/asomiyapratidin/media/media_files/2025/09/24/vfcvvxvxcvxcxc-2025-09-24-14-53-44.jpg)
ডিজিটেল ডেস্কঃ জুবিনৰ অকাল মৃত্যুৰ তদন্তৰ বাবে দিল্লীলৈ ৰাওনা হৈছে চিআইডিৰ এটা দল। এই দলটোৰ নেতৃত্বত আছে এজন অতিৰিক্ত আৰক্ষী অধীক্ষক। দলটোত লগতে আছে DSP আৰু দুগৰাকী পৰিদৰ্শক। অপৰাধ অনুসন্ধান শাখাত ১৮/২০২৫ নম্বৰৰ গোচৰৰ ভিত্তিত আৰম্ভ হৈছে এই তদন্ত প্ৰক্ৰিয়া।
আৰক্ষীৰ এই দলটোৱে লগত লৈ হৈছে মৰণোত্তৰ পৰীক্ষাৰ সময়ত সংগ্ৰহ কৰা জুবিনৰ শৰীৰ নমুনা। দিল্লীত থকা ফৰেঞ্চিক লেবৰচটৰীত জমা দিব এই নমুনাসমূহ। ফৰেঞ্চিকৰ ৰিপোৰ্টৰ ভিত্তিত আগবাঢ়িব তদন্ত।
উল্লেখযোগ্য যে, মৃত্যুৰ পাছতে নীলা পৰিছিল জুবিনৰ শৰীৰৰ কেইবাটাও অংগ। মৃত্যুৰ পূৰ্বে জুবিনে কৰিছিল বমি। জুবিনৰ খাদ্যত বিষক্ৰিয়া, পৰিকল্পিত হত্যাকাণ্ডৰ সন্দেহ আদি বিষয় স্পষ্ট হব ফৰেঞ্চিকৰ ৰিপৰ্টত।