/asomiyapratidin/media/media_files/2025/11/19/jjjdd-2025-11-19-22-55-37.jpg)
ডিজিটেল ডেস্কঃ ইতিহাস সৃষ্টি কৰি বিহাৰ দখল কৰাৰ পাছত দশম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব নীতিশ কুমাৰ। ২০নৱেম্বৰৰ পুৱা ১১.৩০বজাত পাটনাৰ গান্ধী মৈদানত শপত ল'ব নীতিশ কুমাৰে। সংগী দলৰ বিজেপিৰ পৰা পুনৰ বিহাৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিলে সম্ৰাট চৌধুৰীক।
১৯নৱেম্বৰৰ পুৱাৰ ভাগতে অনুষ্ঠিত হোৱা বিজেপিৰ বিধায়িনী দলৰ বৈঠকত সম্ৰাট চৌধুৰীক বিধায়িনী দলপতি আৰু বিজয় সিনহাক উপ-দলপতিৰ দায়িত্ব অৰ্পন কৰা হয়। সকলোৱে ভাৱিছিল যে, বিহাৰত যদিহে নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হয়, তেন্তে বিজেপিৰ পৰা উপ মুখ্যমন্ত্ৰী হিচাপে পুনৰ সম্ৰাট চৌধুৰীক হয়তো দায়িত্ব প্ৰদান কৰা নহ'ব।
কিন্তু সকলোৰে চৰ্চাত চেচাঁ পানী ঢালি বিজেপিয়ে পুনৰ হাত থলে সম্ৰাট চৌধুৰীৰ কান্ধতে। ইয়াৰ আঁৰতো আছে বিজেপিৰ এক ৰণনীতি। বিহাৰত বিজেপিয়ে এইবাৰ অভূৰ্তপূব সহাঁৰি পোৱাৰ পাছত দলে পুনৰ সম্ৰাট চৌধুৰী, বিজয় সিনহাক দায়িত্ব প্ৰদান কৰি সকলোকে এক সংবাদ দিলে যে, কষ্ট কৰি যেতিয়া সাফল্য আহে দলে কেতিয়াও পুৰণি নেতাক অনাদৰ নকৰে।
দ্বিতীয়তে এইবাৰ বিৰোধীয়ে নীতিশ কুমাৰৰ বয়সক লৈ কটাক্ষ কৰিছিল। বিজেপিয়ে যদিহে সম্ৰাট চৌধুৰী আৰু বিজয় সিনহাৰ দৰে নেতাক এইবাৰ বঞ্চিত কৰাৰ পিছতেই বিৰোধীয়ে তেওঁলোকৰ বয়সক লৈ কৰা ৰাজনীতিয়ে অধিক মান্যতা পালেহেতেঁন। সেয়েহে সকলোবোৰ ভাৱি বিজেপিয়ে পুনৰ পুৰণি নেতাৰ কান্ধতে অৰ্পন কৰিলে দায়িত্ব।
আনহাতে বিহাৰৰ একাংশ সংবাদ মাধ্যমৰে কৰা আলোচনা অনুসৰি, বিহাৰত নীতিশ কুমাৰৰ পাছত বিজেপিয়ে সম্ৰাট চৌধুৰীৰ হাততেই অৰ্পন কৰিব পাৰে গুৰু দায়িত্ব। বিহাৰৰ দ্বিতীয় সৰ্ববৃহত কুছৱাহা জাতিক প্ৰতিনিধিত্ব কৰে সম্ৰাট চৌধুৰীয়ে। বিহাৰৰ ৰাজনীতিৰ সৈতে ৩৫বছৰ কাল ধৰি জড়িত হৈ আছে সম্ৰাট চৌধুৰী। নীতিশ, লালু সকলোৰে ৰাজনীতি দেখিছে সম্ৰাটে।
প্ৰথমবাৰ নীতিশ কুমাৰ চৰকাৰত উপ মুখ্যমন্ত্ৰী হওঁতে সম্ৰাট চৌধুৰী আছিল বিহাৰ বিজেপিৰ অধ্যক্ষ। সকলোৱে ভাৱিছিল যে, বিহাৰৰ উপ মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ দৰে দায়িত্ব পোৱাৰ পাছত কিছু কামত নীতিশ কুমাৰৰ সৈতে মতানৈক্য হ'ব সম্ৰাটৰ। কিন্তু বাস্তৱত সেয়া নহ'ল। এই সকলোবোৰ কাম বিজেপিৰ নেতৃত্বই চাই আছে গোপনে। হয়তো নীতিশ কুমাৰৰ পাছত বিহাৰত বিজেপিৰ মুখ্যমন্ত্ৰী হিচাপে সম্ৰাট চৌধুৰীকেই ভাৱিছে বিজেপিৰ হাইকামাণ্ডে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us