প্ৰাতঃ ভ্ৰমণেই কাল হ’ল মহিলাৰ...

চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ব্ল'চমছ্ পাব্লিক স্কুলৰ সন্মুখত শুকুৰবাৰে পুৱা এগৰাকী  মহিলাই প্ৰাতঃ ভ্ৰমণ কৰি থকা সময়ত এখন চাৰিচকীয়া বাহনে খুন্দা মাৰে।

author-image
Asomiya Pratidin
New Update
496

ডিজিটেল সংবাদ, মথুৰাপুৰ : চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ব্ল'চমছ্ পাব্লিক স্কুলৰ সন্মুখত শুকুৰবাৰে পুৱা এগৰাকী  মহিলাই প্ৰাতঃ ভ্ৰমণ কৰি থকা সময়ত এখন চাৰিচকীয়া বাহনে খুন্দা মাৰে। মথুৰাপুৰ ভেটেনেৰী হাস্পাতালৰ সন্মুখৰ বাসিন্দা ৰীনা দাসক ধোদৰ‌আলি পথৰে প্ৰাতঃ ভ্ৰমণ কৰি থকা অৱস্থাত AS 04 L 2013 নম্বৰৰ এখন তীব্ৰবেগী স্ক'ৰপিঅ' বাহনে খুন্দা মৰা ফলত মহিলা গৰাকী গুৰুতৰভাৱে আহত হয় ।

আহত ৰীনা দাসক ততালিকে চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও মহিলাগৰাকীৰ সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। ইয়াৰ কিছুসময় পাছতে এখন ব্যক্তিগত নাৰ্চিংহোমত মৃত্যু হয় ৰীণা দাসৰ।

মথুৰাপুৰ