বন্যহস্তীয়ে নিদ্ৰা হৰণ কৰিছে খেৰণিবাসীৰ : বিঘাই বিঘাই অনিষ্ট কৰিছে পকা ধানৰ

ক্ৰমাৎ হাতী-মানুহৰ সংঘাতে জটিল ৰূপধাৰণ কৰিছে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত। দিন-ৰাতি একাকাৰ কৰি প্ৰায় ১৫০ বন্যহস্তীৰ এটা জাকে সন্ত্ৰাস সৃষ্টি কৰি বৃহত্তৰ খেৰণিত এক আতংকময় পৰিৱেশ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

author-image
Asomiya Pratidin
New Update
422

ডিজিটেল সংবাদ, খেৰণি : ক্ৰমাৎ হাতী-মানুহৰ সংঘাতে জটিল ৰূপধাৰণ কৰিছে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত। দিন-ৰাতি একাকাৰ কৰি প্ৰায় ১৫০ বন্যহস্তীৰ এটা জাকে সন্ত্ৰাস সৃষ্টি কৰি বৃহত্তৰ খেৰণিত এক আতংকময় পৰিৱেশ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

এক কথাত ক'বলৈ গ'লে বনৰীয়া হাতীৰ চৰণীয়া পথাৰত এতিয়া পৰিণত হৈছে বৃহত্তৰ খেৰণিৰ জনাঞ্চল। পকা ধানৰ মাজে মাজে সৰু সৰু আলিৰ পৰিবৰ্তে খেৰণিত এতিয়া পকা ধানৰ মাজে মাজে বনৰীয়া হাতীৰ দীঘলীয়া শাৰীহে দেখিবলৈ পোৱা গৈছে।

বিগত প্ৰায় মাহ দিন ধৰি হাতীৰ জাকটোৰ উপদ্ৰপত উজাগৰী নিশা কটাবলগীয়া হৈছে অঞ্চলবাসীৰ লগতে কৃষক ৰাইজে। এফালৰ পৰা কৃষকৰ কুঁহিয়াৰ খেতি, পকা ধান আদি খায় তহিলং কৰাৰ লগতে গচকী বিস্তৰ ক্ষতিসাধন কৰা দেখিবলৈ পোৱা গৈছে।

বহু পৰিয়ালৰ বাসগৃহ আদিও ভাঙি লণ্ডভণ্ড কৰিছে হাতীৰ জাকটোৱে। ইতিমধ্যে আনকি হাতীৰ আক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাবলগীয়াও হৈছে খুচবু ৰাজভৰ নামৰ যুৱতী এগৰাকীয়ে।

নিশা ৰোগী কঢ়িওৱা এম্বুলেন্সৰ লগতে যান -বাহন আদি চলাচল কৰাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি কৰিছে হাতীৰ জাকটোৱে। মুঠতে বৃহত্তৰ খেৰণিৰ অলিয়ে-গলিয়ে এতিয়া ১৫০ জনীয়া হাতীৰ জাকটোয়ে কেইবাটাও ভাগত বিভক্ত হৈ পিয়াপি দি এক আতংকৰ সৃষ্টি কৰি ফুৰিছে।

কোন, কেতিয়া, ক'ত হাতীৰ মুখামুখি হৈ বিপদৰ সন্মুখীন হ'ব তাৰ কোনো নিশ্চয়তা নোহোৱা হৈছে অঞ্চলটোত। জনাঞ্চলৰ পৰা বনাঞ্চলৈ হাতীৰ জাকটোক খেদি পঠিওৱা বা ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত সম্প্ৰতি ব্যৰ্থ হৈ পৰিছে খেৰণি বন বিভাগ।

তেনে সময়তে শেহতীয়াকৈ বৃহত্তৰ অঞ্চলটোত প্ৰাক্তন সাংসদ হৰেনছিং বে উপস্থিত হৈ বুজ লয় অঞ্চলবাসীৰ সমস্যাৰ। 

হাতী মানুহৰ সংঘাত বনৰীয়া হাতী খেৰণি