা এগৰাকী জাৰ্মান ৰাজনীতিবিদ; জাৰ্মান কমিউনিষ্ট পাৰ্টিৰ সদস্য। তাৰপিছত ১৯১০ চনত ডেনমাৰ্কৰ কপেনহেগেনত অনুষ্ঠিত হয় দ্বিতীয় আন্তজাৰ্তিক নাৰী সন্মিলন। ১৭ খন দেশৰ পৰা ১০০ জন নাৰী প্ৰতিনিধি ইয়াত অংশগ্ৰহণ কৰিছিল।

এই সন্মিলনতে ক্লাৰায়ে প্ৰতি বছৰে ৮ মাৰ্চক আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ দিয়ে। তাৰ ফলশ্ৰুতিত ১৯১১ চনৰ পৰা নাৰীসকলৰ সম-অধিকাৰ দিৱস হিচাপে এই দিনটো পালন কৰা হয়। এই দিৱস পালন কৰিবলৈ বিভিন্ন দেশেৰ সমাজতন্ত্ৰীসকল আগবাঢ়ি আহে। ১৯১৪ চনৰ পৰা কেইবাখনো দেশত ৮ মাৰ্চ পালন কৰিবলৈ আৰম্ভ কৰা হল। ১৯৭৫ চনত ৮ মাৰ্চক আন্তৰ্জাতিক স্বীকৃতি প্ৰদান কৰা হয়। এই দিৱস পালন কৰিবলৈ বিভিন্ন ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘয়েও আহ্বান জনায়। তাৰ পিছৰ পৰা গোটেই পৃথিৱী জুৰি এই দিন বিশ্ব নাৰী দিৱস হিচাপে পালন কৰা হয়।

নাৰীৰ অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ বাবে সুদীৰ্ঘ কাল ধৰি সমগ্ৰ বিশ্বই উদযাপন কৰা বিশ্ব নাৰী দিৱসে ২০২০ বৰ্ষত প্ৰায় ১১০ বছৰত ভৰি থব। প্ৰতিটো বছৰতে পৃথক পৃথক বিষয়(থিম)ক লৈ উদযাপন কৰা হয় নাৰী দিৱস। ২০২০ বৰ্ষত নাৰী দিৱস উদযাপনৰ থিম হৈছে- I am Generation Equality: Realizing Women's Rights। প্ৰতিদিনাই নাৰীক লৈ বহু নিৰ্যাতন-উৎপীড়নৰ খবৰ প্ৰকাশ পায় যদিও আজি আমি আলোচনা কৰিম কেইগৰাকীমান সাধাৰণ নাৰীৰ অসাধাৰণ কাম-কামৰ বিষয়ে। উদ্যম আৰু কৰ্মস্পৃহাৰে জীৱন সংগ্ৰামৰ সকলো প্ৰত্যাহ্বানক যুজাঁৰু মনোবৃত্তিৰে মোকাবিলা কৰিবলৈ শিকা অসমৰ ৬ গৰাকী বিশেষ নাৰীক লৈ আজিৰ এই বিশেষ লেখা।

১. ৰে'লৰ দবা আৰু ইঞ্জিনক একলগ কৰি কোকৰাঝাৰৰ গীতাই দেখে ৰঙীন সপোনঃ

নাৰীয়ে নোৱাৰে কি, সকলো পাৰে। মাত্ৰ লাগে মনৰ দৃঢ়তা, একাগ্ৰতা আৰু কাম কৰাৰ উদ্যম। এনেদৰেইতো বিশ্বৰ কোটি কোটি নাৰীয়ে চুমিছে সফলতাৰ শিখৰ। জীৱন নামৰ জটিল এই যুজঁখনিত সাহসেৰে ভৰি থৈ ৰণুৱা ঘোৰাৰ দৰে নিজৰ কাম কৰি আছে কোকৰাঝাৰৰ এগৰাকী নাৰীয়ে। তেওঁৰ নাম গীতা পাচোৱান।

