/asomiyapratidin/media/media_files/2025/11/04/124-2025-11-04-09-05-45.jpg)
ডিজিটেল সংবাদ, লংকা : হোজাই জিলাৰ লংtকা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত গোঁসাইগাওঁ শ্ৰী শ্ৰী শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত সোমবাৰে নিশা বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ ধ্বংসসাধন ঘটে। লামডিং সংৰক্ষিত বনাঞ্চলৰ গাতে অৱস্থিত বিদ্যালয়খনত এইবাৰেই নহয়, বিগত সময়ত ইতিমধ্যে আঠবাৰকৈ বনৰীয়া হাতীৰ উপদ্ৰৱ সংঘটিত হৈছে।
প্ৰতিবাৰেই বিদ্যালয়খনৰ আন্তঃগাঁথনি ভাঙি ধ্বংসস্তূপত পৰিণত কৰিছে। উল্লেখযোগ্য যে, এই বিদ্যালয়খন বিগত সকলো গুণোৎসৱত ‘এ প্লাছ’ লাভ কৰি অঞ্চলটোৰ গৌৰৱ বৃদ্ধি কৰিছিল। কিন্তু বিদ্যালয়খনত হাতীৰ তাণ্ডৱে এতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপযুক্ত এটা শ্ৰেণীকোঠাৰ অভাৱ সৃষ্টি কৰিছে।
লামডিং বনাঞ্চলত বাহৰ পাতি থকা প্ৰায় ৬০-৭০ জনীয়া বৃহৎ বনৰীয়া হাতীৰ জাকটোৱে বিগত এক সপ্তাহ ধৰি গোঁসাইগাঁও আৰু হাৱাইপুৰ অঞ্চলত নিশা হ’লে তাণ্ডৱ চলাই জনজীৱন বিপৰ্যস্ত কৰি তুলিছে। স্থানীয় ৰাইজে নিশা বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে।
নিশা জাকটোৱে কেশৱ শইকীয়া, বীণা কলিতা, মৃদুলা তামুলী ফুকন, গোবিন্দ্ৰ তামুলী ফুকন আৰু অৰুণ ভূঞাৰ ঘৰ আৰু দোকানঘৰসমূহত ব্যাপক ক্ষতিসাধন কৰে। গছগছনি ভাঙি,পকা ধানৰ খেতিভুমিতো তাণ্ডৱ চলাই হাতীজাকটোৱে।
অঞ্চলবাসীৰ অভিযোগ, বন বিভাগে এতিয়ালৈকে নিশা সময়ত হাতী খেদিবলৈ কার্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই। ফলত স্থানীয় ৰাইজে আতঙ্কত দিন কাটাইছে। ৰাইজে বন বিভাগ আৰু প্ৰশাসনক তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰি অঞ্চলটোত হাতী নিয়ন্ত্ৰণ আৰু ৰাতি জনজীৱনৰ নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰাৰ দাবী জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us