/asomiyapratidin/media/media_files/2025/05/01/4CKucvu7eJRdCaV6C49P.jpg)
প্ৰচাৰৰ মাজতে কিয় ক'লে মন্ত্ৰী পীযুষ হাজৰিকাই?
ডিজিটেল ডেস্কঃ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শাসকীয় দল বিজেপি-মিত্ৰজোঁটে সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তোলা পৰিলক্ষিত হৈছে। মন্ত্ৰী পীযুষ হাজৰীকাই ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান। মন্ত্ৰীগৰাকীয়ে লাহৰীঘাট, জাগীৰোড বিধানসভা সমষ্টিত ননষ্টপ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ভোটাৰ ৰাইজক বিজেপি-মিত্ৰজোঁটৰ প্ৰতি আকৃষ্ট কৰিবলৈ সক্ষম হৈছে।
মন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে লাহৰীঘাট বিধানসভা সমষ্টিৰ ৰালিমাৰি বজাৰত এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰে। লাহৰীঘাটৰ প্ৰধান সমস্যা বানপানী, গৰাখহনীয়াৰ কথা উল্লেখ কৰি এই সমস্যা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে সমাধান কৰা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।
আনহাতে, লাহৰীঘাটত ৬০ কোটি টকা ব্যয় কৰি মথাউৰি নিৰ্মাণ কৰাৰ লগতে লাহৰীঘাটৰ গৰাখহনীয়া সমস্যা সমাধান কৰাৰ কাৰণে ৪০০ কোটি টকা অনা বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। ইমানৰ পিছতো অঞ্চলটোৰ ৰাইজে বিজেপিক ভোট নিদিয়াৰ বাবে মন্ত্ৰীগৰাকীয়ে দুখ প্ৰকাশ কৰে। তেওঁ কয় যে, "মোৰ ইয়ালৈ আহিবলৈ মন নাছিল, আপোনালোকে বেয়া নাপাব, মই কষ্টৰে কথাকেইটা কৈছো। ইমান পৰিৱৰ্তন কৰাৰ পিছতো আপোনালোকে লাখ লাখ ভোট কংগ্ৰেছক দি দিলে। এনেকুৱা হ’লে আমাৰ মনটোত দুখ লাগিবনে নাই" বুলি তেওঁ প্ৰশ্ন কৰে।
সভাত মন্ত্ৰীগৰাকীয়ে লাহৰীঘাটৰ উন্নয়নৰ কাৰণে কি কি কাম কৰিছে তাৰ খতিয়ান দাঙি ধৰাৰ লগতে চৰকাৰী বিভিন্ন আঁচনি যেনে অৰুণোদয়, ৰেচন কাৰ্ড আদিৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে।ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ প্ৰতি ৰাইজৰ অভূতপূৰ্ব সঁহাৰি, সমৰ্থন তথা আস্থা-বিশ্বাস দেখি মন্ত্ৰীগৰাকী অভিভূত হৈ পৰে। মন্ত্ৰীগৰাকীয়ে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক ভোটদানেৰে ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ পৰা উন্নয়ন সুনিশ্চিত কৰিবলৈ সকলোকে আহ্বান জনায়। সভাত ভাৰতীয় জনতা পাৰ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ মৰিগাঁও জিলাৰ সহঃ তত্ত্বাৱধায়ক ৰাতুল শৰ্মা, মৰিগাঁও জিলা বিজেপিৰ সভাপতি ৰামপ্ৰসাদ সৰকাৰসহ যথেষ্টসংখ্যক ব্যক্তি উপস্থিত থাকে।
/asomiyapratidin/media/media_files/2025/05/01/64OUUZzVErXRDgY4WAnV.jpeg)
ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ গাগলমাৰি পঞ্চায়তৰ কৰতিপাম চাৰিআলিত আন এখন নিৰ্বাচন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। এইখন সভাতো ৰাইজৰ বিপুল সমৰ্থন দেখি মন্ত্ৰীগৰাকী অভিভূত হৈ পৰে। সভাত ৰাইজক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক আগন্তুক নিৰ্বাচনত ভোট দি জয়যুক্ত কৰিবলৈ সকলোকে আহ্বান জনায়।
ইফালে, মন্ত্ৰীগৰাকীয়ে জাগীৰোড সমষ্টিতো ভাৰতীয় জনতা পাৰ্টিৰ মনহা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ আৰু ৩নং ৱাৰ্ডৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি এখন প্ৰচাৰ সভাতো অংশ লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰখনে প্ৰতিখন গাঁৱৰ উন্নয়ন সুনিশ্চিত কৰা বুলি জাগীৰোডত সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি ৰাইজে সেয়ে ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন কৰাৰ লগতে আশীৰ্বাদেৰে আৱৰি ৰাখিছে বুলি মন্তব্য কৰে।
একেদিনাই মন্ত্ৰীগৰাকীয়ে সন্ধিয়া বিজেপিৰ গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত বোন্দাত আয়োজিত 'বিজয় সংকল্প সমাৱেশ'ত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলক চোকা সমালোচনা কৰে। তেওঁ উল্লেখ কৰে যে, "কংগ্ৰেছ দলে মিছাৰ আশ্ৰয় লৈ বিজেপিক বদমান কৰিবলৈ বিচাৰে। তেওঁলোকৰ এজন সাংসদক বিজেপিয়ে আক্ৰমণ কৰা বুলি অপপ্ৰচাৰ চলোৱা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে টকা লৈ টিকট নিদিয়া তেওঁলোকৰে এজন প্ৰাৰ্থীয়ে সাংসদজনক আক্ৰমণ কৰা বুলি পিছত ওলাই পৰে। কংগ্ৰেছ টকা লৈ টিকট দি দুৰ্নীতিৰ লাইচেন্সখন দি দিয়ে" বুলি মন্তব্য কৰি কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে। সভাত মন্ত্ৰীগৰাকীয়ে চৰকাৰী বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে ভাষণ দাঙি ধৰি ৰাইজক বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়