আপোনাৰ যদি ধুুবুৰী ৰেল ষ্টেচনলৈ সঘন আহ-যাহ, তেনেহলে আপোনাৰ বাবে গীতা নিশ্চয়কৈ অচিনাকী নহ'ব। কিয়নো ধুবুৰী ৰে'ল ষ্টেচনৰ সমীপতে বাস কৰা অথবা ৰেল ষ্টেচনলৈ প্ৰতিদিনাই আহ-যাহ কৰা সকলোৱে কামৰ বাবে চিনি পায় গীতাক। ৰেল ষ্টেচনত গীতাৰ কাম দেখিলে আপুনিও কবলৈ বাধ্য হ'ব, সচাঁকৈয়ে গীতা হ'ব পাৰে সমাজৰ আন ১০ গৰাকী নাৰীৰ বাবে আদৰ্শ।

গীতা পাচোৱান

ধুবুৰী ৰেল ষ্টেচনত ৰে'লৰ ডবা আৰু ইঞ্জিনৰ মাজত সোমাই কাপলিং খুলি ভেকুয়াম পাইপ সংযোগ কৰে গীতাই। প্ৰতিদিনাই এই কামৰ বাবে গীতাৰ কষ্ট হয়, কিন্তু হাৰ নামানে গীতাই। কিয়নো গীতাই বিশ্বাস কৰে, কৰ্মই ধৰ্ম। নাৰী-পুৰুষৰ লিংগ বৈষম্যক বিশ্বাস নকৰা গীতাৰ মতে, একবিংশ শতিকাত নাৰী-পুৰুষৰ মাজত প্ৰতিযোগিতাৰ কথা নাহে, আহে সহযোগিতাৰ কথাহে। এখন সৰ্বাংগ সুন্দৰ সমাজৰ বাবে প্ৰয়োজন নাৰী-পুৰুষ উভয়ৰে সকলোৰে সহযোগিতা।'

ধুবুৰী ৰে'ল ষ্টেচনত কাম কৰে যদিও, গীতাৰ ঘৰ কিন্তু ধুবুৰীত নহয়। কোকৰাঝাৰ জিলাৰ বাশবাৰী অঞ্চলৰ পৰা প্ৰতিদিনেই ধুবুৰীলৈ অহা যোৱা কৰে গীতাই। কষ্টকৰ এই কামৰ জৰিয়তে পৰিয়ালক সুচলভাৱে চলাই নিয়া গীতাক সকলোৱে দিয়ে উৎসাহ। ৰেল বিভাগৰ মতে, গীতাই কাম কৰা পোষ্টটোৰ নাম পয়েন্ট মেন। পদবীৰ নামৰ লগতে পুৰুষৰ নাম সাঙুৰি থকা এই কঠিন কামটো কৰাৰ সময়ত সহকৰ্মী সকলেও সহায় কৰাৰ গীতাক। কেৱল গীতাই নহয়, ভাৰতীয় ৰে'লত শতাধিক মহিলাই দীৰ্ঘদিনৰ পৰা এনে কাম কৰি আহিছে। এয়াই নাৰী শক্তি, পুৰুষতান্ত্ৰিক সমাজত নাৰী বহু পিছ পৰি আছে বুলি কোৱা বহুতৰ বাবে গীতা হ'ব পাৰে প্ৰেৰণা।

২. বানে গৰকা ধেমাজিত ৰূপা বিশ্বৰ্কমাৰ কৃষি বিল্পৱঃ

ধেমাজিত বানপানী কেতিয়াবা যদি অভিশাপ হয়, কেতিয়াবা হয় আৰ্শীবাদ। লহপহকৈ বাঢ়ি অহা কৃষকৰ খেতি দৰা কেতিয়াবা যদি বানে নিমিষতে ধ্বংস কৰি পেলায়, কেতিয়াবা আকৌ সেই বান পানীয়েই বহুদিন চন পৰি থকা মাটি পেলাই থৈ যায় পলস। প্ৰকৃতিৰ এনে ক্ৰিয়াৰ মাজতে ধেমাজিৰ কৃষকৰ সপোন গঢ়ে-ভাঙে। এনেবোৰ পৰিস্থিতিৰ মাজতে ধেমাজিৰ এগৰাকী মহিলাই দেখিছিল কৃষিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ সপোন।

