/asomiyapratidin/media/media_files/2025/12/19/1-2025-12-19-13-43-24.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ শুকুৰবাৰে পুৱাৰে পৰা অসম প্ৰদেশ কংগ্ৰেছৰ নিজৰ X হেণ্ডেলৰ কমেন্ট চেকছন বন্ধ কৰি ৰাখিছে ৷ কংগ্ৰেছৰ দৰে এটা ৰাজনৈতিক দলৰ X হেণ্ডেলৰ কমেন্ট চেকচন বন্ধ কৰি থোৱাক লৈ স্বাভাৱিকতে সচেতন মহলত চৰ্চা চলিছে।
বিগত সময়ছোৱাত একাধিকবাৰ X হেণ্ডেলত অসম কংগ্ৰেছে দিয়া পোষ্ট ভুল বা মিছা বুলি প্ৰমাণ হৈছে ৷ যি সমূহ ভুল পোষ্টত সচেতন লোকে কমেণ্টৰ জৰিয়তে কংগ্ৰেছ দলক প্ৰত্যুত্তৰ দি থকা সৰকা কৰিছিল। গতিকে এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে যে তেনে প্ৰত্যুত্তৰৰ ভয়তে কংগ্ৰেছে X হেণ্ডেলটোত কমেণ্ট দিব পৰাটো বন্ধ কৰি থৈছে দলটোৱে ৷
কংগ্ৰেছৰ এনে কাণ্ডক লৈ সচেতন লোকৰ লগতে বিজেপিৰো বহুজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বিজেপিৰ অসম প্ৰদেশৰ X হেণ্ডেলৰ পৰা এক পোষ্টৰ জৰিয়তে কংগ্ৰেছৰ এই কাৰ্যক "1st step towards sensorship" বুলি অভিহিত কৰিছে। ইয়াৰ উপৰিও মন্ত্ৰী কৌশিক ৰায়, বিধায়ক পৰমানন্দ ৰাজবংশী, মহিলা মৰ্চা, যুৱ মৰ্চাৰ সদস্যকে ধৰি বহু ব্যক্তিয়ে কংগ্ৰেছৰ এই কাৰ্যত প্ৰতিক্ৰিয়া ভিন্ন ধৰণে প্ৰকাশ কৰিছে ৷
সামাজিক মাধ্যমৰ সহ আহ্বায়ক ৰণ বিকাশে কয় কংগ্ৰেছে তেওঁক আগতে ব্লক কৰি এতিয়া কমেণ্ট দিব পৰা চেকচনো ও বন্ধ কৰিব লগা হ'ল ৷ লগতে সকলোৱে একমুখে ক'লে যে কংগ্ৰেছৰ দৰে এটি ৰাষ্ট্ৰীয় দলে এনেকৈ কমেণ্ট বক্স বন্ধ কৰি দিয়াটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক। যি দলে নিজকে গণতন্ত্ৰৰ ফটা ঢোল বজাই থাকে, সেই দলে ফ্ৰিদম অৱ স্পিচ্চ ক এনেকৈ বন্ধ কৰা কাৰ্য নিসন্দেহে গৰিহণাৰে যোগ্য।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us