/asomiyapratidin/media/media_files/2025/10/29/new-ap-web-1-2025-10-29-12-01-08.jpg)
ডিজিটেল ডেস্কঃ বৰষুণ লাগে দিল্লীক।প্ৰাকৃতিক বৰষুণ দিল্লীবাসীৰ বাবে সপোন।সেয়েহে কৃত্ৰিমভাৱে এজাক বৰষুণ দিয়াৰ চেষ্টা চলোৱা হৈছিল দিল্লীত। চুবুৰীয়া দেশ চীনত এইবোৰ সৰু কথা। দেশখনৰ বাবে কৃত্ৰিম ৰ’দ- বৰষুণ হাতৰ খেলা।
দিল্লীত উৰুৱা হ’ল বিমান।কৃত্ৰিম বৰষুণৰ বাবে আকাশত ৰৈ সেই বিমানৰ পৰাই চলোৱা হৈছিল প্ৰচেষ্টা। বৰষুণৰ বাবে বায়ুমণ্ডলত যি পৰিমাণৰ আৰ্দ্ৰতা লাগে সেয়া সৃষ্টি কৰাত বিফল হ’ল মঙলবাৰে।
আই আই টি কানপুৰৰ বিজ্ঞানী সকলে বুধবাৰে পুনৰ কৃত্ৰিম বৰষুণৰ সৃষ্টিৰ চেষ্টা অব্যাহত ৰাখিছে।এই বৰষুণৰ বাবে দিল্লীৰ আকাশত পুনৰ উৰিল বিমান। আই আই টি কানপুৰৰ সঞ্চালক মনিন্দ্ৰ আগৰৱালাই এই বিষয়ত কয় যে "মঙলবাৰৰ দিনটোত দিল্লীৰ কিছু কিছু ঠাইত কৃত্ৰিম বৰষুণৰ প্ৰচেষ্টা সম্পূৰ্ণ ৰূপে সফল নহ'ল।"
ডাৱৰত আৰ্দ্ৰতাৰ পৰিমাণ কম আছিল বাবে সেয়া সম্ভৱপৰ হৈ নুঠিল। বিজ্ঞানীসকলৰ মতে কৃত্ৰিম বৰষুণৰ বাবে ডাৱৰত ৫০% আৰ্দ্ৰতাৰ প্ৰয়োজন কিন্তু মঙলবাৰৰ দিনটোত ডাৱৰত আৰ্দ্ৰতা মাত্ৰ ২০% পোৱা গৈছিল।
কৃত্ৰিম বৰষুণ চেষ্টাত বিফলতাৰ কাৰণ
বিজ্ঞানীসকলৰ মতে দিল্লীত জলবায়ুৰ অৱনতি ঘটাৰ ফলত বৰষুণৰ পৰিমান হ্ৰাস পাইছে।ইয়াৰ বাবে চৰকাৰে প্ৰদূষিত জলবায়ুৰ উন্নতিৰ বাবে বিশেষ কৌশলৰ প্ৰয়োগ কৰি এখন বিশেষ বিমান আকাশত পৰীক্ষামূলক ভাৱে উৰণ কৰিছিল।
পৰীক্ষা কৰা সময়ত বিমানখনৰ জৰিয়তে সীমিত পৰিমাণৰ চিলভাৰ আয়’ডাইড আৰু ছডিয়াম ক্ল’ৰাইডৰ আকাশৰ পৰা এৰিছিল। যিয়ে কৃত্ৰিম বৰষুণৰ সৃষ্টি কৰে।বিজ্ঞানিকসকলে জনোৱা মতে ডাৱৰ সৃষ্টি কৰিবলৈ আৰ্দ্ৰতাৰ মাত্ৰা ৫০% ৰ প্ৰয়োজন হয় কিন্তু উক্ত দিনটোত আৰ্দ্ৰতাৰ পৰিমান ২০% তকৈও কম আছিল।যাৰ ফলত বৰষুণৰ সৃষ্টি হোৱা নাছিল।
উল্লেখযোগ্য যে, এই প্ৰক্ৰিয়া কোনো নতুন প্ৰক্ৰিয়া নহয়। প্ৰায় ৮০ বছৰৰ পুৰ্বেই প্ৰক্ৰিয়াৰ আৱিষ্কাৰ হৈছিল। বৈজ্ঞানিক সকলে পৰীক্ষাগাৰৰ ডাৱৰ কেনেকৈ সৃষ্টি কৰিব পাৰি তাকে লৈ বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি থকা সময়ত অত্যাধুনিক প্ৰক্ৰিয়াৰ দ্বাৰাই ডাৱৰৰ পৰা বৰষুণৰ কেনেকৈ সৃষ্টি কৰিব পাৰি তাৰ উপাই লাভ কৰিছিল।
এই প্ৰক্ৰিয়া প্ৰাকৃতিক ভাৱে সৃষ্টি হোৱা ডাৱৰত প্ৰয়োগ কৰিলেহে কৃত্ৰিম বৰষুণৰ সৃষ্টি হয়। ইয়াৰ উপৰিও ডাৱৰৰ আৰ্দ্ৰতাৰ মাত্ৰা যথেষ্ট পৰিমাণে থাকিলেহে ই ফলপ্ৰসূ হয়।কিন্তু সেই পৰিৱেশ দিল্লীত নথকা বাবেই সফল নহ’ল বিজ্ঞানীসকল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us