ৰুপাৰ কৃষি পাম

তেওঁৰ নাম ৰূপা বিশ্বাস। আত্মনিৰ্ভৰশীল হোৱাৰ সপোনতে ক্ষান্ত নাথাকি ৰূপাই আৰম্ভ কৰিলে বাস্তৱত স্বাৱলম্বনৰ যাত্ৰা। সেই যাত্ৰাই এতিয়া সফলৰ বাট কাটিছে ৰূপাৰ। স্বাৱলম্বিতাৰ সংগ্ৰামক সফলতাৰ শিখৰলৈ কিদৰে লৈ যাব পাৰি, তাৰ অনন্য নিদৰ্শন ৰূপা বিশ্বকৰ্মা। ধেমাজি জিলাৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগৰ অসম-অৰুনাচলৰ সীমান্তৱৰ্তী জয়ৰামপুৰত ৰূপাই গঢ়ি তুলিছে এখন অনন্য কৃষিক্ষেত্ৰ।

ৰূপাই প্ৰথমে প্ৰায় ১৪ বিঘা মাটিত আৰম্ভ কৰিছিল ৰবি শস্যৰ খেতি। লাহে লাহে ৰূপাৰ কৃষিক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি হ'ল। বিভিন্ন খেতিৰ লগতে ৰূপাই আৰম্ভ কৰিলে পশু পালন। বৰ্তমান বছৰি প্ৰায় লাখ টকা উপাৰ্জন কৰা ৰূপাই কেৱল নিজেই নহয় আন ১০ জনকো দিছে সংস্থাপন।অঞ্চলটোৰ ১৫ গৰাকী সদস্যৰে গঠিত এটি আত্মসহায়ক গোটৰ জৰিয়তে আলু, কবি, বেঙেনা, জলকীয়াকে ধৰি বিভিন্ন ধৰণৰ খেতি কৰি মহিলাৰ সবলীকৰণ দিশতো ৰূপাই মনোনিৱেশ কৰিছে।

ৰুপা বিশ্বকৰ্মা

ইফালে ৰূপাই বৰ্তমান পালন কৰি আছে ১৮ জনীকৈ গাই গৰু। প্ৰতিদিনে ১২০- ১৩৫ লিটাৰ পৰ্যন্ত গাখীৰ উৎপাদন হয় ৰূপাৰ পামত। লক্ষ্যণীয় কথাটো হ'ল গৰু গোবৰৰ পৰা তৈয়াৰ কৰা জৈৱিক সাৰেই ৰূপাই শাক-পাচলিৰ খেতিত ব্যৱহাৰ কৰে। গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিবৰ বাবে বদ্ধপৰিকৰ ৰূপাই কয়, অসমত অসমীয়াগিৰি আৰম্ভ হ'ব লাগিব পথাৰৰ পৰা। অধিকাৰ তেতিয়াহে খিলঞ্জীয়াৰ হাতলৈ আহিব, যেতিয়া অৰ্থনীতি আমাৰ হাতলৈ আহিব…।

৩. ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৩ খেলুৱৈৰ মাতৃ চাফাই কৰ্মী পূৰ্ণিমা মণ্ডল…

মাতৃৰ সমান কোন হব পাৰে! সৰ্বস্ব উজাৰি নিস্বাৰ্থভাৱে আপোনাক যদি কোনোবাই ভাল পায়, তেৱেই হৈছে মা। সন্তানৰ বাবে এগৰাকী মাতৃয়ে কিমান ত্যাগ কৰিব পাৰে সেয়া হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। আমাৰ সমাজৰ প্ৰত্যেকগৰাকী মাতৃয়েই এনে অজস্ৰ ত্যাগৰ উদাহৰণ আৰু প্ৰতিগৰাকী সন্তানেই এনে ত্যাগৰ সাক্ষী। কেৱল ত্যাগেই নহয়, সন্তানৰ সৰ্বতোপ্ৰকাৰৰ বিকাশ সাধন কৰি এগৰাকী সু-ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি হিচাপে গঢ়ি তোলাতোও এগৰাকী মাতৃ বা অভিভাৱক প্ৰধান দায়িত্ব।

