/asomiyapratidin/media/media_files/2025/11/04/dfhffgfgfgfg-2025-11-04-19-02-24.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰৰ ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক অনিয়ম। এই অনিয়মৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। পথটো নিৰ্মাণ কৰা ঠিকাদাৰজনে নিম্নমানেৰে পথৰ কাম কৰি থকাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰে।
ইফালে, পথচোৱাৰ কাম বিগত ৬ মাহ ধৰি বন্ধ হৈ থকাত আৰু পকী কালভাৰ্টটোৰ কাম সম্পূৰ্ণ নকৰাত ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী সকলে অহা-যোৱা কৰাৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হয়। লোক নিৰ্মাণ বিভাগৰ বিভাগীয় ঠিকাদাৰজনে নিয়ম অনুসৰি পথৰ ওপৰত প্ৰথমতে শিল-বালি পেলাই তাৰ পিছত কটা শিলগুটি দিব লাগে। কিন্তু তাৰাজুলি চাহ বাগিচাৰ ১ নং শ্ৰমিক লাইনৰ পথচোৱাত মাটিৰ ওপৰতে শিলগুটিবোৰ পেলাই পথ নিৰ্মাণৰ কাম আৰম্ভ কৰাত ক্ষুব্ধ ৰাইজে পথ নিৰ্মাণৰ কাম বন্ধ কৰি ইয়াৰ এক উচিত তদন্তৰ দাবী জনাইছে।
উল্লেখ্য যে, ২০২৪-২৫ বৰ্ষৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী পকীকৰণ আঁচনিৰ অধীনত তাৰাজুলি চাহ বাগিচাৰ শ্ৰমিক লাইন পথটি নিৰ্মাণ কৰা হৈছিল। ১.৪৭৫ দৈৰ্ঘ্যৰ পথটি নিৰ্মাণৰ বাবে সুজাশ্ৰী এণ্টাৰপ্ৰাইজক ৯৯ লাখ ১৪ হাজাৰ ১০৩ টকা অনুমোদন দিছিল অসম চৰকাৰে। বিগত ৬ মেত বৰচলা আৰু ঢেকিয়াজুলি টেৰিটৰিয়েল পথ শাখাৰ অধীনত শুভাৰম্ভ হোৱা পথটি নিৰ্মাণৰ ক্ষেত্ৰত উঠা অভিযোগ বিভাগীয় কৰ্তৃপক্ষই কিদৰে তদন্ত কৰে সেয়া সময়ত হ'ব অতি লক্ষণীয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us