/asomiyapratidin/media/media_files/2025/10/09/new-ap-web-2-24-2025-10-09-09-36-22.jpg)
ডিজিটেল সংবাদ বেকাজান: তিতাবৰ বন বিভাগৰ চূড়ান্ত গাফিলতি আৰু দায়িত্বহীনতাৰ বাবে আজি নিশা গিবন অৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই এটা বন্যহস্তী বিদ্যুতস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাবটি ল'বলগীয়া হোৱা ঘটনাই তিতাবৰত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। জানিব পৰামতে যোৱা নিশা মৰিয়নী গিবন অভয়াৰণ্য পৰা খাদ্যৰ সন্ধানত ওলাই অহা প্ৰায় ৪০ টা হাতীৰ জাকটোৱে ধলি চামগুৰি চাহ বাগিচাৰ এঘাৰ লোকৰ পিছফালে প্ৰবেশ কৰিছিল।
কিন্তু ঘৰটো সংযোগ থকা বিদ্যুত তাঁৰত লাগি বিদ্যুতস্পৃষ্ট হৈ কৰুণ মৃত্যু হয় এটা হাতীৰ। উল্লেখযোগ্য যে কিছুদিন পৰা মৰিয়নী গিবন অভয়াৰণ্য পৰা প্ৰায় ৭০ টা বন্যহস্তীৰ এটা দল বনাঞ্চল পৰা ওলাই আহি জনাঞ্চলত প্ৰবেশ কৰিছিল। হাতীৰ দলটোৱে খৰিকটীয়া, লেটেকুজান আৰু শান্তিপুৰ অঞ্চলত মানুহৰ বাৰী আৰু পথাৰত ধান আৰু বিভিন্ন শাক পাচলি খাই তহিলং কৰিছিল।
এই বৃহৎ জাকটোৰ পৰা ফালৰি কাটি যোৱা এটা বনৰীয়া হাতী যোৱা নিশা বাগিচাৰ এঘৰ মানুহৰ ঘৰত প্ৰবেশ কৰিছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে হাতীটো উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাঁৰ লাগি কৰুণভাৱে মৃত্যু হয়। বিগত পাঁচদিন ধৰি বন্যহস্তী দলটোৱে তিতাবৰ কেইবাখনো চাহ বাগান আৰু গাঁৱত খাদ্যৰ বাবে বিচৰণ কৰি আছে।
তিতাবৰ আৰু মৰিয়নী বন বিভাগে বন্যহস্তী দলটোক গিবন অভয়াৰণ্যলৈ খেদি পঠাবলৈ কোনো ধৰণৰ পদক্ষেপ নকৰাৰ পৰিপ্ৰেক্ষিতত দুৰ্ভাগ্যজনকভাৱে বিদ্যুতৰ তাঁৰত লাগি হাতীটোৰ কৰুণ মৃত্যু হয়। হাতীটোৰ মৃত্যুৰ খবৰ লাভ কৰি ধলি চামগুৰি অঞ্চলৰ শতাধিক লোকে আহি ধূপ, বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জনায়।
ইফালে তিতাবৰ আৰু মৰিয়নী বন বিভাগৰ চূড়ান্ত গাফিলতি আৰু অৱহেলাৰ বাবেই হাতীটোৰ মৃত্যু হোৱাৰ অভিযোগত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিতাবৰ আঞ্চলিক আৰু অন্যান্য জাতীয় দল-সংগঠনে। অসমীয়া যুৱ মঞ্চৰ নেতা ৰাহুল গগৈয়ে কয়, তিতাবৰত হাতী মানুহৰ সংঘাটতত কেৱল হাতীৰে মৃত্যু হোৱা নাই বৰঞ্চ মানুহৰো প্ৰাণ গৈছে।
দীৰ্ঘদিনীয়া এই হাতী মানুহৰ সংঘাত নিৰাময়ৰ বাবে তিতাবৰ ৰাইজ আৰু দল সংগঠনে প্ৰতিবাদ জনাই আহিছে। কিন্তু দুৰ্ভাগ্যজনক কথা যে বন বিভাগে চূড়ান্ত অৱহেলা কৰি আহিছে। তাৰ পৰিপ্ৰেক্ষিতত আজি নিশা এনেদৰে এটা বনৰীয়া হাতীৰ মৃত্যু হ'ল।
আমি তিতাবৰ আৰু মৰিয়নী গিবন অভয়াৰণ্য হাতী মানুহৰ সংঘাতৰ স্থায়ী সমাধান বিচাৰিছো। অকমণ্য বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ পদত্যাগ দাবী কৰিছো। পৰিতাপৰ কথা ৰাইজে বহু টকা পইচা খৰচ কৰি খেতি কৰে বনৰীয়া হাতীয়ে খাই তহিলং কৰে অথচ বনবিভাগে ক্ষতিপূৰণ নিদিয়ে। সেয়ে অকমণ্য বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক ধিক্কাৰ দিছো।
উল্লেখযোগ্য যে স্থানীয় ৰাইজে অভিযোগ কৰামতে গিবনৰ বন্যহস্তী দলটোৱে বনাঞ্চল পৰা জনাঞ্চলত প্ৰবেশ কৰি ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰি পথাৰৰ ধান খাই তহিলং কৰা খবৰ বন বিভাগক দি ইয়াৰ সমাধান বিচাৰি দাবী জনাইছিল যদিও বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us