/asomiyapratidin/media/media_files/2025/10/03/whatsapp-ima-2025-10-03-18-56-37.jpeg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ জুবিন গাৰ্গৰ অকাল মৃত্যুক লৈ চলি থকা বাদ-প্ৰতিবাদ, অভিযোগ-প্ৰতিঅভিযোগৰ মাজতে চৰ্চালৈ আহিছে অন্য এগৰাকী যুৱতীৰ নাম। ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এছ আই টিৰ তদন্ত প্ৰক্ৰিয়া চলি থকা মাজত শ্যামকানু মহন্তৰ সম্বন্ধীয় ভগ্নী জয়শ্ৰী গোস্বামীৰ নাম চৰ্চালৈ আহিছে।
প্ৰাপ্ত তথ্য অনুসৰি, ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভিললৈ জুবিন গাৰ্গ তথা অন্য একাংশৰ সৈতে ছিংগাপুৰলৈ গৈছিল জয়শ্ৰী গোস্বামীও। জুবিন-অমৃতপ্ৰভাৰ সৈতে বিমানৰ একেটা শাৰীতে বহি গৈছিল জয়শ্ৰী।
কিন্তু এই পৰ্যন্ত এছ আই টিৰ তদন্তৰ আওতালৈ অনা হোৱা নাই জয়শ্ৰীক। সম্পৰ্কত শ্যামকানুৰ ভগ্নী জয়শ্ৰীক তলব কৰা নাই চি আই ডিয়ে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ইতিমধ্যে জয়শ্ৰীয়ে নিজৰ সামাজিক মাধ্যমৰ একাউন্ট সমূহো নিষ্ক্ৰিয় কৰাৰ তথ্য পোৱা গৈছে।
অমৃতপ্ৰভা মহন্তয়ো সংবাদ মাধ্যমৰ আগত দিয়া স্পষ্টীকৰণত উল্লেখ কৰিছিল তেওঁলোকৰ সৈতে অন্য এগৰাকী যুৱতী থকাৰ বিষয়টো। ইয়াৰ পাছতো আজিকোপতি জয়শ্ৰীক আৰক্ষীয়ে জেৰা নকৰাক লৈ জনমতত ভিন্ন প্রতিক্ৰিয়া সৃষ্টি হৈছে। চি আই ডি য়ে বিশেষ ব্যক্তি আৰু তেওঁলোকৰ আত্মীয়ক লৈ নমনীয় মনোভাব দেখুৱাইছে বুলি অভিযোগ কৰিছে একাংশই।