/asomiyapratidin/media/media_files/2025/08/23/new-ap-web-2-13-2025-08-23-16-14-53.jpg)
ডিজিটেল সংবাদ জামুগুৰিহাটঃ ৰঙাপৰাত বন্যহস্তীৰ মুক্ত বিচৰণে শংকিত কৰি তুলিছে সৰ্ব্বসাধাৰণ ৰাইজক৷ ৰঙাপৰাৰ নাহৰনী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং কুলিবাৰীত ৰাতিপুৱাৰে পৰা চাৰিটাকৈ বন্যহস্তীয়ে মুক্ত বিচৰন কৰি থকাত অঞ্চলবাসী ৰাইজক এতিয়া আতংকিত কৰি তুলিছে৷
নিশা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ জাকটো এনেদৰে হাবিৰ মাজত বিচৰন কৰি আছে যদিও বন বিভাগে চকুমোদা কুলিৰ ভাও জুৰি আছে৷ স্থানীয় ৰাইজে আমাৰিবাৰী বনাঞ্চলিক কাৰ্য্যালয়ত খবৰ দিয়াৰ পিছতো বন বিভাগৰ বিষয়া ও বনকৰ্মীসকলে বন্যহস্তীৰ জাকটো বনাঞ্চললৈ খেদি পঠোৱাৰ কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷
উল্লেখ্য যে, প্ৰায়ে কলিবাৰী অঞ্চলত বন্যহস্তীয়ে সন্ত্ৰাস চলায় আহিছে৷ খাদ্যৰ সন্ধানত ওলায় অহা বন্যহস্তীয়ে অঞ্চলটোৰ ঘৰ দুৱাৰ ভাঙি ক্ষতিসাধন কৰি আহিছে৷ নিশা হোৱাৰ পূৰ্বে হাতীৰ জাকটো খেদি পঠিয়াবলৈ ৰাইজে দাবী জনাইছে।