/asomiyapratidin/media/media_files/2025/12/24/517-2025-12-24-12-29-21.jpg)
ডিজিটেল সংবাদ, উৰিয়াগাঁও : নগাঁও বন সংমণ্ডলৰ অন্তৰ্গত মাজপোতনী আৰু মাজ উৰিয়াগাঁৱত বন্যহস্তী আৰু মানৱৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে । জানিব পৰা মতে মঙলবাৰে নিশা এজাক বন্যহস্তীয়ে মাজপোতনীৰ কনক চন্দ্ৰ বৰাৰ ভৰাঁলগৃহ, খেৰগৃহ লণ্ডভণ্ড কৰাৰ লগতে ভৰাঁলৰ বুজন পৰিমাণৰ ধান খাই তহিলং কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/24/whatsapp-im-2025-12-24-12-29-43.jpeg)
ইয়াৰ উপৰিও তেওঁৰ বাৰীৰ তামোল গছ,কলগছকে ধৰি বিভিন্ন গছ গছনিৰ বিস্তৰ ক্ষতি সাধন কৰে। একেদৰে উক্ত গাঁৱতে বন্যহস্তীয়ে হৰেন বৰাৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে বাসগৃহত থকা ধান খায়।
তদুপৰি মাজ পোতনী গাঁৱৰে শৰৎ বৰাৰ বাসগৃহ লণ্ডভণ্ড কৰে। আনহাতে উক্ত নিশাই বন্যহস্তীয়ে মাজউৰিয়া গাঁৱৰ অৰূপ বৰাৰ বাসগৃহৰ পিছফালে থকা বাৰীৰ তামোল গছ, কলগছ ভাগি অনিষ্ট সাধন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/24/whatsapp-image-2-2025-12-24-12-29-58.jpeg)
উল্লেখযোগ্য যে,ভুক্তভোগী পৰিয়ালসমূহে বন্যহস্তীয়ে আক্ৰমণ কৰাৰ বিষয়ে বনবিভাগক খবৰ দিয়াৰ পিছতো এই পৰ্যন্ত সংশ্লিষ্ট বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হোৱা নাই। ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিব নোৱাৰাৰ বাবে ভুক্তভোগী পৰিয়ালসমূহে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক উপযুক্ত ক্ষতিপুৰণ দিবলৈ স্থানীয় ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us