আৰ্থিক অৱস্থা সুচল নহলেও ৩ সন্তানৰ ৰুচিৰ ওপৰত সুক্ষ্মভাৱে পৰ্যালোচনা কৰি ভৱিষ্যত গঢ় দিয়াৰ বাবে এগৰাকী মাতৃয়ে কৰা কামক আপুনাৰো দিবলৈ মন যাব চেল্যুট। তেওঁৰ নাম পূৰ্ণিমা মণ্ডল, ঘৰ গুৱাহাটীত। জি এম ডিৰ চাফাই কৰ্মী হিচাপে নিয়োজিত এইগৰাকী পূৰ্ণিমা মণ্ডলে নিজৰ ৩ সন্তানক ক্ৰীড়া ক্ষেত্ৰৰ জড়িত কৰাই একো একো গৰাকী সফল খেলুৱৈ হিচাপে গঢ়ি তোলাৰ স্বপ্ন দেখিছিল। গুৱাহাটীৰ দৰে ঠাইত সন্তানে যাতে কোনো বেয়া দিশৰ সৈতে জড়িত হৈ নপৰে তাৰ বাবে বিভিন্ন খেলৰ সৈতে সন্তানক জড়িত কৰাই দিছিল পূৰ্ণিমা মণ্ডলে।

সন্তানক মানুহ হিচাপে গঢ়ি তোলাৰ বাবে পূৰ্ণিমাই ক্ৰীড়া ক্ষেত্ৰকে বাচি লোৱা সিদ্ধান্তক বিভিন্নজনে বিৰোধিতা কৰিছিল। সকলোবোৰ বিৰোধিতাক একাষৰীয়া কৰি পূৰ্ণিমাই তিনি সন্তানক লৈ দেখা সপোন কিছুদিনৰ পূৰ্বে অলপ হলেও যেন পূৰণ হল। গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়ানুষ্ঠান খেল' ইণ্ডিয়াত পূৰ্ণিমাৰ তিনি সন্তানে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিলে।

খেল' ইণ্ডিয়াত পুত্ৰ সৈতে পূৰ্ণিমা মণ্ডল

খেল' ইণ্ডিয়াত অসমক প্ৰতিনিধিত্ব কৰিলে পূৰ্ণিমাৰ ৩ সন্তান সুজিত মণ্ডল, প্ৰদীপ মণ্ডল আৰু মল্লৱিকা মণ্ডলে। সুজিতে খো খো, প্ৰদীপে হকী আৰু মল্লৱিকাই ফুটবলত অসমক প্ৰতিনিধিত্ব কৰিলে। পূৰ্ণিমা মণ্ডলে সন্তানকেইটাক ক্ৰীড়াৰ লগত জড়িত কৰোৱাৰ প্ৰসংগৰ সন্দৰ্ভত কয়, 'মই মোৰ ল'ৰা-ছোৱালীকেইটাক খেলৰ সৈতে জড়িত কৰোৱাৰ কাৰন হল বিদ্যালয় ছুটীৰ পিছত সিহঁতে সময় নষ্ট কৰাটো মই বিচৰা নাছিলো। এতিয়া তেওঁলোক বিদ্যালয়ৰ পৰা আহে আৰু খেলিবলৈ যায়। প্ৰথমে সিহঁতে এনেই ঘূৰি ফুৰিছিল, মোৰ ভয় হৈছিল কোনো লোকে সিহঁতক অবাটেৰে নিয়ে বুলি।

আৰ্থিকভাৱে দুৰ্বল পূৰ্ণিমা মণ্ডলৰ স্বামী এজন কাঠমিস্ত্ৰী। ঘৰ চলাই সন্তানৰ খেলৰ বাবে বিভিন্ন সামগ্ৰী যোগান ধৰিব পৰাকৈ স্বামীৰ সামৰ্থ নাই বাবেই বিভিন্ন কাম কৰি পূৰ্ণিমা মণ্ডলে সন্তানক ক্ৰীড়া ক্ষেত্ৰখনত আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে। নিজৰ তিনি সন্তানক এইদৰে ক্ৰীড়াৰ সৈতে জড়িত কৰাই বিপথে পৰিচালিত হোৱাৰ পৰা ৰক্ষা কৰা পূৰ্ণিমা মণ্ডল দেশৰ লাখ লাখ মাতৃৰ আদৰ্শ হোৱা উচিত। পূৰ্ণিমাই আমাক কলে, সন্তানক কেৱল ডাক্তৰ-ইঞ্জিনিয়াৰ কৰিয়েই মানুহ হিচাপে গঢ়িব পাৰি বুলি অভিভাৱকৰ ধাৰণা সলনি কৰিবৰ হল। এতিয়া ক্ৰীড়া হৈ পৰিছে এক উন্নত কেৰিয়াৰ।

