বন্যহস্তীৰ আতংকত আতংকিত গাঁৱৰ ৰাইজ

পশ্চিম কাৰ্বি আংলং জিলাৰ বৃহত্তৰ হাৱাইপুৰ মৌজাত এটা বন্যহস্তীৰ জাকে প্ৰৱেশ কৰে। হাতীৰ জাকটোৱে জনাঞ্চালেৰে হাৱাইপুৰ ৰে'ল লাইন পাৰ হৈ লামডিং সংৰক্ষিত বনাঞ্চলত ৰাওনা হয়

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2

ডিজিটেল সংবাদ, পশ্চিম কাৰ্বি আংলংঃ ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস। তাৰোপৰি পশ্চিম কাৰ্বি আংলং জিলাৰ বৃহত্তৰ হাৱাইপুৰ মৌজাত এটা বন্যহস্তীৰ জাকে প্ৰৱেশ কৰে।আনফালে বন্যহস্তিৰ জাকটোৱে  জনাঞ্চালেৰে হাৱাইপুৰ ৰে'ল লাইন পাৰ কৰি  লামডিং সংৰক্ষিত বনাঞ্চলত ৰাওনা হোৱাৰ দৃশ্য দেখিবলৈ পোৱা যায়। 

তাৰোপৰি পুৱাৰ ভাগত সদায় জিৰিবাছা কাৰ্বি গাওঁ, নেপালী গাওঁ, ভেটাপাৰ বিহাৰী গাওঁ, গোহাঁ গাওঁ আৰু ইংহি গাওঁ আন্তঃজিলা হোজাই লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা ৰাওনা  হোৱা পৰিলক্ষিত হয় ।  আনফালে  প্রাতঃভ্রমণৰ সময়ত বন্যহস্তীৰ জাকটো দেখা পাই আতংকিত হৈ পৰে স্থানীয় ৰাইজ।

প্ৰাণিধানযোগ্য যে  বৃহত্তৰ হাৱাইপুৰ অঞ্চলত সন্দিয়া পাঁচ বজাৰ লগে লগে হাতীৰজাকটোৱে  ৰে'ল লাইন পাৰ হৈ খাদ্যৰ সন্ধানত হাৱাইপুৰ অঞ্চলৰ বিভিন্ন ধাননি পথাৰ,কুঁহিয়াৰৰ খেতি আদি তহিলং কৰে।  

তাৰোপৰি অসম চৰকাৰৰ বন বিভাগে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব।

পশ্চিম কাৰ্বি আংলং