২০১৯ত বিজেপিক কিয় ভোট দিব দেশবাসীয়েঃ মোডীয়ে দিলে কি যুক্তি

২০১৯ত বিজেপিক কিয় ভোট দিব দেশবাসীয়েঃ মোডীয়ে দিলে কি যুক্তি

author-image
asomiyapratidin
New Update
এইবাৰ প্ৰৱাসী ভাৰতীয়ৰ বাবে মোডীৰ তীৰ্থ যাত্ৰা যোজনা

ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে দেশৰ ১৫,০০০ ভিন্ন স্থানৰ বিজেপি কৰ্মকৰ্তাৰ সৈতে বাৰ্তালাপ কৰে। নমো এপৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিজেপি কৰ্মকৰ্তাসকলক সম্বোধন কৰি ২০১৯ৰ নিৰ্বাচনত কেন্দ্ৰত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব বুলি দাবী কৰে।

Advertisment

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, '২০১৪ চনত জনতাৰ আৱশ্যকীয় সমূহ পূৰণৰ বাবে আমাক জনমত প্ৰদান কৰি শাসনত অধিষ্ঠিত কৰাইছিল। ২০১৯ চনত জনতাৰ আকাংক্ষাসমূহ পূৰণ কৰাৰ স্বাৰ্থত আমাক জনমত প্ৰদান কৰিব।' প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে দেশৰ প্ৰগতিৰ বাবে বিজেপিয়ে যিধৰণে চিন্তা কৰে, সেয়া বিৰোধীয়ে কেতিয়াও নকৰে।

ভাৰত-পাকিস্তানৰ মাজত সৃষ্টি হোৱা সংঘাতময় পৰিস্থিতিৰ কথা উল্লেখ কৰি নৰেন্দ্ৰ মোডীয়ে কয় যে শত্ৰুৱে দেশৰ প্ৰগতি ৰোধ কৰাৰ চেষ্টা কৰি আছে। কিন্তু ভাৰতীয় বীৰ জোৱানে শত্ৰুৰ সেই ষড়যন্ত নসাৎ কৰিছে বাৰে বাৰে। বীৰ জোৱানসকলে দেশৰ ভিতৰত আৰু দেশৰ সীমা অতিক্ৰম কৰিও শত্ৰুক আমাৰ পৰাক্ৰম দেখুৱাই দিছে। আজি প্ৰতিজন ভাৰতীয় আত্মবিশ্বাসেৰে ভৰপূৰ। প্ৰতিজন ভাৰতীয় যুৱকে দেশৰ স্বাৰ্থত ওলাই আহিব বিচাৰিছে। এয়া ভাৰতৰ ইচ্ছা শক্তি আৰু পৰাক্ৰমৰ প্ৰমাণ।

আনহাতে নিউ ইণ্ডিয়াৰ লক্ষ্য আৰু উদ্দেশ্য সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে দেশৰ প্ৰতিজন জনতাৰ সৰ্বাংগীন উন্নয়নেই হৈছে নিউ ইণ্ডিয়াৰ লক্ষ্য আৰু উদ্দেশ্য। নিউ ইণ্ডিয়াৰ নিৰ্মাণৰ বাবে দেশৰ কোটি কোটি জনতাই ভাৰতীয় জনতা পাৰ্টীক বিশ্বাসত লৈছে বুলি কৈ নৰেন্দ্ৰ মোডীয়ে কয় আগন্তুক লোকসভা নিৰ্বাচনত পুনৰ ভাৰতৰ জনগণে সেয়া প্ৰমাণ কৰি বিজেপিক ভোট দিব বুলিও দাবী কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।