চৰকাৰৰ উন্নয়ন আঁচনিৰ বিৰোধিতাৰে গৌৰৱ গগৈৰ নিৰ্বাচনী হুংকাৰক লৈ তুমুল প্ৰতিক্ৰিয়া

কিছু সময় পিছতে কলিয়াবৰত প্ৰধানমন্ত্ৰীয়ে শিলান্যাস কৰিব লগা কাজিৰঙাৰ এলিভেটেড কৰি'ডৰৰ বিৰোধিতা কৰিছে  প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে

author-image
Asomiya Pratidin
New Update
new ap web 2 (40)

ডিজিটেল ডেস্ক : কিছু সময় পিছতে কলিয়াবৰত প্ৰধানমন্ত্ৰীয়ে শিলান্যাস কৰিব লগা কাজিৰঙাৰ এলিভেটেড কৰি'ডৰৰ বিৰোধিতা কৰিছে  প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। নিৰ্বাচনৰ প্ৰাকক্ষণত লোকসভাৰ বিৰোধী উপ দলপতিগৰাকীয়ে অসমৰ উন্নয়ণ আঁচনিসমূহক নিৰ্বাচনী ইছ্যু হিচাপে থিয় কৰাব খোজা ঘটনাই ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে।

জখলাবন্ধাৰ মাজেৰে  এলিভেটেড কৰি'ডৰ নিৰ্মাণ নকৰি  ইয়াৰ নক্সা সলনি কৰাৰ দাবীৰে চলাই থকা আন্দোলনৰ সুযোগ ল'ব বিচৰা বুলিও গগৈৰ বিৰুদ্ধে অভিযোগ তুলিছে বিজেপি সমৰ্থক সকলে।  অৱশ্যে গৌৰৱ গগৈয়ে কেৱল এলিভেটেড কৰি'ডৰৰে বিৰোধিতা কৰা নাই। একে সময়তে তেওঁ জাগীৰোডৰ ছেমিকণ্ডক্টৰ উদ্যোগ আৰু গুৱাহাটী মহানগৰীৰ ফ্লাইঅভাৰসমূহ নিৰ্মাণ কৰিবলৈ লোৱা ৰিং ৰোড আদি উন্নয়ণ আঁচনিৰো বিৰোধিতা কৰিছে।

তেওঁৰ মতে এইবোৰ  আঁচনিয়ে ৰাইজৰ কোনো কল্যান সাধিব নোৱাৰে। ইফালে বহু গুৰুত্বপূৰ্ণ জাতিয় সমস্যা বিশেষকৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, অসম চুক্তিৰ ছয় নং দফাত সন্নিবিষ্ট খিলঞ্জীয়াৰ ৰক্ষা কবচ, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী, উপভোক্তাক যোগান ধৰা পুঁজিৰে কৃষি বা উৎপাদনী ক্ষেত্ৰত প্ৰত্যক্ষভাৱে নিয়োগ নকৰা আজি গুৰুত্বপূৰ্ণ বিষয়সমূহ সন্দৰ্ভত একপ্ৰকাৰ নীৰৱে থাকি উন্নয়ন আঁচনিৰ বিৰুদ্ধে সৰৱ হোৱা ঘটনাক লৈ সৰ্বসাধাৰণ ৰাইজৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বহু সংখ্যক লোকে মুকলিকৈ ইয়াৰ সমালোচনা কৰি বিগত ৭৫ বছৰে কংগ্ৰেছৰ শাসনত অৱহেলিত হৈ ৰোৱা অসমত ব্যাপক হাৰত বিজেপি চৰকাৰে উন্নয়ন আঁচনি ৰূপায়ণ কৰা ঘটনাক লৈ গৌৰৱ গগৈ অস্তিত্বহীন হৈ পৰা আশংকাত ভোগা বুলিও মন্তব্য কৰিছে। অৱশ্যে নিৰ্বাচনলৈ ৩মাহ বাকী থকা অৱস্থাত কংগ্ৰেছ নেতৃত্বই ৰাইজৰ এনে মনোভাব আঁতৰাই বিজেপিৰ উন্নয়ন আঁচনিৰ আঁৰৰ ৰহস্য ফাদিল কৰি কিদৰে নিজকে বৰ্তমান চৰকাৰৰ বিকল্পৰূপে বিৰোধী শক্তিক থিয় কৰাব পাৰে, সেয়া সুস্পষ্ট হ’বলৈ আৰু এমাহ বাট চাব লাগিব।

গৌৰৱ গগৈ