/asomiyapratidin/media/media_files/2025/10/19/new-ap-web-mass-2025-10-19-13-20-35.jpg)
ডিজিটেল সংবাদ, গহপুৰ : চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত হোৱা দুৰ্নীতি অনিয়মে এতিয়া সীমা চেৰাইছে গহপুৰত।সভাই সমিতিয়ে স্বচ্ছতাৰ শ্ল'গান দিয়া বিজেপিৰ শাসনকালত গহপুৰত ৰূপায়ণ হোৱা চৰকাৰী আঁচনিৰ ক্ষেত্ৰত কেনেধৰণৰ দুৰ্নীতি হৈছে সেয়া জলজল পটপট হৈ আছে গহপুৰ নগৰৰ বৰপুখুৰীত ৰূপায়ণ হোৱা এটা আঁচনিৰ কামত।
উল্লেখযোগ্য যে-গহপুৰ পৌৰসভা কাৰ্য্যলয়ৰ গাতে লাগি থকা ঐতিহ্যমণ্ডিত বৰপুখুৰীৰ মাজভাগত এটা ফ্লটিং ফাউণ্টেইন সংস্থাপনৰ বাবে এক ব্যয়বহুল আঁচনি ৰূপায়ন কৰা হৈছিল।ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অধীনত ৰূপায়ণ হোৱা উক্ত আঁচনিৰ জৰিয়তে প্ৰায় ১২/১৫ ফুট গোলাকৃতিৰ পানীত উপঙি থকা এটা ফ্ৰেমত বৰষুণৰ দৰে পানী উলিয়াই ৰঙ বিৰঙী লাইট জ্বলোৱাৰ ব্যৱস্থা কৰা হৈছে। যাতে নিশা হ'লেই এই ৰঙ বিৰঙী লাইটৰ পোহৰে জলমলাই তুলি সৌন্দৰ্য্যবৰ্ধন কৰি তুলিব পৰা হয় বৰপুখুৰীৰ চৌপাশ।
শোণিতপুৰ লোক সভা সংসদীয় সমষ্টিৰ উন্নয়ন এলেকা পূঁজিৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ আবণ্টিত ধনেৰে ৰূপায়ণ কৰা হৈছে উক্ত ফ্লটিং ফাউণ্টেইন। ঘূৰণীয়া আকৃতিৰ ওপঙি থকা এটা ফ্ৰেম আৰু তাত কেইটামান ৰঙ বিৰঙী লাইট সংস্থাপন কৰা উক্ত কামৰ বাবে আবণ্টিত পুঁজিৰ পৰিমাণ হৈছে ২৩ লাখ টকা।
উক্ত ফ্লটিং ফাউণ্টেইনটো দেখিলে ৫ লাখ টকা খৰছ হোৱা বুলি ক'লেও বেছি কোৱা হ'ব। তেনেক্ষেত্ৰত উক্ত কামৰ বাবে আবণ্টিত পূঁজিৰ পৰিমাণ ধাৰ্য্য কৰা হৈছে ২৩ লাখ টকা।
যোৱা ১৪ চেপ্তেম্বৰত উক্ত ফ্লটিং ফাউণ্টেইনৰ ছুইচ অন কৰি শুভ উদ্বোধন কৰাৰ পিছত এতিয়া ঠিকদাৰে অতি সন্তপৰ্ণে বাকী থকা বিল আদায় কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাইছে। যিহেতু গহপুৰৰ ৰাইজে উক্ত কামৰ নমুনা দেখি আচৰিত হ'বলগীয়া হৈছে তেনেক্ষেত্ৰত ঠিকাদাৰগৰাকীয়ে বাকী থকা সমূদায় বিল কৌশলেৰে উলিয়াই নিবলৈ তৎপৰতা অৱলম্বন কৰা বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে-উক্ত আঁচনি ৰূপায়ন কৰা কুলজিৎ সিঙ নামৰ ঠিকাদাৰগৰাকীৰ ঘৰ কিন্তু গহপুৰত নহয়।নাজিৰাৰ বাসিন্দা তেওঁ। নাজিৰাৰ পৰা আহি কুলজিৎ সিঙে গহপুৰত কেনেকৈ কাম পালে তাকে লৈয়ো প্ৰশ্ন উথাপন কৰিছে গহপুৰৰ যুৱ সমাজে।
গহপুৰৰ স্থানীয় যুৱকক এনেধৰণৰ কামৰ পৰা বঞ্চিত কৰি বাহিৰৰ ঠিকাদাৰৰ জৰিয়তে এনেধৰণৰ চৰকাৰী কাম কৰাৰ আঁৰত কমিছনৰ ভাগ বাটোৱাৰা থকাৰ কথাকে স্পষ্ট কৰি তুলিছে। গহপুৰৰ সচেতন ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে উক্ত ফ্লটিং ফাউণ্টেইন কামৰ বাকী থকা পূঁজি ঠিকাদাৰগৰাকীক মোকলাই নিদিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বিশ্বনাথ জিলাৰ আয়ুক্ত আৰু ছয়দুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ ওচৰত কঠোৰ দাবী জনাইছে।