ৰাজ্যত পুনৰ বন্যহস্তীৰ মৃত্যু

ৰাজ্যত যিমানেই হস্তী-মানৱৰ সংঘাত বৃদ্ধি পাই আহিছে। সিমানেই বন্যহস্তীসমূহৰ মৃত্যু হোৱাৰ খবৰো পোহৰলৈ আহিছে।

author-image
Asomiya Pratidin
New Update
AP WEB 2 (6)

ডিজিটেল সংবাদ, পশ্চিম কাৰ্বি আংলংঃ ৰাজ্যত যিমানেই হস্তী-মানৱৰ সংঘাত বৃদ্ধি পাই আহিছে। সিমানেই বন্যহস্তীসমূহৰ মৃত্যু হোৱাৰ খবৰো পোহৰলৈ আহিছে। 

আনফালে,পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰৰ জিৰিবাছা-ৱাছলিঙত খেতিপথাৰত প্ৰকাণ্ড হাতীৰ মৃত্যু  হোৱাৰ ঘটনা সংঘটিত হয়। অঞ্চলটোৰ লোকে চাকি-বন্তি জ্বলাই মৃত হাতীটোক জনাইছে সেৱা। 

প্ৰাণিধানযোগ্য যে,মৃত হাতীটো গৰ্ভৱতী হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। তাৰোপৰি ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোক। আনহাতে, প্ৰসৱ সমস্যাৰ সৃষ্টিৰ ফলত হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে। 

উল্লেখযোগ্য যে বিগত প্ৰায় এমাহ দিন ধৰি বৃহত্তৰ অঞ্চলটোত এটা বনৰীয়া হাতীৰ জাকে কৃষক ৰাইজৰ নিদ্ৰাহৰণ কৰাৰ লগতে খেতি পথাৰ বিনষ্ট কৰাৰ উপৰিও এক আতংকৰ সৃষ্টি কৰা পৰিলক্ষিত হৈ আহিছিল ।

আনফালে  তাৰ মাজতে  এই কৰুণ ঘটনাটো সংঘটিত হয়।                                                                             

পশ্চিম কাৰ্বি আংলং