/asomiyapratidin/media/media_files/2025/12/06/whatsapp-image-2025-12-06-18-58-14.jpeg)
ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছত আন এক মোক্ষম আঘাত। গৌৰৱ গগৈৰ সবাতোকৈ বিশ্বাসযোগ্য তথা সোঁহাত স্বৰূপ নেতা প্ৰফুল্ল কুমাৰ দাসৰ আকস্মিকভাৱে দল ত্যাগৰ ঘোষণাৰ পাছতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।
অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সামাজিক মাধ্যম আৰু তথ্য-প্রযুক্তি বিভাগৰ অধ্যক্ষ পদৰ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাথমিক সদস্য আছিল প্ৰফুল্ল কুমাৰ দাস। শনিবাৰে প্ৰফুল্ল কুমাৰ দাসে আনুষ্ঠানিকভাৱে সভাপতি গৌৰৱ গগৈ লৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।
প্ৰফুল্ল কুমাৰ দাসৰ আকস্মিক পদত্যাগে কংগ্ৰেছৰ মাজত বৃদ্ধি কৰিছে উদ্বেগ। প্ৰফুল্ল কুমাৰ দাসৰ ওপৰত দলটোৰ ডিজিটেল প্ৰচাৰ, অনলাইন সংগঠন, বুদ্ধিদীপ্ত কনটেন্ট আৰু নিৰ্বাচনী কৌশলৰ ক্ষেত্ৰত বহুলভাৱে নিৰ্ভৰ কৰিছিল। তেওঁৰ নেতৃত্বত কংগ্ৰেছৰ অনলাইন উদ্যোগ, সামাজিক মাধ্যমৰ অভিযান আৰু নিৰ্বাচনী প্ৰচাৰ বহু গুণে শক্তিশালী হৈ পৰিছিল। কিন্তু ২৬ৰ নিৰ্বাচনৰ পূৰ্বে দাসৰ পদত্যাগ কংগ্ৰেছৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/06/whatsapp-im-2025-12-06-18-57-58.jpeg)
জানিব পৰা মতে, শেহতীয়াকৈ গৌৰৱ গগৈৰ সৈতে গুৰুত্বপূর্ণ বিষয়ত মতানৈক্য সৃষ্টি হোৱাৰ ফলতেই প্ৰফুল্ল কুমাৰ দাসে দল এৰাৰ সিদ্ধান্ত লয়। বিশেষ সূ্ত্ৰৰ মতে - গগৈৰ সিদ্ধান্ত গ্ৰহণৰ ধৰণ, একাধিপত্যবাদী মনোভাৱ আৰু গুৰুত্বপূৰ্ণ আলোচনাৰ ক্ষেত্ৰত গৌৰৱ গগৈৰ পক্ষপাত আদি দাসৰ অসন্তুষ্টিৰ মূল কাৰণ আছিল।
আনহাতে, একাংশৰ মতে - ২৬ৰ নিৰ্বাচনৰ আগমুহূৰ্তত কংগ্ৰেছৰ মুখ্য দায়িত্বত থকা প্ৰফুল্ল কুমাৰ দাসৰ পদত্যাগে কংগ্ৰেছৰ নিৰ্বাচনী সমীকৰণত নিশ্চয়কৈ যথেষ্ট নেতিবাচক প্ৰভাৱ পেলাব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us