৪. নলবাৰী উচ্চ শিক্ষিতা নন্দিতাৰ ষ্ট্ৰ'বেৰি খেতি…

নলবাৰী জিলাৰ এগৰাকী এগৰাকী উচ্চ শিক্ষিতা যুৱতী। তেওঁৰ নাম নন্দিতা বৰুৱা। MA পঢ়ি থকা নন্দিতাৰ এতিয়া ব্যস্ততাৰ অন্ত নাই। নন্দিতাৰ এই ব্যস্ততা কেৱল পঢ়াক লৈ নহয়, নতুনকৈ আৰম্ভ কৰা কৃষি কৰ্মক লৈহে। বৈজ্ঞানিক পদ্ধতিৰে নন্দিতাই আৰম্ভ কৰা কৃষি কৰ্মৰ জৰিয়তে নিবনুৱা হৈ থকা হাজাৰজন যুৱক-যুৱতীক দিছে এক বাৰ্তা প্ৰেৰণ কৰিছে যে, চৰকাৰী চাকৰিতকৈ অসমীয়া বাৰীতেই আছে লাখ টকা উপাৰ্জন কৰি স্বাৱলম্বী হ'ব পৰা পথ।

পিতৃ আৰু ভগ্নীৰ সৈতে নন্দিতা

নিজ পিতৃৰ আদৰ্শত অনুপ্ৰাণিত হৈ অনলাইনৰ জৰিয়তে সদূৰ হিমাচলৰ প্ৰদেশৰ পৰা ষ্ট্ৰবেৰিৰ পুলি ক্ৰয় কৰি ইউটিউৱক মাধ্যম হিচাপে লৈ নিজ ঘৰতে ৪ বিঘা মাটিত ষ্ট্ৰ'বেৰি খেতি আৰম্ভ কৰিছে নন্দিতাই। ষ্ট্ৰবেৰিৰ উপৰিও নিজৰ ঘৰতে নন্দিতাই ইনকুৱেবৰ জৰিয়তে নিজ ঘৰতে হাঁহ আৰু বটা চৰাইৰ পোৱালি জগাই এক আদৰ্শ দাঙি ধৰিছে।

নন্দিতাই ষ্টবেৰী খেতি

নন্দিতাই বৰ্তমান ১০০ টা বটা চৰাই, ২০০টা হাঁহ পালল কৰি বছৰি প্ৰায় দুই লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। অতি সাধৰণ ঘৰৰ উচ্চ শিক্ষিতা নন্দিতাৰ এই কৃষি কৰ্মক নিজ পিতৃ প্ৰতুল বৰুৱাৰ লগতে দুই ভগ্নীয়ে সহায়ৰ হাত আগবঢ়াইছে। যিটো সময়ত যুৱ প্ৰজন্ম বিশেষকৈ উচ্চ শিক্ষিতা ছোৱালী কৃষিকৰ্মৰ প্ৰতি কম আগ্ৰহী হোৱা দেখা তেনে সময়তে নন্দিতাই দেখা স্বনিৰ্ভৰশীলতাৰ সপোনে আন দহজনৰ বাবে প্ৰেৰণাৰ উৎস হ'ব পাৰে।

৫. গুৱাহাটীত ই-ৰিক্সা চলাই অঞ্জলীয়ে পঢ়াইছে দুই সন্তানক, চলাইছে সংসাৰ…

প্ৰতিদিনেই হত্যা, ধৰ্ষণৰ খবৰৰ মাজতে বহুদূৰ আগবাঢ়ি গ'ল নাৰী। পূৰ্বতকৈ অধিক সাহসী আৰু আত্মবিশ্বাসী হ'ল নাৰী। এনে এগৰাকী নাৰী অঞ্জলী দেৱী। দুই সন্তানৰ মাতৃ অঞ্জলীৰ ঘৰ বেলতলাত। অইন মাতৃতকৈ অঞ্জলীৰ প্ৰতিটো পুৱাৰ আৰম্ভণি হয় কিছু পৃথককৈ। পুৱাই উঠি নিজৰ লগতে দুই সন্তানৰ বাবে খোৱাৰ যোগাৰ কৰি, সন্তানক স্কুল থোৱাৰ পাছতহে অঞ্জলীৰ আৰম্ভ হয় জীৱনৰ সেই কঠিন সংগ্ৰাম।

