জামুগুৰিহাটত বন্যহস্তীৰ উপদ্ৰৱ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা খাদ্যৰ সন্ধানত নিশাৰ ভাগত ওলাই আহি জনাঞ্চলত প্ৰবেশ কৰা জাক জাক বনৰীয়া হাতীয়ে কৃষক ৰাইজৰ ধাননী পথাৰৰ পকা ধান খাই খেচিগুলি নষ্ট কৰি আহিছে ৷

author-image
Asomiya Pratidin
New Update
198

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত থকাত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে হাতী- মানুহৰ সংঘাত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা খাদ্যৰ সন্ধানত নিশাৰ ভাগত ওলাই আহি জনাঞ্চলত প্ৰবেশ কৰা জাক জাক বনৰীয়া হাতীয়ে কৃষক ৰাইজৰ ধাননী পথাৰৰ পকা ধান খাই খেচিগুলি নষ্ট কৰি আহিছে ৷

মঙলবাৰে নিশাও বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে জামুগুৰিহাটৰ পানপুৰ, বিষ্ণুপুৰ, হকমাকে ধৰি কেইবাখনো গাঁৱত চলাইছে উপদ্ৰৱ। বনৰীয়া হাতীৰ জাকটোৱে কৃষক ৰাইজৰ ধাননি পথাৰসমূহত প্ৰবেশ কৰি ধানখেতি খেচিগুলি খাই তহিলং কৰাৰ  লগতে গৃহস্থৰ বাৰীৰ কলগছসমুহ ভাঙি, খাই অনিষ্ট সাধন কৰিছে।

নিতৌ সন্ধিয়া হোৱাৰ লগে লগে এই অঞ্চলৰ গাঁওসমূহত প্ৰবেশ কৰে বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে।অঞ্চলটোত বনৰীয়া হাতী উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ বন বিভাগে যেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল, সেইধৰণে পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

জামুগুৰিহাট