/asomiyapratidin/media/media_files/2025/11/26/328-2025-11-26-10-56-37.jpg)
ডিজিটেল সংবাদ, শিলচৰ : মঙলবাৰে কাছাৰৰ ধলাইৰ দাৰ্বি চাহ-বগিচাত পথ দুৰ্ঘটনাত এগৰাকী মহিলা শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হয়। দাৰ্বী চাহ বাগিচাৰ শ্ৰমিক কোহিনুৰ বিবি নামৰ ৫০ বছৰীয়া মহিলাগৰাকী বাগিচাৰ হাস্পতালয়লৈ যোৱাৰ সময়ত তীব্ৰবেগত অহা এখন বলেৰ' বাহনে প্ৰচণ্ড খুন্দা মাৰে।
দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় কোহিনুৰ বিবি। ইফালে, দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে বলেৰ'খন। পিছত
খবৰ পাই ঘটনাস্থলীত ধলাই আৰক্ষী উপস্থিত হোৱাত উত্তেজিত ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা বলেৰ'খনৰ চালকক গ্ৰেপ্তাৰৰ দাবী জনায়।
প্ৰাথমিক তদন্তৰ পিছত আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। অতি দুখীয়া আৰু চাৰিজনীয়া পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী কোহিনুৰ বিবিৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us