স্বামীৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ পাছতে দুই সন্তানক লৈ অঞ্জলীয়ে এক নতুন জীৱন আৰম্ভ কৰিব বিচাৰিছিল। কিন্তু দুই সন্তানৰ শিক্ষাৰ উপৰিও দৈনন্দিন প্ৰয়োজনসমূহ পূৰণৰ বাবে অঞ্জলিৰ নাছিল কোনো উপাৰ্জনৰ পথ। সাহসী আৰু আত্মবিশ্বাসী অঞ্জলিয়ে তেনে সময়তে আৰম্ভ কৰিলে এটা নতুন কাম। নিজক মানসিকভাৱে প্ৰস্তুত কৰি অঞ্জলিয়ে ই-ৰিক্সা চলাবলৈ আৰম্ভ কৰিলে। গুৱাহাটীৰ ছয়মাইলৰ পৰা বেলতলাৰ জয়া নগৰলৈ ই-ৰিক্সাত যাত্ৰীক অনা-নিয়া কৰে অঞ্জলিয়ে। তেওঁ আমাক জনালে যে, প্ৰতিদিনাই দুই সন্তানৰ সৈতে চলিব পৰাকৈ তেওঁৰ উপাৰ্জনো ভাল।

অঞ্জলী দেৱী

দুই সন্তানক মানুহ কৰাৰ সপোন দেখা অঞ্জলিয়ে পাৰ্যমানে কষ্ট কৰে। পুৱাই সন্তানক স্কুলত থৈ ভাড়া মৰাৰ পাছতে দুপৰীয়া সন্তানক স্কুলৰ পৰা ঘৰলৈ আনি পুনৰ আকৌ সন্ধিয়ালৈকে ই-ৰিক্সা চলায়। বিগত প্ৰায় ৮ মাহ ধৰি তেওঁ এই কামকে কৰি আহিছে। তেওঁৰ মতে, নাৰী-পুৰুষ সমান বুলি কেৱল মুখেৰে কলেই নহব, হাতে-কামেও কৰিব লাগিব।'

৬. নিৰ্ভয়া কেটাৰিংঃ ৩০ গৰাকী শিক্ষিতা যুৱতীৰ স্বাৱলম্বিতাৰ যাত্ৰা…

৮৬৩৮৪৩৮৭…। নম্বৰটোত ফোন লগোৱাৰ কিছু সময়ৰ পাছতে এগৰাকী যুৱতীয়ে ৰিচিভ কৰিলে। সোধা হ'ল- নিৰ্ভয়া কেটাৰিং হয়নে! সিফালৰ পৰাও মাৰ্জিত সুৰেৰেই উত্তৰ দিলে- হয় কৈ আছো, কওকচোন। ইয়াৰ পাছতে চিনাকি দি সোধা হ'ল কেনেকৈ মনলৈ এনে চিন্তা আহিল!

নিৰ্ভয়া কেটাৰিং। আপোনাৰ ঘৰত বিবাহ অথবা তেনে কোনো অনুষ্ঠানত অথিতিক সুন্দৰ ভাৱে আপ্যায়ন কৰিবৰ বাবে সাজু হৈ থকা ৩০ গৰাকীকৈ যুৱতীৰ এটা দল। নিষ্ঠা আৰু সততা তেওঁলোকৰ মূলধন, কামৰ প্ৰতি থকা শ্ৰদ্ধাই তেওঁলোকৰ সাহস। এই সাহসক আৰু মূলধন সৰোগত কৰিয়েই জন্ম হৈছিল নিৰ্ভয়া কেটাৰিং।

