/asomiyapratidin/media/media_files/2025/12/07/whatsapp-image-2025-12-07-13-10-32.jpeg)
ডিজিটেল ডেস্কঃ দিল্লীস্থিত বেচৰকাৰী সংস্থা নৰ্থ-ইষ্ট মিডিয়া ফ’ৰাম’ আৰু ‘মাই হ’ম ইণ্ডিয়া’ই প্ৰয়াত জ্যেষ্ঠ সাংবাদিক কল্যাণ বৰুৱাৰ স্মৃতিত আগবঢোৱা ২০২৫ বৰ্ষৰ ‘কল্যাণ বৰুৱা সাংবাদিকতা বঁটাৰ প্ৰাপকৰ নাম ঘোষণা কৰা হয় । এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি, তৃতীয় সংখ্যক কল্যাণ বৰুৱা স্মৃতি বটাঁ চাৰিটা শাখাত প্ৰদান কৰা হ'ব। নৰ্থ-ইষ্ট মিডিয়া ফ’ৰাম’ আৰু ‘মাই হ’ম ইণ্ডিয়াৰ সহযোগত প্ৰদান কৰিব এই বঁটা ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/07/whatsapp-image-2025-12-07-13-06-55.jpeg)
উল্লেখ্য যে, ১১ ডিচেম্বৰত প্ৰয়াত কল্যাণ বৰুৱাৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি নতুন দিল্লীৰ কনষ্টিটিউচন ক্লাব অৱ ইণ্ডিয়াত এই বঁটা প্ৰদান কৰা হ’ব। ইপিনে কল্যাণ বৰুৱা জীৱনজোৰা সাধনা বঁটা লাভ কৰিছে পেজে মনালিছা চনকিজাৰ। ছপা মাধ্যম শাখাৰ বঁটা লাভ সাংবাদিক অমল গোস্বামীৰ। বৈদ্যুতিন মাধ্যম শাখাত বঁটা লাভ কৰিছে মণিপুৰৰ ক্ষেত্ৰিমায়ুম প্ৰেমচান্দে। ডিজিটেল মিডিয়া শিতানত প্ৰতিদিন ডিজিটেলৰ মৃদুল কুমাৰ সন্দিকৈলৈ আগবঢ়োৱা হৈছে এই বঁটা ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/07/whatsapp-imag-2025-12-07-13-24-22.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us