ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৬৮ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন...

author-image
Asomiya Pratidin
New Update
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৬৮ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন...

orang

ডিজিটেল সংবাদ ওৰাংঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ব্যঘ্ৰ প্ৰকল্পৰ সৌজন্যত ৰাষ্টীয় উদ্যানখনত ৬৮ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হয়। প্ৰতিবছৰেই উদ্যানখনত অক্টোবৰ মাহৰ ১ তাৰিখৰ পৰা ৭ তাৰিখলৈ উদযাপন কৰা হয় বন্যপ্ৰাণী সপ্তাহ।

Advertisment

মঙ্গলদৈ বন সংমণ্ডল প্ৰাধিকাৰী প্রদীপ্ত বৰুৱাৰ সভাপতিত্বত বন্যপ্ৰাণী সপ্তাহৰ জৰিয়তে আমি কেনেকৈ বন্যপ্ৰাণীসমূহক সংৰক্ষণ কৰি ৰাখিব পাৰি তাৰ প্ৰতি লক্ষ্যৰাখি বিতংকৈ আলোচনা কৰা হয়৷ সভাখনত উপস্থিত থাকে সহকাৰী বন সংৰক্ষক ৰাজীৱ হাজৰিকা, ৰেঞ্জাৰ দিব্যজ্যোতি দেউৰী, গাঁওৰক্ষী বাহিনীৰ সদস্য, গাওঁবুঢ়াসকলৰৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতিকাষৰীয়া প্ৰায় শতাধিক ৰাইজ।

orang national park