নিৰ্ভয়া কেটাৰিঙৰ সমূহ সদস্য

দলটোত থকা প্ৰায় কেইগৰাকী যুৱতীয়েই বি এ পাছ, একাংশ স্নাতক মহলাৰ ছাত্ৰী। অতিথি আপ্যায়নক পেছা হিচাপে লৈ এই যুৱতীৰ দলে বিভিন্ন স্থানত আমন্ত্ৰণমৰ্মে কৰে অতিথি আপ্যায়ন। কোনো এখন বিয়া বা সবাহৰ সময়ৰ ওপৰত ভিত্তি কৰি তেওঁলোকে গৃহস্থৰ পৰা কাম বিনিময়ত আদায় কৰে সীমিত মাননি।

অতি শৃংখলাৱদ্ধতাৰে যিকোন অনুষ্ঠানতে অতিথি আপ্যায়ন কৰা নিৰ্ভয়া কেটাৰিঙৰ এগৰাকী সদস্যৰ সৈতে আমাৰ কথা হৈছিল। নিৰ্ভয়া নামটো কিয় ৰখা হ'ল বুলি সোধা প্ৰশ্নৰ উত্তৰ দি তেওঁ কয়, নিৰ্ভয়াক আমি সকলোৱে জানো। সেই নিৰ্ভয়াক জীয়াই ৰখাৰ লক্ষ্যৰে আৰু নিৰ্ভয়াক সাহসৰ প্ৰতীক ৰূপে প্ৰতিষ্ঠা কৰাৰ মানসেৰে এই নাম দিয়া হৈছে।'

নিষ্ঠা আৰু সততা তেওঁলোকৰ মূলধন

তেওঁ আমাক জনালে, ২০১৮ চনতে তেওঁলোকে এই গোট আৰম্ভ কৰিছে। প্ৰথম পৰ্যায়ত বেছি নিমন্ত্ৰণ নাছিল যদিও শেহতীয়াকৈ নিমন্ত্ৰণৰ সংখ্যা বৃদ্ধি পাইছে। গোটটোত থকা প্ৰত্যোক গৰাকী যুৱতীয়েই পঢ়াৰ খৰচৰ লগতে প্ৰয়োজনীয় সকলো খৰচ এই কামৰ পৰাই উলিয়ায়। বৰ্তমান নিৰ্ভয়া কেটাৰিঙৰ বাৰ্ষিক প্ৰায় ৩-৪ লাখ টকা। কামক সৰু-বৰ বিচাৰ নকৰি, কামক কামৰ দৃষ্টিভংগীৰে চোৱা গহপুৰৰ বিভিন্ন অঞ্চলৰ এই যুৱতীকেইগৰাকী আন ছাত্ৰ-ছাত্ৰীৰ বাবে হব পাৰে প্ৰেৰণা…

এয়া মাত্ৰ কেইটামান উদাহৰণহে। সমগ্ৰ ভাৰত তথা অসমত এনে অজস্ৰ নাৰী আছে। উপযুক্ত পৰিৱেশ আৰু সঠিক পৰামৰ্শৰ অভাৱত বহু নাৰীয়ে নিজকে আত্মপ্ৰকাশ কৰাৰ সুযোগ পোৱা নাই। তথাপিও শেহতীয়াকৈ 'অৰ্ক্সফেম' নামৰ এটা সংস্থাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে, ভাৰতৰ মহিলাসকলে ঘৰৰ কামৰ উপৰিও সন্তানক চোৱা-চিতা কৰা বিভিন্ন কামৰ মূল্য (value) দেশৰ জি পি ডিৰ প্ৰায় ৩.১ শতাংশৰ সমান। এখন সুস্থ-সবল সমাজ গঢ়াৰ ক্ষেত্ৰত নাৰীৰ ভূমিকা এনেসমূহ কাম-কাজৰ জৰিয়তেই উমান পাব পাৰি। এতিয়া নাৰী- পুৰুষৰ মাজত প্ৰতিযোগিতা মনোভাৱ পোষণ কৰাৰ সময় নহয়, সহযোগিতাৰে আগবঢ়াৰ সময়হে। সকলো বাধাৰ প্ৰাচীৰ নেওঁচি সমাজৰ প্ৰতিগৰাকী নাৰীয়েই হওক সমাজ আৰু জাতিৰ ধৰণীস্বৰূপ, তাৰেই কামনাৰে…

(ধেমাজিৰ অশ্বিনী দুৱৰা আৰু ধুবুৰীৰ সাহানুৰ ইছলামক ধন্যবাদ)