/asomiyapratidin/media/media_files/2025/08/22/rffff-2025-08-22-14-05-24.jpg)
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশৰ ধেমেলীয়াসূচক মন্তব্যই এতিয়া তীব্ৰ চৰ্চা লাভ কৰিছে। তেওঁৰ নাম হৈছে মাৰ্কাণ্ডে কাটজু। প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে শেহতীয়াকৈ এটা বিশেষ অভিজ্ঞতাৰ কথা ৰাজহুৱা কৰিছে। এবাৰ তেওঁক এগৰাকী মহিলা অধিবক্তাই সুধিছিল যে, আদালতৰ বিচাৰ প্ৰক্ৰিয়াৰ সময়ত ন্যায়াধীশক আকৰ্ষণ কৰাৰ কিবা কিটিপ আছে নেকি? তেতিয়া মাৰ্কাণ্ডে কাটজুৱে মহিলা অধিবক্তাগৰাকীক পৰামৰ্শ দিছিল যে, বিচাৰকৰ ফালে চাই মহিলা অধিবক্তাই চকু টিপ মাৰিলেই মহিলা অধিবক্তাই তেওঁৰ অনূকুলে আদেশ লাভ কৰিব পাৰি।
মাৰ্কাণ্ডে কাটজুয়ে লগতে কৈছিল যে, এই ধৰণৰ কথাত যৌনতাৰ বিষয়টো সাঙুৰি ল’ব নালাগে। উল্লেখ কৰা প্ৰয়োজন যে, কাটজু কৰ্মৰত সময়তো বহু বিৰ্তকত সোমাই আছিল। ২০০৬চনৰ পৰা ২০১১চনলৈকে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ। ২০১১ৰ পৰা ২০৯১৪লৈ প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ অধ্যক্ষও আছিল কাটজু।
ন্যয়াধীশ হৈ থকা সময়তো বহু বিৰ্তকিত মন্তব্য প্ৰদান কৰিছিল এইগৰাকী মাৰ্কাণ্ডো কাটজুৱে। ২০২০চনৰ হাথৰাছৰ নৃশংস দলৱদ্ধ ধৰ্ষণৰ ঘটনাক লৈও বিৰ্তকিত মন্তব্য প্ৰদান কৰিছিল তেওঁ। তেওঁ তেতিয়া কৈছিল যে, ধৰ্ষণ হৈছে পুৰুষৰ স্বাভাৱিক হেপাঁহ। সামাজিক মাধ্যমত মাৰ্কাণ্ডোৰ এই কথাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
উল্লেখ কৰা প্ৰয়োজন যে, সামাজিক মাধ্যমত অতিকৈ সক্ৰিয় মাৰ্কাণ্ডোৱে নানান বিৰ্তকিত বিষয়ক লৈ পোষ্ট কৰি সদায় চৰ্চাত থাকে। বহুতে কয় যে, এগৰাকী প্ৰাক্তন ন্যায়াধীশৰ এনে আচৰণ কেতিয়াও গ্ৰহণযোগ্য হব নোৱাৰে। তেওঁৰ নিজৰ মৰ্যদা অক্ষুন্ন ৰখা উচিত।